অনলাইন শিক্ষাৰ সংকট আৰু ভৱিষ্যৎ
অনলাইন শিক্ষা ল’বলৈ ছাত্রই গছৰ ওপৰত উঠিছে অথবা পাহাৰ বগাইছে– এই মন্তব্য কৰি ওড়িশাৰ শিক্ষামন্ত্রীগৰাকী বাতৰিৰ শিৰোনামলৈ আহিছিল৷ ক’ভিড মহামাৰীয়ে সমগ্র পৃথিৱীতে পেলোৱা পৰিৱর্তনৰ অংশ হিচাপে শিক্ষা ব্যৱস্থাতো যি অনলাইন ব্যৱস্থাৰ প্রৱর্তন কৰা হৈছিল, তাৰ এটা উদাহৰণ দিবলৈ যাওঁতে নেটৱর্কৰ অভাৱৰ কথা প্রসংগত মন্ত্রীগৰাকীয়ে দিয়া উদাহৰণটোৱে সামগ্রিকভাৱে সম্পূর্ণ ব্যৱস্থাটিকে প্রতীকৰ মাজেৰে প্রকাশ কৰাৰ দৰে হৈছে৷ ম’বাইল ফোনৰ যোগেৰে শিক্ষাদান ব্যৱস্থাটো হঠাতে আহি পৰা এটা ব্যৱস্থা আছিল৷ আৰু এই ব্যৱস্থাৰ বাবে শিক্ষক–ছাত্র কোনো প্রস্তুত নাছিল৷ এতিয়া হাতে হাতে ম’বাইল ফোন থকা বুলি কোৱা হ’লেও আচলতে সকলো ছাত্রৰ হাততেই স্মার্টফোন আৰু পর্যাপ্ত ডাটাৰ সুবিধা থকাটো অসম্ভৱ আছিল৷ কিন্তু শিক্ষাদান ব্যৱস্থাটো সম্পূর্ণ স্থবিৰ হৈ যোৱা সময়ত তাৰ বিকল্প সুবিধাও লগে লগে প্রস্তুত কৰি উলিওৱাটো সম্ভৱ নাছিল৷ এটি সংবাদ প্রতিষ্ঠানে সর্বভাৰতীয় পর্যায়ত চলোৱা এটি সমীক্ষা মতে ভাৰতৰ পঁয়সত্তৰ শতাংশ হাইস্কুলীয়া ছাত্রৰে হাতত স্মার্টফোন নাই, থকাসকলৰ দহ শতাংশৰো অতিৰিক্তি ডাটা পেক লোৱাৰ সামর্থ্য নাই৷ একেটা সমীক্ষা মতে অনলাইন ব্যৱস্থাৰ পৰা সুবিধা ল’ব পাৰিছে অকল ধনী শ্রেণীৰ পৰিয়ালৰ ছাত্র–ছাত্রীখিনিয়েহে৷ এতিয়া পৰিৱেশ অলপ সলনি হৈছে, শ্রেণীকোঠাত পাঠদানৰ কাম আৰম্ভ হৈছে যদিও পূর্বৰ অৱস্থা কেতিয়া উভতি আহিব, সেই কথাত কোনো ধৰণৰ নিশ্চিতি কোনো পক্ষই দিব পৰা নাই৷ এটা অনিশ্চিত ভৱিষ্যতৰ বাবে কোন পথেৰে আগবাঢ়িব লাগিব, সেই পৰিকল্পনাও ভালেখিনি অনুমানভিত্তিক৷ কিন্তু জীৱনকতো স্থবিৰ হৈ থাকিবলৈ দিব নোৱাৰি৷ বিগত মাহকেইটাৰ শিক্ষাদানহীন সময়খিনিৰ বাবে পৰীক্ষাৰ পাঠ্যক্রম কিছু হ্রাস কৰি দিয়া হৈছে৷ এইটো এটা তেনেই সাময়িক ব্যৱস্থা৷ ক’ভিড পৰিৱেশ সুস্থিৰ নোহোৱালৈকে এনেদৰেই বিভিন্ন ধৰণৰ কৌশল অৱলম্বন কৰাৰ বিকল্প নাথাকিব৷ ভেকচিনৰ আৱিষ্কাৰ কেতিয়া হ’ব, সেই কথাও এতিয়া কোনেও ক’ব পৰা নাই৷ হয়তো ভেকচিন ওলোৱাৰ লগে লগেই মানুহ পূর্বৰ অৱস্থালৈ উভতি যোৱাৰ কথা চিন্তা কৰিব৷ কিন্তু বাস্তৱত সেইটো সম্ভৱ নহ’ব৷ ‘নিউ নর্মেল’ত অভ্যস্ত হোৱা মানুহে পুৰণিলৈ উভতি যোৱাৰ কথা ভাবিলেও নতুন অভ্যাসবোৰে টানি ৰখাটো স্বাভাৱিক৷
নতুন শিক্ষা নীতিয়ে ডিজিটেল মাধ্যমৰ প্রতি মনযোগী হোৱাৰ যি কথা কৈছিল, তাৰ লগত ক’ভিডৰ সম্বন্ধ নাছিল, আছিল প্রযুক্তিগত অগ্রগতিক শিক্ষাদানৰ কামত ব্যৱহাৰ কৰা৷ ক’ভিডে সেই কামটোক উপযুক্ত পৰিকল্পনা অবিহনেই শিক্ষা ব্যৱস্থাৰ মাজলৈ লৈ আহিল৷ ক’ভিড–উত্তৰ পৰিস্থিতিতো অনলাইন অথবা ডিজিটেল পদ্ধতিৰ শিক্ষাদানৰ ব্যৱস্থা কিছু হ’লেও ৰৈ যাবই৷ ইতিমধ্যে উচ্চ শিক্ষাৰ বহু প্রতিষ্ঠানে মুদ্রিত পাঠ্যপুথিৰ পৰিৱর্তে ইণ্টাৰনেটভিত্তিক পাঠৰ ব্যৱহাৰ কৰিছেই৷ ভাৰতৰ শিক্ষাৰ লগত জডিত ভালেকেইটি চৰকাৰী আৰু বেচৰকাৰী প্রতিষ্ঠানে পাঠ্যপুথিৰ সামগ্রী, তাৰ পাঠ আদি অডি’ ভিজুৱেল মাধ্যমত ইণ্টাৰনেটৰ যোগেৰে সকলোৱে সুলভভাৱে পোৱাৰ ব্যৱস্থা কৰিছে৷ বিভিন্ন বিশ্ববিদ্যালয়ৰ গৱেষণা পত্রবোৰ এতিয়া আৰু লাইব্রেৰীত দ’ম হৈ পৰি নাথাকে, সেইবোৰ ইণ্টাৰনেটৰ যোগেৰে পাব পৰা ব্যৱস্থা হৈছে৷ বহু বিশ্ববিদ্যালয়ে অজস্র তথ্য ভাণ্ডাৰৰ ই–লাইব্রেৰীৰ ব্যৱস্থা কৰিছে৷ আনকি গৱেষণা পত্রৰ নকল ধৰিব পৰা ব্যৱস্থাও সুলভ হৈ আহিছে৷ কিন্তু মূলতঃ এনে ভালেমান সুবিধা উচ্চ শিক্ষাৰ ক্ষেত্রখনতহে ব্যৱহূত হৈ আহিছে৷ স্কুলীয়া পর্যায়ৰ বাবেও এনেকুৱা যিবোৰ সুবিধা আছে, সেইবোৰো বহুলভাৱে প্রচাৰিত নহয় আৰু সেইবোৰৰ ব্যৱহাৰো সহজ নহয়৷ লকডাউনৰ সময়ছোৱাত বহু শিক্ষক–শিক্ষয়িত্রীয়ে পাঠ প্রস্তুত কৰি নিজৰ নিজৰ স্কুলৰ ছাত্র–ছাত্রীৰ মাজত বিতৰণ কৰিছিল৷ কিন্তু শিক্ষা বিভাগৰ পৰা এনে এটা ইণ্টাৰনেটভিত্তিক ব্যৱস্থা কৰিব পৰা গ’লহেঁতেন, যিটোৰ মাজেৰে সেই সকলো পাঠ সমগ্র অসমৰ ছাত্র–ছাত্রীৰ মাজত বিয়পি পৰিলহেঁতেন আৰু শিক্ষকসকলৰ কষ্টৰ ফলবোৰ বহু দিনলৈ ছাত্র–ছাত্রীসকলে ভোগ কৰি থকাৰ সুবিধা থাকিলহেঁতেন৷ অকল ইমানেই নহয়, অলপ কষ্ট আৰু পৰিকল্পনা কৰিলেই অসমৰ আকাশবাণীৰ বিভিন্ন কেন্দ্র আৰু কমিউনিটী ৰেডি’বোৰৰ যোগেৰেও ছাত্র–ছাত্রীক পাঠ দিয়াৰ ব্যৱস্থা কৰিব পৰা গ’লহেঁতেন৷ এই ব্যৱস্থা এতিয়াও কৰিব পাৰি৷ আকাশবাণীয়ে ছাত্র আৰু শিক্ষকৰ বাবে নিয়মিতভাৱে পাঠদানৰ ব্যৱস্থা কৰি আহিছে৷ এই ব্যৱস্থাক আৰু বিশাল কৰি তুলিব পাৰিলে আকাশবাণী আৰু ছাত্র–শিক্ষক সমাজ উভয়েই উপকৃত হ’ব৷