নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রধানমন্ত্রীৰ বিদেশ ভ্রমণ

প্রধানমন্ত্রী এগৰাকীয়ে বিদেশ ভ্রমণ কৰাটো দেশ এখনৰ বাবে অতিকে গুৰুত্বপূর্ণ বিষয়৷ বিদেশ ভ্রমণৰ লগত দেশখনৰ বৈদেশিক নীতিৰ লগতে আর্থিক, সামাজিক, ৰাজনৈতিক দৃষ্টিভংগীও জড়িত হৈ থাকে৷ মৈত্রী দেশ ভ্রমণ কৰাৰ লগতে বৈদেশিক নীতি সম্বন্ধীয় বিভিন্ন অনুষ্ঠানৰ কার্যসূচীত অংশগ্রহণৰ উদ্দেশ্যেৰেও প্রধানমন্ত্রী এগৰাকীয়ে বিদেশ ভ্রমণ কৰে৷ দুখন দেশৰ সম্পর্কক অধিক উন্নীত কৰাৰ লগতে সম্পর্কৰ ইতিহাস বর্তাই ৰখাৰ বাবেও প্রধানমন্ত্রী এগৰাকীয়ে বিদেশ ভ্রমণ কৰাটো জৰুৰী হৈ পৰে৷ ভ্রমণৰ সময়ছোৱাত দেশ দুখনৰ মাজত দ্বিপাক্ষিক সম্পর্ক উন্নীত হোৱাৰ লগতে বিভিন্ন চুক্তিত স্বাক্ষৰ কৰা হয়৷ ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে বিদেশ ভ্রমণ কৰাৰ সময়তো দেশখনৰ বৈদেশিক নীতিৰ লগতে অন্যান্য বিষয়সমূহ চর্চাৰ মাজলৈ আহে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে একেৰাহে দুবাৰ প্রধানমন্ত্রী পদত অধিষ্ঠিত হৈ ইতিমধ্যে ৯টা বছৰ সম্পূর্ণ কৰিলে৷ এই ৯টা বছৰত প্রধানমন্ত্রী মোদীয়ে বিশ্বৰ কেইবাখনো দেশ ভ্রমণ কৰিছে৷ তদুপৰি এনে কেইখনমান দেশ ভ্রমণ কৰিছে, যিকেইখন দেশ ভ্রমণ কৰা প্রথম ভাৰতীয় প্রধানমন্ত্রী হিচাপে চিহ্ণিত হৈছে৷ চলিত বর্ষৰ ১৩ জুলাইৰ পৰা ঐতিহাসিক ফ্রান্স ভ্রমণলৈ গৈছে৷ অলপতে প্রধানমন্ত্রী মোদীয়ে আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি জ’ বাইডেনৰ আমন্ত্রণমর্মে ঐতিহাসিক আমেৰিকা ভ্রমণৰ পিছত এইবাৰ ফ্রান্স ভ্রমণ কৰিছে৷ ফ্রান্স ভ্রমণ সামৰি ওভতনি যাত্রাত প্রধানমন্ত্রী মোদীয়ে ইউএই ভ্রমণ কৰিব৷ প্রধানমন্ত্রী মোদীৰ বিদেশ ভ্রমণ সদায়ে ব্যাপক চর্চাৰ বিষয় হৈ উঠে৷ এক কথাত বিশ্বৰ বৃহত্তম গণতান্ত্রিক ৰাষ্ট্র ভাৰতৰ প্রধানমন্ত্রীৰ বাবে বিদেশত মোদীৰ জনপ্রিয়তা অধিক বুলি ক’ব পাৰি৷ প্রবাসী ভাৰতীয়ৰ বিপুল উছাহ, আদৰণি প্রধানমন্ত্রী মোদীৰ ভ্রমণৰ সময়ত প্রতিফলিত হয়৷ ইয়ে বিশ্বজুৰি মোদীৰ ভ্রমণে চর্চাৰ বিষয় হৈ উঠে৷ ৯ বছৰত প্রধানমন্ত্রী মোদীয়ে ৬০খনতকৈও অধিক দেশ ভ্রমণ কৰিছে৷ তথ্য মতে ৯ বছৰত মোদীয়ে ১০০তকৈ অধিক বিদেশ ভ্রমণ কৰিছে৷ ফ্রান্স ভ্রমণৰ সময়তে প্রধানমন্ত্রী মোদীৰ বিদেশ ভ্রমণৰ বিষয়টো চর্চাৰ মাজলৈ আহিছে৷ ভাৰতৰ প্রধানমন্ত্রী হিচাপে মোদীয়ে বিশ্বৰ কেইবাখনো দেশ প্রথমবাৰৰ বাবে ভ্রমণ কৰিছে৷ অর্থাৎ এইকেইখন দেশ ভ্রমণ কৰা প্রথম ভাৰতীয় প্রধানমন্ত্রী হৈছে মোদী৷
প্রধানমন্ত্রী মোদীৰ প্রতিটো বিদেশ ভ্রমণ ইতিবাচক বুলি চর্চা হয় যদিও এতিয়ালৈকে কিমানখন দেশ ভ্রমণৰ পৰা ভাৰত লাভৱান্বিত হৈছে সেয়া আলোচনাৰ বিষয় হৈ আছে৷ আমেৰিকা যুক্তৰাষ্ট্র, অষ্ট্রেলিয়া, ইউএই, ইংলেণ্ড আদিকে ধৰি বিভিন্ন দেশ প্রধানমন্ত্রী মোদীয়ে ভ্রমণ কৰিছে৷ ২০১৪ চনত প্রথমবাৰৰ বাবে প্রধানমন্ত্রী পদত অধিষ্ঠিত হৈ প্রথমগৰাকী ভাৰতীয় প্রধানমন্ত্রী হিচাপে ২০১৮ চনৰ মে’ মাহত মোদীয়ে মংগোলিয়া ভ্রমণ কৰে৷ এই ভ্রমণৰ সময়ছোৱাত দুয়োখন দেশৰ মাজত কেইবাখনো চুক্তি সম্পন্ন হয়৷ ২০১৮ চনৰ ফেব্রুৱাৰী মাহত প্রথম ভাৰতীয় প্রধানমন্ত্রী হিচাপে মোদীয়ে ভ্রমণ কৰে পেলেষ্টাইন৷ এই ভ্রমণৰ সময়ত ৫০ নিযুত মার্কিন ডলাৰৰ ছয়খন চুক্তি স্বাক্ষৰিত হয়৷ ইয়াৰে ভিতৰত বেইট ছাহুৰত ৩০ নিযুত মার্কিন ডলাৰ ব্যয় সাপেক্ষ ছুপাৰ স্পেচিয়েলিটী হাস্পতাল এখনো আছে৷ পেলেষ্টাইনৰ সর্বোচ্চ অসামৰিক সন্মান ‘দ্য গ্রেন কলাৰ অৱ দ্য ষ্টেট অৱ পেলেষ্টাইনে’ৰে প্রধানমন্ত্রী মোদীক সন্মানিত কৰা হয়৷ ২০১৮ চনৰ জুলাইত প্রথম ভাৰতীয় প্রধানমন্ত্রী হিচাপে ৰুৱাণ্ডা ভ্রমণ কৰে৷ এই ভ্রমণ হৈছে পূব আফ্রিকান দেশ ভ্রমণ কৰা প্রথম ভাৰতীয় প্রধানমন্ত্রী৷ ২০১৭ চনত প্রথম ভাৰতীয় প্রধানমন্ত্রী হিচাপে মোদীয়ে ইজৰাইল ভ্রমণ কৰে৷ ইজৰাইল ভ্রমণৰ সময়ত ৭খন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়৷ পৰৱর্তী বর্ষ ২০১৯ চনৰ আগষ্টত প্রধানমন্ত্রী মোদীয়ে প্রথম ভাৰতীয় প্রধানমন্ত্রী হিচাপে কিংডম অৱ বাহৰেইন ভ্রমণ কৰে৷ ইপিনে চলিত বর্ষৰ মে’ মাহত বিশ্বৰ তৃতীয় বৃহত্তম দ্বীপৰাষ্ট্র পাপুৱা নিউগিনিয়া ভ্রমণ কৰে মোদীয়ে৷ এই দ্বীপৰাষ্ট্র ভ্রমণ কৰা প্রথম ভাৰতীয় প্রধানমন্ত্রী হিচাপে স্বীকৃতি পায় প্রধানমন্ত্রী মোদীয়ে৷ উল্লিখিত দেশকেইখন ভ্রমণ কৰা প্রথম ভাৰতীয় প্রধানমন্ত্রী মোদীয়ে কেইবাখনো দেশ দীর্ঘদিনৰ মূৰত ভ্রমণ কৰা ভাৰতীয় প্রধানমন্ত্রী৷ ৩৩ বছৰৰ মূৰকত ভাৰতৰ প্রধানমন্ত্রীৰ ৰূপত নৰেন্দ্র মোদীয়ে ২০১৪ চনৰ নৱেম্বৰত ফিজি ভ্রমণ কৰে৷ ১৯৮১ চনত প্রধানমন্ত্রী ইন্দিৰা গান্ধীয়ে ফিজি ভ্রমণ কৰিছিল৷ এই ভ্রমণৰ সময়ত প্রধানমন্ত্রী মোদীয়ে ‘ভাৰত প্রশান্ত মহাসাগৰীয় দ্বীপ সহযোগিতা ফ’ৰাম’ বৈঠকত অংশগ্রহণ কৰে৷ ভ্রমণৰ সময়ছোৱাতে ফিজিৰ সর্বোচ্চ অসামৰিক সন্মান ‘দ্য কম্পেনিয়ন অৱ দ্য অর্ডাৰ অৱ ফিজি’ৰে সন্মানিত কৰা হয় মোদীক৷ ২০১৫ চনৰ মার্চত চিচিলি ভ্রমণ কৰে মোদীয়ে৷ ইন্দিৰা গান্ধীৰ পিছত ৩৩ বছৰৰ মূৰকত চিচিলি ভ্রমণ কৰে ভাৰতীয় প্রধানমন্ত্রীগৰাকীয়্৷ ২০১৬ চনত প্রধানমন্ত্রী মোদীয়ে মোজাম্বিক ভ্রমণ কৰে৷ এই ভ্রমণ ১৯৮২ চনৰ পিছত ভাৰতীয় প্রধানমন্ত্রীৰ ভ্রমণ হিচাপে চিহ্ণিত হয়৷ ২০১৮ চনৰ এপ্রিলত ছুইডেন, ২০১৫ চনৰ আগষ্টত ইউএই ভ্রমণ কৰে মোদীয়ে৷ ৬০ বছৰৰ মূৰকত এগৰাকী ভাৰতীয় প্রধানমন্ত্রী হিচাপে ২০১৫ চনত আয়াৰলেণ্ড ভ্রমণ কৰে মোদীয়ে৷ তেনেদৰে তুর্কমেনিস্তান, জর্ডানো ভ্রমণ কৰে মোদীয়ে৷ বিগত ৯ বছৰত ৬০খনতকৈও অধিক দেশ ভ্রমণ কৰা প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ এই ভ্রমণে দেশলৈ কিমান ইতিবাচক দিশ কঢ়িয়াই আনিছে সেয়া অনাগত সময়ত পৰিস্ফুট হ’ব৷ বৈদেশিক নীতিকে ধৰি বিভিন্ন গুৰুত্বপূর্ণ বিষয়ক লৈ প্রধানমন্ত্রী মোদীৰ বিদেশ ভ্রমণ চর্চাৰ বিষয় হৈ থাকিব৷

You might also like