নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শুকাই যাব আমাজন নদী

আমাজ’ন বর্ষা অৰণ্যৰ পাছত এইবাৰ সংকটত পৰিছে আমাজ’ন নদী৷ বিশ্বৰ দীর্ঘতম আমাজ’ন নদীত অভাৱনীয়ভাৱে জলপৃষ্ঠ হ্রাস পাইছে৷ আশংকা হৈছে, ভৱিষ্যতে শুকাই যাব পাৰে লেটিন আমেৰিকাৰ অন্যতম জলভাণ্ডাৰ এই আমাজন৷ আমাজন বর্ষা অৰণ্যত অবাধ ধ্বংসযজ্ঞৰ ফলত অভাৱনীয় হাৰত হ্রাস পাইছে বৰষুণ৷ ইফালে, চলিত বর্ষত প্রশান্ত মহাসাগৰত পেৰুৰ পৰা আৰম্ভ হোৱা উষ্ণ বায়ুৰ স্রোত এল নিন’ৰ প্রভাৱত বিভিন্ন দেশত প্রয়োজনীয় হাৰতকৈ কম বৃষ্টিপাত হৈছে৷ গতিকে বিভিন্ন দেশত সৃষ্টি হৈছে খৰাং৷ এই খৰাঙৰ কবলত পৰিছে আমাজন অৱবাহিকাৰ বিশাল জনপদবোৰ৷ শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত প্রকাশ পোৱা দুখন ছবিয়ে আমাজনৰ জলস্তৰ হ্রাস পোৱাৰ বিষয়টো স্পষ্ট কৰি দিছে৷ এই ছবি দুখনে জুলাই আৰু অক্টোবৰত আমাজনৰ জলস্তৰৰ তাৰতম্য স্পষ্ট ৰূপত দেখুৱাই দিছে৷ গতিকে নদীৰ গতিপথ শুকাই অহা বুলি ধাৰণা কৰিছে বিজ্ঞানীসকলে৷ শেহতীয়াকৈ মার্কিন পত্রিকা ‘নিউজ উইক’ৰ এক প্রতিবেদনত প্রকাশ কৰা হৈছে যে আমাজনৰ আটাইতকৈ ডাঙৰ উপনদী ৰিঅ’ নিগ্রোৰ জলস্তৰ ক্রমান্বয়ে হ্রাস পাই আহিছে৷ এই নদীখনৰ জলস্তৰ প্রতিদিনে ২০ চেণ্টিমিটাৰকৈ হ্রাস পোৱা বুলি দাবী কৰা হৈছে পত্রিকাখনৰ প্রতিবেদনত৷ কিন্তু কিয় এই জলস্তৰ হ্রাস পাইছে? কি কাৰণত অতিবৃষ্টি হোৱা আমাজন বর্ষা অৰণ্যৰ সমীপৱর্তী অঞ্চলসমূহত খৰাঙে দেখা দিছে? সংবাদ সংস্থা ‘ৰয়টার্ছ’ৰ প্রতিবেদন অনুসৰি উত্তৰ আমাজনত যি পৰিমাণত বৰষুণ হয়, চলিত বর্ষত তাতকৈ যথেষ্ট কম বৰষুণ হোৱা পৰিলক্ষিত হৈছে৷ অভাৱনীয়ভাৱে হ্রাস পাইছে বর্ষটোত বৃষ্টিপাত৷ গতিকে খৰাঙৰ কবলত পৰিছে আমাজনক স্পর্শ কৰি থকা কেইবাখনো দেশৰ বিস্তীর্ণ অঞ্চল৷ আমাজন ৱর্কিং গ্রুপ নামৰ এক সংস্থাই দাবী কৰা অনুসৰি ইতিমধ্যে বিশাল নদীখনৰ তীৰৱর্তী ঘন জনবসতিপূর্ণ অঞ্চলসমূহত খৰাঙে তাণ্ডৱ সৃষ্টি কৰিছে৷ এই গ্রুপটোৱে দাবী কৰা অনুসৰি ৬২টা বিশাল বসতি অঞ্চলৰ ৫৯টাত সৃষ্টি হৈছে ভয়াৱহ খৰাং৷ ইয়াৰ ভিতৰত ১৫টা বসতি অঞ্চলৰ অৱস্থা অতি সংকটজনক৷ ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা ছবি দুখনক লৈ বিশ্লেষণো চলাইছে বিজ্ঞানীসকলে৷ জুলাইত ফেনে–ফোটোকাৰে ওফন্দি থকা আমাজনৰ বক্ষত অক্টোবৰ মাহত সৃষ্টি হৈছে বালিচৰ৷ অর্থাৎ অভাৱনীয়ভাৱে জলস্তৰ হ্রাস পোৱাৰ ফলত এনেদৰে আমাজনৰ বুকুত দেখিবলৈ পোৱা গৈছে বলুকাৰাশি৷
বিগত চাৰি বছৰ ধৰি আমাজন বর্ষা অৰণ্যত অভাৱনীয়ভাৱে ধ্বংসযজ্ঞ চলিছিল৷ আনকি ৰহস্যজনক বনজুইত জাহ গৈছিল আমাজনৰ বিস্তীর্ণ অঞ্চল৷ লাখ লাখ বিৰল প্রজাতিৰ পক্ষী আৰু পশুৰ মৃত্যু হৈছিল এই বনজুইত৷ এই বনজুইৰ পিছতে ব্রাজিলৰ প্রাক্তন ৰাষ্ট্রপতি জাইৰ’ বলছ’নাৰোৰ বিৰুদ্ধে বিভিন্ন দেশে চাঞ্চল্যকৰ অভিযোগ আনিছে৷ এই অভিযোগ অনুসৰি বলছ’নাৰোৱে আমেৰিকা তথা পাশ্চাত্যৰ কর্প’ৰেট গোষ্ঠীক আমাজনৰ ভূমি গতোৱাৰ বাবেই এই বনজুইৰ সৃষ্টি কৰিছিল৷ বলছ’নাৰোৰ পাছত ব্রাজিলত লুইজ ইনাচি’ লুলা ডা ছিলভা ৰাষ্ট্রপতি হিচাপে নির্বাচিত হোৱাৰ লগে লগে আমাজন বর্ষা অৰণ্যক ৰক্ষাৰ বাবে বিশেষ তৎপৰতা গ্রহণ কৰা হয়৷ আমাজন অৱবাহিকাৰ কেইবাখনো ৰাষ্ট্রই মিলিত হৈ প্রথমবাৰৰ বাবে বর্ষা অৰণ্য ৰক্ষাৰ সংকল্প গ্রহণ কৰে এক সন্মিলনত৷ কিন্তু তাৎক্ষণিকভাৱে বর্ষা অৰণ্য ৰক্ষাৰ বাবে কি ব্যৱস্থা গ্রহণ কৰা হ’ব, সেই সন্দর্ভত কোনোধৰণৰ নীতি নির্ধাৰণ কৰা হোৱা নাই এই সন্মিলনত৷ এই সন্মিলনতেই আমাজন নদীৰ তীৰৱর্তী বিশাল জনপদসমূহ ভয়াৱহ খৰাং পৰিস্থিতিৰ সন্মুখীন হ’ব বুলি আশংকা কৰা হৈছিল৷ ব্রাজিল চৰকাৰৰ তৰফৰ পৰা যোৱা সপ্তাহতো এই ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ’বলৈ জনসাধাৰণক আহ্বান জনোৱা হৈছিল৷ এতিয়া প্রশ্ণ হৈছে, পৃথিৱীৰ অক্সিজেনৰ ভাণ্ডাৰ হিচাপে চিহ্ণিত আমাজন বর্ষা অৰণ্য আৰু লেটিন আমেৰিকাৰ কেইবাখনো দেশৰ জলভাণ্ডাৰ হিচাপে চিহ্ণিত বিশাল নদী আমাজনক ৰক্ষাৰ বাবে কেনে ব্যৱস্থা গ্রহণ কৰিব ইয়াৰ অৱবাহিকাত থকা দেশসমূহে৷ কাৰণ অভাৱনীয় তাপ দহন, জলবায়ু পৰিৱর্তন আদিয়ে পৃথিৱীৰ বিভিন্ন প্রান্তত ইতিমধ্যে প্রতিকূল প্রভাৱ পেলাইছে৷ লেটিন আমেৰিকাৰ দেশসমূহে ইয়াৰ পৰা মুক্ত থাকিব পাৰিব আমাজন বর্ষা অৰণ্যক সংৰক্ষিত ৰাখিলেহে৷ গতিকে আমাজন নদী তথা বর্ষা অৰণ্যক ৰক্ষা কৰাৰ এক গধুৰ দায়িত্ব আহি পৰিছে এই দেশসমূহৰ ওপৰত৷

You might also like