খাদ্যৰ নামত বার্ষিক দহ হাজাৰ কোটি পশু হত্যা
বিশ্বজুৰি আমিষভোজী তথা মাংস ভক্ষণকাৰী লোকৰ সংখ্যা অধিক নে নিৰামিষভোজী তথা মাংস ভোজন নকৰা লোকৰ সংখ্যা অধিক, সেয়া এক চর্চিত বিষয়৷ মাংস ভোজন কৰা লোকৰ সংখ্যা অধিক নে কম, সেই কথা পৰিসংখ্যাৰ জোখাৰে এতিয়াও নিশ্চিত হোৱা নাই৷ তথাপি মাংস ভোজনৰ বিষয়টো বিশ্বজুৰি আকর্ষণীয় হিচাপে চর্চিত হৈ আছে৷ এজন লোকে বছৰত কিমান পশু হত্যা কৰি মাংস ভোজন কৰে, তাৰো এক চর্চা চলি আছে৷ অর্থনৈতিক বিশেষজ্ঞৰ মতে বিশ্বজুৰি বার্ষিক মাংসৰ নামত ১০০ বিলিয়ন তথা ১০ হাজাৰ কোটি পশু তথা প্রাণী হত্যা কৰা হয়৷ ই এক উদ্বেগজনক তথ্য৷ কিয়নো, প্রাকৃতিকভাৱে লালন–পালন হোৱা পশু তথা প্রাণীৰ বিপৰীতে ফার্মত খাদ্যৰ বাবে উৎপাদন কৰা প্রাণী তথা পশুৰ ক্ষেত্রত বৃহৎ পৰিমাণৰ অত্যাৱশ্যকীয় সামগ্রী ব্যয় হয়৷ ফার্মত খাদ্যৰ নামত উৎপাদন কৰা পশুৰ বাবে বৃহৎ পৰিমাণৰ পানী, বিদ্যুৎ, খাদ্য আদি ব্যয় হয়৷ এইবোৰৰ দ্বাৰা উৎপাদিত পশু খাদ্যৰ বাবে পৰিৱেশ–পাৰিপার্শ্বিকতাৰ ওপৰতো প্রভাৱ পৰা দেখা যায়৷ বিতর্কিত হ’লেও খাদ্যৰ বাবে পশু–প্রাণী উৎপাদনৰ ক্ষেত্রত বিদ্যুতকে ধৰি বিভিন্ন সামগ্রী ব্যৱহূত হোৱাৰ ফলত সেউজগৃহ গেছ বিশেষকৈ কার্বন ডাই অক্সাইড নির্গমন হোৱাটো জ্ঞাত৷ বায়ুমণ্ডলত কার্বন ডাই অক্সাইডৰ মাত্রা বৃদ্ধি পালেই গোলকীয় উষ্ণতা বৃদ্ধিত অৰিহণা যোগায় আৰু ইয়ে জলবায়ু পৰিৱর্তনৰ কাৰক হৈ পৰে৷ সম্প্রতি মানৱ জাতিৰ বাবে প্রত্যাহ্বান হৈ পৰা অন্যতম ভয়াৱহ সমস্যা হৈছে গোলকীয় উষ্ণতা আৰু জলবায়ু পৰিৱর্তন৷ গতিকে খাদ্যৰ নামত বৃহৎ পৰিমাণৰ পশু হত্যা কৰাটো মানৱ জাতিৰ বাবে পৰোক্ষভাৱে নেতিবাচক দিশ৷ কিয়নো, ফার্মত খাদ্যৰ বাবে পশু উৎপাদন কৰা প্রক্রিয়াটো জলবায়ু পৰিৱর্তনৰ কাৰক হৈ পৰিছে৷
পৰিসংখ্যা মতে খাদ্যৰ নামত বিশ্বজুৰি ১০ হাজাৰ কোটি প্রাণী হত্যা কৰা হয়৷ ইয়াৰে ভিতৰত সর্বাধিক ১৯০০ কোটি মুর্গী খাদ্য হিচাপে ব্যৱহাৰ কৰা হয়৷ এই মুর্গী ফার্মত উৎপাদন কৰোঁতে বৃহৎ পৰিমাণৰ পানী, বিদ্যুৎ আৰু খাদ্যৰ ব্যৱহাৰ হয়৷ দ্বিতীয় স্থানত আছে গৰু৷ বিশ্বজুৰি খাদ্যৰ নামত ডেৰশ কোটি গৰু নিধন কৰা হয়৷ তেনেদৰে ১০০ কোটি ভেৰা, ১০০ কোটি গাহৰি খাদ্যৰ নামত বছৰি মানুহে নিধন কৰি আহিছে৷ এই সংখ্যা আৰু অধিক হোৱাটো নিশ্চিত৷ কিয়নো, বিভিন্ন তথ্যৰ আধাৰত এই সংখ্যা নির্ধাৰণ কৰা হৈছে যদিও কিছু কিছু ক্ষেত্রত তথ্য সংগ্রহত প্রতিবন্ধকতাও আছে৷ এনে কাৰণত বিশ্বজুৰি খাদ্যৰ নামত হত্যা কৰা পশু কিম্বা প্রাণীৰ সংখ্যা বৃদ্ধি পাবই৷ লক্ষণীয় যে বিশ্বজুৰি খাদ্যৰ নামত নিধন কৰা পশুৰ তালিকাত মুর্গী আছে৷ প্রতিদিনে বৃহৎ পৰিমাণৰ মুর্গী তথা ২০৫ নিযুত মুর্গী খাদ্যৰ নামত নিধন কৰা হয়৷ তথ্য মতে প্রতি মিনিটত প্রায় ডেৰ লাখ মুর্গী খাদ্যৰ নামত নিধন কৰি থকা হৈছে৷ মানুহে প্রতিদিনে খাদ্যৰ নামত হত্যা কৰা পশুৰ সংখ্যা অবিশ্বাস্য যদিও ই সত্য৷ আশ্চর্যকৰ যে বার্ষিক ২০০ কোটি অক্টোপাছ আৰু ১০০ নিযুত ছার্ক খাদ্যৰ নামত নিধন হৈ আছে৷ প্রতি বছৰে ২৯০ কোটি হাঁহ আৰু ২১০ কোটি ৰাজহাঁহো খাদ্যৰ তালিকাত আছে৷ অর্থাৎ উক্ত পৰিমাণৰ হাঁহ আৰু ৰাজহাঁহ নিধন কৰা হয়৷ মন কৰিবলগীয়া যে সাগৰীয় প্রাণী আৰু বন্যপ্রাণীৰ খাদ্যৰ নামত সর্বাধিক নিধন কৰা হয় চীনত৷ চীনত বিশ্বৰ ভিতৰত সর্বাধিক মাংস ভোজনকাৰী লোক আছে৷ ইয়াৰ পৰিণতিতে সাগৰীয় জীৱ–জন্তুকে ধৰি বনৰীয়া প্রাণীৰো খাদ্য হিচাপে চীনত চাহিদা বেছি৷ এই খাদ্যই চীনৰ বাণিজ্যৰ ক্ষেত্রত প্রভুত্ব বিস্তাৰ কৰি আহিছে৷ বিশ্ব অর্থনৈতিক ফ’ৰামে প্রকাশ কৰা মতে মাংসৰ বাণিজ্যৰ ক্ষেত্রত চীন শীর্ষত আছে৷ ইয়াৰ পিছতে ইউৰোপ আৰু উত্তৰ আমেৰিকা৷ উল্লিখিত দেশসমূহত সর্বাধিক মাংসহাৰী লোক আছে৷ পৰিণতিত এই দেশসমূহত সর্বাধিক পশু খাদ্যৰ নামত ব্যৱহাৰ কৰা হয়৷ চীনৰ জনসংখ্যা ভাৰতে অতিক্রম কৰিলেও তুলনামূলকভাৱে ভাৰতত মাংস ভক্ষণৰ পৰিমাণ কম৷ বিশ্বৰ মাংসৰ বজাৰখনত ভাৰতৰ স্থান চীনৰ তুলনাত নিম্নগামী৷ সবাতোকৈ গুৰুত্বপূর্ণ যে বিগত ৫০ বছৰৰ পৰিসংখ্যা মতে সর্বাধিক জনপ্রিয় মাংসৰ তালিকাত ৰঙা মাংস, গো–মাংস আছে৷ এই মাংস ২২ শতাংশ চলে৷ মাংসৰ নামত বৃহৎ পৰিমাণৰ পশু হত্যা কৰা বিষয়টো বিবেচনা কৰা উচিত৷