নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যুদ্ধভূমিত শিক্ষাৰ প্রদীপ

যুদ্ধই বিধ্বস্ত কৰিছে দেশখনৰ বহু শিক্ষা প্রতিষ্ঠান৷ ৰাছিয়াৰ পৰা নিক্ষেপ কৰা জাক জাক ক্ষেপণাস্ত্রৰ আঘাতত নিমিষতে ধূলিত মিহলি হৈ গৈছে গগনচুম্বী অট্টালিকাবোৰ৷ দেশখনৰ লাখ লাখ লোকে গৈ প্রতিৱেশী দেশত আশ্রয় লৈছে৷ ভবা হৈছিল ৰাছিয়াৰ হিংস্রতাৰ ওচৰত শীঘ্রে সেও মানিব দেশখনৰ সেনাই৷ ভবা হৈছিল পৰাক্রমী ৰাছিয়াই কম সময়ৰ ভিতৰতে দখল কৰিব প্রতিৱেশী দেশখন৷ কিন্তু প্রবল প্রত্যাক্রমণ গঢ়ি তুলি আজিও ৰুছ বাহিনীৰ মোকাবিলা কৰি আছে দেশখনৰ সেনাই৷ বিধ্বস্ত এই দেশখন একালৰ সমৃদ্ধিশালী ইউক্রেইন৷ আমেৰিকা আৰু পাশ্চাত্যৰ দেশসমূহৰ সামৰিক সাহায্যৰ ফলত ইউক্রেইন হৈ উঠিছে প্রবল পৰাক্রমী৷ বিশ্বৰ মহাশক্তি হিচাপে পৰিচিত ৰাছিয়াই বাৰে বাৰে ইউক্রেইনৰ ওচৰত সেও মানিবলগীয়া হৈছে৷ ইউক্রেইনৰ বহু চহৰ দখল কৰিও এৰি দিবলগীয়া হৈছে ৰুছ বাহিনীয়ে৷ শেহতীয়াকৈ সমৰ বিশেষজ্ঞসকলে বিশ্লেষণ আগবঢ়াবলৈ বাধ্য হৈছে যে ইউক্রেইনে যিধৰণে প্রত্যাক্রমণ চলাই আছে সেয়া অব্যাহত ৰাখিলে ৰাছিয়াই এই যুদ্ধত পৰাজয় স্বীকাৰ কৰিবলগীয়াও হ’ব পাৰে৷ ৰাছিয়াৰ বিৰুদ্ধে প্রত্যাক্রমণ গঢ়ি এতিয়া ইউক্রেইন হৈ পৰিছে বহু দেশৰ বাবে প্রেৰণাৰ উৎস৷ দুবছৰ সম্পূর্ণ হ’বলৈ গৈ আছে ৰাছিয়া আৰু ইউক্রেইনৰ ৰক্তক্ষয়ী যুদ্ধৰ৷ আক্রমণ–প্রত্যাক্রমণ, মৃত্যুমিছিল একোৱেই বন্ধ হোৱা নাই৷ দুয়োখন দেশৰ এই ৰক্তক্ষয়ী যুদ্ধই বিপন্ন কৰি তুলিছে শৈশৱ৷ যুদ্ধৰ আঘাতত বিধ্বস্ত হৈছে কেইবাটাও প্রজন্মৰ স্বপ্ণ৷ চিকিৎসা বিজ্ঞানকে ধৰি বিভিন্ন উচ্চশিক্ষাৰ ক্ষেত্রত বিশ্বৰ ভিতৰত অনন্য স্থান আছিল ইউক্রেইনৰ৷ বহু দেশৰ শিক্ষার্থীৰ সপোন আছিল ইউক্রেইন৷ কিন্তু যুদ্ধই এই স্বপ্ণক দুঃস্বপ্ণত পৰিণত কৰিছে৷ বন্ধ হৈ পৰিছে বহু শিক্ষানুষ্ঠান৷ আনকি শিশুসকলে বিদ্যালয়ৰ মজিয়া গছকি পোৱা নাই প্রায় দুবছৰ ধৰি৷ শিশুসকলৰ খেলপথাৰত এতিয়া মৰিশালিৰ নিস্তব্ধতা৷ এসময়ত ইউক্রেইনৰ শিক্ষানুষ্ঠান আৰু খেলপথাৰত আছিল প্রতি মুহূর্ততে কলৰৱ৷ এতিয়া এই সকলোবোৰত কেৱল বাৰুদৰ গোন্ধ৷ ছাইৰেনৰ কাণ তাল মৰা শব্দত ৰাতিপুৱায় ইউক্রেইনী শিশুৰ৷ এনে পৰিস্থিতিত শিশুৰ ভৱিষ্যৎ কেনেদৰে গঢ়িব তাক লৈ উদ্বিগ্ণ হৈ পৰিছে ইউক্রেইন চৰকাৰ৷
হাৰ মানিবলৈ শিকা নাই ইউক্রেইনী জনতাই৷ হাৰ মনা নাই দেশখনৰ চৰকাৰে৷ হিংস্র যুদ্ধৰ মাজতো শিশুসকলক তেওঁলোকৰ স্বপ্ণৰ ভৱিষ্যৎ ওভতাই দিবলৈ সংকল্পবদ্ধ হৈছে চৰকাৰ৷ বিশেষ ব্যৱস্থা গ্রহণ কৰিছে ৰাষ্ট্রপতি ভল’ডিমিৰ জেলেনস্কীয়ে৷ খাৰকিভকে ধৰি যুদ্ধই থান–বান কৰা চহৰসমূহত শিশুসকলৰ স্বাভাৱিক জীৱন ওভতাই অনাৰ চেষ্টা চলোৱা হৈছে৷ এই চহৰবোৰত ভূগর্ভত গঢ়ি তোলা হৈছে বহু বিদ্যালয়৷ ক্ষেপণাস্ত্র আৰু বোমাৰ আঘাতৰ পৰা ৰক্ষা পৰিবলৈ মাটিৰ তলত বিশেষভাৱে নির্মাণ কৰা হৈছে এই বিদ্যালয়বোৰ৷ আগন্তুক ২৪ ফেব্রুৱাৰীত দুবছৰ সম্পূর্ণ হ’ব ইউক্রেইনত ৰাছিয়াৰ সামৰিক অভিযানৰ৷ যুদ্ধৰ আৰম্ভণিতে বিধ্বস্ত হৈছিল খাৰকিভ চহৰ৷ এই চহৰখন দখল কৰিছিল ৰুছ বাহিনীয়ে৷ ৰুছ সেনাই দখল কৰাৰ পিছতে বধ্যভূমিত পৰিণত হৈছিল খাৰকিভ৷ চহৰখনৰ শিক্ষানুষ্ঠান তথা অন্যান্য চৰকাৰী প্রতিষ্ঠানসমূহ ক্ষেপণাস্ত্রৰ আঘাতত থান–বান হৈছিল৷ আনকি চহৰখনত নিৰীহ লোকসকলক নৃশংসভাৱে হত্যা কৰা হৈছিল৷ ইতিমধ্যে বহু গণকবৰ উদ্ধাৰ হৈছে খাৰকিভসহ কেইবাখনো চহৰত৷ এই গণকবৰবোৰত পোৱা গৈছে নিৰীহ লোকৰ কংকাল৷ ৰাছিয়াই সম্পূর্ণৰূপে দখল কৰা খাৰকিভ পুনৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ইউক্রেইনী বাহিনীয়ে৷ প্রবল বিক্রমৰ পৰিচয় দি খাৰকিভ চহৰ ৰুছ বাহিনীক এৰি যাবলৈ বাধ্য কৰায় ইউক্রেইনী সেনাই৷ কিন্তু চহৰখন পুনৰ মানুহৰ বসবাসৰ উপযুক্ত হৈ থকা নাছিল৷ সেইবাবে একালৰ জনাকীর্ণ খাৰকিভৰ চৌদিশে জনপদ গঢ়ি তুলিবলৈ এলানি আঁচনি গ্রহণ কৰিবলগীয়া হয় ইউক্রেইন চৰকাৰে৷ ইয়াৰ সমান্তৰালকৈ ৰুছ আক্রমণৰ পৰা হাত সাৰিবলৈ পলায়ন কৰা লোকসকলক পুনৰ আনি চহৰখনত সংস্থাপিত কৰাৰ ব্যৱস্থা গ্রহণ কৰে চৰকাৰে৷ কিন্তু শিশুসকলৰ কি হ’ব? বিপন্ন শৈশৱক কেনেদৰে পুনৰ উদ্ধাৰ কৰিব পৰা যাব? ইয়াক লৈ উদ্বিগ্ণ হৈ পৰে চৰকাৰ৷ শিক্ষাবিদসকলৰ পৰামর্শ তথা বিশেষজ্ঞসকলৰ পৰা অহা বিভিন্ন ধৰণৰ নির্দেশনাক সন্মুখত ৰাখি ভূ–গর্ভত শিক্ষানুষ্ঠান গঢ়ি তোলাৰ ব্যৱস্থা গ্রহণ কৰে ইউক্রেইন চৰকাৰে৷ ইয়াৰ ফলত পুনৰ প্রাণ পাই উঠিছে যুদ্ধই বিপন্ন কৰা শিশুসকলৰ শৈশৱে৷ নতুনকৈ শিক্ষা লাভৰ সুযোগ দিয়া হৈছে শিশুসকলক৷ শেহতীয়াকৈ ইউক্রেইন চৰকাৰৰ এই পদক্ষেপে আন্তর্জাতিক মহলত বিশেষ চর্চা লাভ কৰিছে৷ খাৰকিভত ভূ–গর্ভতে গঢ়ি তোলা ৭০০খন বিদ্যালয়ে পুনৰ ইউক্রেইনৰ শিশুসকলক সেই প্রাণচঞ্চল অতীতৰ শৈশৱ ওভতাই দিছে৷

You might also like