নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজনীতিত গায়ক–অভিনেতা আদি

নির্বাচন একোটাৰ সময়ত বা তাৰ আগে আগে বহু গায়ক–গায়িকা, অভিনেতা আদিয়ে একোটা ৰাজনৈতিক দলত যোগদান কৰে৷ এই কথাটোকে বহুতে এনেদৰে উপস্থাপন কৰে যে কলা–সংস্কৃতি আদিৰ লগত জডিত লোকসকল ৰাজনীতিৰ পৰা দূৰত থাকিব লাগে৷ ৰাজনীতিত যোগ দিয়া কলাকুশলীসকলে কিবা সুবিধা লাভৰ আশাৰেহে ৰাজনীতিত যোগ দিয়া বুলি প্রচাৰ কৰাৰ প্রৱণতা এটা চলি আহিছে৷ ৰাজনীতি কৰিব খোজা বা জডিত হ’ব খোজা মানুহখিনিক একধৰণৰ অসন্মানেৰে সমাজৰ পৰা অলপ আঁতৰত ৰখাৰ প্রৱণতা এটা স্বাধীনতাৰ সময়ৰ পৰাই চলি আহিছিল৷ ‘দুষ্টজনৰ শেষ আশ্রয় ৰাজনীতি’–ধৰণৰ বাক্যৰ প্রচলনেও সেই কথাকে মান্যতা দি আহিছিল৷ স্বাধীনতাৰ পূর্বে কংগ্রেছৰ লগ হোৱাটো এটা সন্মানৰ কথা আছিল, মানুহে বিশ্বাস কৰিছিল– কংগ্রেছ মানেই দেশৰ কাম কৰা দল এটি৷ কিন্তু স্বাধীনতাৰ পিছত সেই ধাৰণা সলনি হ’ল৷ ৰাজনীতি কৰা মানেই বেয়া, কেৱল কমিউনিষ্টৰ ৰাজনীতি কৰিলেহে ভাল, তেনে ধাৰণা এটা মানুহৰ মাজত খুব কৌশলেৰে সুমুৱাই দিয়া হৈছিল৷ শাসকীয় ৰাজনৈতিক দলটো বেয়া আৰু বিৰোধীবোৰ ভাল– এই ধাৰণা এটা কেনেদৰে প্রচাৰ কৰা হৈছিল, সেই কথাৰ গৱেষণা হোৱাৰ প্রয়োজন আছে৷ ভাৰতৰ কোটি কোটি মানুহৰ আত্মনিবেদিত সংগ্রামৰ পৰিণতিত অহা স্বাধীনতাক মিছা বুলি ঘোষণা কৰা কমিউনিষ্ট দলটো বা সেই কথা কোৱা মানুহজন প্রশংসিত হ’ল অথবা কৌশলেৰে সেই মানুহজনক বিভিন্ন প্রসংগৰ প্রশংসাৰে বুৰাই ভাৰতবিৰোধী কথাটোক একপ্রকাৰ মান্যতা দিয়া হ’ল৷ এইবোৰ কাম কিমান পৰিকল্পনা আৰু দূৰদৃষ্টিৰে কৰা হয়, সেই কথাটো অধ্যয়নৰ বিষয়৷ যিটো দলে ভাৰতৰ স্বাধীনতাৰ বাবে অশেষ কষ্ট কৰিলে, সেই দলটোত যোগ দিয়াটোক ভাল চকুৰে নোচোৱা পৰিৱেশৰ সৃষ্টি হ’ল আৰু স্বাধীনতাবিৰোধী দলটো হ’লগৈ প্রগতিশীল দল৷ এই বাক্ধাৰা কেনেদৰে নির্মাণ কৰা হয়, সেই কথা ভাৰতৰ বেছিভাগ ৰাজনৈতিক দলেই শিকিবলৈ ইচ্ছা নকৰিলে৷ ফলত ৰাইজৰ মাজত এটা কথাকে প্রতিষ্ঠা কৰা হ’ল যে কমিউনিষ্টৰ প্রচাৰক কলাকুশলী–সাহিত্যিক দেশৰ বাবে অতি জৰুৰী সম্পদ৷ স্বাধীনতাৰ আগতেই বামপন্থী দলবোৰে বুজি পাইছিল যে তেওঁলোকৰ আদর্শ প্রচাৰৰ বাবে গান–বাজনা কৰা, গল্প–কবিতা লিখা আদি মানুহৰ এটা পৃথক গোটৰ প্রয়োজন আছে আৰু তেনেদৰেই গঠন কৰা হৈছিল গণনাট্য সংঘ আৰু প্রগ্রেছিভ ৰাইটার্ছ এছ’চিয়েচন আৰু দুয়োটা সংগঠনৰ ভাবমূর্তি নির্মাণৰ বাবে বিশেষ কৌশল অৱলম্বন কৰা হৈছিল৷
ভূপেন হাজৰিকাক বিজেপিয়ে লোকসভাৰ প্রার্থী হিচাপে আগবঢ়াই দিয়াৰ পিছত বিৰোধী দলবোৰে তেওঁৰ বিৰোধিতা কৰাটো অতি স্বাভাৱিক কথা৷ কিন্তু গান–বাজনা কৰা আৰু দেখাত ৰাজনীতিৰ পৰা দূৰত থকা লোক কিছুমানে তেওঁৰ বিৰোধিতা কৰাৰ কাৰণ কি আছিল, তাক অলপ ভাবিলেই বুজি পোৱা যায়৷ দেখা যায়, এই বিৰোধীসকলৰ অধিকাংশই কমিউনিষ্টৰ প্রচাৰক৷ যোৱা লোকসভা নির্বাচনৰ ঠিক আগে আগে বিজেপি চৰকাৰৰ বিৰুদ্ধে জনমত সৃষ্টি কৰিব বিচৰা দুকুৰি দেখাত অৰাজনৈতিক মানুহৰ অধিকাংশই কমিউনিজমৰ দীর্ঘদিনীয়া প্রচাৰক, কেৱল তেওঁলোকৰ গাত আছিল সাহিত্য–সংস্কৃতিৰ নামাৱলী৷ গান–বাজনা কৰা বা সাহিত্য কৰা বা স্কুল–কলেজৰ শিক্ষকসকলৰ প্রতি সাধাৰণ ৰাইজৰ এটি সুকীয়া মৰম থাকে আৰু সেই মৰমৰ সুবিধাৰে ৰাজনৈতিক দলে নিজৰ প্রচাৰ কৰি থাকিব পাৰে৷ এই কথাটো কমিউনিষ্ট দলবোৰে যিমান ভালদৰে বুজি পায়, তাক ব্যৱহাৰ কৰিছিল, কংগ্রেছ বা বিজেপিয়ে তেনে দূৰদৃষ্টিসম্পন্ন কাম কৰিব পৰা নাই৷ চৰকাৰ চলোৱা দল এটাত গায়ক–লেখকে যোগ দিলে, তেওঁলোক পোনে পোনে ৰাজনৈতিক দলৰ সদস্য হৈ পৰে আৰু ইমানদিনে এইবোৰ কামৰ মাজেৰে উপার্জন কৰা জনপ্রিয়তা বা পৰিচয় ৰাজনৈতিক দলটোৱে নিজৰ আদর্শ প্রচাৰৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰে৷ নির্বাচনী সভাত বক্তৃতা দি প্রচাৰ চলোৱা আৰু ৰাজনৈতিক দলৰ আদর্শ গভীৰভাৱে প্রচাৰ কৰাৰ যি পার্থক্য, তাক বিজেপি বা কংগ্রেছে এতিয়াও শিকা নাই৷ সাধাৰণ ৰাইজে কলাকুশলীসকলক ওচৰৰ পৰা চাবলৈ ভাল পায় বাবে নির্বাচনৰ সময়ত ৰাজনৈতিক দলে চিনাকি অভিনেত্রীক দিনহাজিৰা হিচাপতো সমদলত খোজ কঢ়াই ফুৰায়, দলৰ কলাকুশলী সদস্যসকলেও নির্বাচনী প্রচাৰত অংশগ্রহণ কৰি প্রচাৰ ৰঙীন কৰি তোলে৷ কিন্তু ৰাজনৈতিক দলৰ এই প্রচাৰকসকলক ৰাজনৈতিক আদর্শ প্রচাৰৰ বাবে ব্যৱহাৰ কৰাৰ দিন এতিয়াও উকলি যোৱা নাই৷ কমিউনিষ্ট দলত যিদৰে সেই ধৰণৰ প্রচাৰকসকল সক্রিয় ৰাজনীতিৰ পৰা সাধাৰণতে দূৰত থাকি তাৰ পৰাই দলটিৰ কাম কৰি থাকে আৰু সেই কথাই ভোটাৰ ৰাইজক কিমান প্রভাৱিত কৰে, সেয়া আলোচনাৰ বিষয়৷ কমিউনিষ্ট দলৰ লগত সম্বন্ধ ৰখা গায়ক–গায়িকাক ‘গণশিল্পী’ হিচাপে দিয়া আখ্যা কেনেদৰে সমাজৰ সকলো শ্রেণীৰ মানুহে সহজে গ্রহণ কৰি লয়, সেই কথালৈ চালেই কথাবোৰৰ গুৰুত্ব বুজি পোৱা যায়৷ কথাবোৰ গহীন আৰু গভীৰভাৱে বুজি নাচালে কলাকুশলীসকল সামগ্রিক ৰাজনীতিৰ অংগ হোৱাৰ পৰিৱর্তে নির্বাচনী প্রচাৰৰ আহিলা হিচাপেহে ৰৈ যাব৷

You might also like