বিজেপিৰ নতুন সভাপতি
শক্তিশালী গণভিত্তিৰে সাম্প্রতিক ৰাজনীতিত আধিপত্য বিস্তাৰকাৰী বিজেপিৰ ৰাজ্যিক সভাপতি পদত অধিষ্ঠিত কৰা হৈছে সাংসদ দিলীপ শইকীয়াক৷ লোকসভাৰ মজিয়ালৈ একেৰাহে দুবাৰ নির্বাচিত ৫১ বছৰীয়া দিলীপ শইকীয়াক বিজেপিৰ ৰাজ্যিক সভাপতিৰূপে নির্বাচন কৰা ঘটনাক লৈ অসমৰ ৰাজনৈতিক মহলত সৰৱ চর্চা চলিছে৷ বিজেপিৰ তৃণমূল পর্যায়ৰ নিষ্ঠাৱান কর্মীৰূপে প্রতিষ্ঠিত দিলীপ শইকীয়াৰ ৰাজনৈতিক উত্থান এটা দশকো হোৱা নাই৷ ২০১৬ চনত অসমত বিজেপি ক্ষমতালৈ অহাৰ পিছত দলটোলৈ অন্য দলৰ বহুসংখ্যক নেতা–কর্মীৰ আগমন হৈছে৷ ক্ষমতা দখলৰ জোখতকৈ অধিক শক্তি আহৰণ কৰাৰ পিছত দিনকদিনে বিজেপিত গণভিত্তিও শক্তিশালী হৈছে৷ এনে অৱস্থাত আশা কৰা ধৰণে সুযোগ–সুবিধা নোপোৱা একাংশ নেতাই দলত্যাগ কৰিছে৷ কিন্তু দলটোত দীর্ঘ সময় একনিষ্ঠ সেৱা আগবঢ়োৱা গণভিত্তি থকা নেতাসকল পুনৰ ন–ৰূপত উজ্জীৱিত হৈ উঠিছে৷ চামগুৰি বিধানসভা সমষ্টিৰ উপ–নির্বাচনত বিজেপিৰ নিষ্ঠাৱান নেতা দিপ্লুৰঞ্জন শর্মাৰ বিজয়ৰ পিছত বিজেপিয়ে ৰাজ্যিক সভাপতি পদত দিলীপ শইকীয়াক অধিষ্ঠিত কৰাটো নিতান্তই গুৰুত্বপূর্ণ৷ দুয়োজনে যুৱপ্রজন্মৰ নেতা৷ বিজেপিৰ লেখীয়া সাম্প্রতিক ৰাজনীতিৰ শক্তিধৰ সর্বভাৰতীয় দলৰ ৰাজ্যিক সভাপতি পদত দিলীপ শইকীয়াক অধিষ্ঠিত কৰি দলটোৱে ৰাজ্যবাসীক বিশেষ বার্তা দিবলৈ বিচাৰিছে৷ সন্মুখত থকা পঞ্চায়ত নির্বাচন আৰু আগন্তুক বিধানসভা নির্বাচনৰ পূর্বে বিজেপিয়ে দলটোক যুৱপ্রজন্মৰ নেতাসকলক অগ্রাধিকাৰ প্রদান কৰিছে৷ বিজেপিয়ে শেহতীয়াকৈ বাছনি কৰা চাৰিশ মণ্ডল সভাপতি আৰু ৩৮গৰাকী জিলা সভাপতি বাছনিৰ ক্ষেত্রতো ইয়াৰ প্রভাৱ স্পষ্ট হৈছে৷ কংগ্রেছৰ পৰিয়ালকেন্দ্রিক ৰাজনীতিৰ পৰিৱর্তে বিজেপিয়ে সাংসদ দিলীপ শইকীয়াক ৰাজ্যিক সভাপতি পদত অধিষ্ঠিত কৰি দলীয় নেতা–কর্মীসকলক এক সুকীয়া বার্তা দিবলৈ বিচাৰিছে৷ সাংসদ শইকীয়া ইয়াৰ পূর্বে বিজেপিৰ কেন্দ্রীয় সাধাৰণ সম্পাদক পদত অধিষ্ঠিত হৈছিল ৷ বিজেপিৰ দৰে সর্বভাৰতীয় দলৰ সাধাৰণ সম্পাদক পদত শইকীয়াক দায়িত্ব প্রদানৰ সময়তো ৰাজনৈতিক মহলত চর্চা চলিছিল ৷ শইকীয়াই বিজেপিৰ ৰাজ্যিক সভাপতি পদত দায়িত্বভাৰ গ্রহণ কৰাৰ সময়তে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কেইটামান গুৰুত্বপূর্ণ মন্তব্য কৰিছে৷ কংগ্রেছ দলক কটাক্ষ কৰি মুখ্যমন্ত্রী ড০ শর্মাই ঘোষণা কৰিছে যে বিজেপিৰ নেতা হ’বলৈ ৰজাঘৰৰ সন্তান হোৱাৰ প্রয়োজন নাই৷ কংগ্রেছে ৰজাঘৰৰ সন্তান দেখিলেই জঁপিয়াই পৰে, ৰজাঘৰৰ সোৱাদৰ পৰিৱর্তে প্রজাৰ আনন্দহে লাগে বিজেপিক৷ মুখ্যমন্ত্রী ড০ শর্মাৰ এনে মন্তব্য সাম্প্রতিক পৰিয়ালকেন্দ্রিক ৰাজনীতিৰ বাবে এক অশনি সংকেত৷ দেশে স্বাধীনতা লাভ কৰাৰ প্রায় আঠ দশক ধৰি পৰিয়ালকেন্দ্রিক ৰাজনীতি চলি আছে৷ দেশৰ সর্বসাধাৰণ ৰাইজৰ সিংহভাগেই পৰিয়ালকেন্দ্রিক ৰাজনীতিক সমর্থন নকৰে৷ ৰাজনৈতিক নেতাৰ গণভিত্তি নথকা পৰিয়ালৰ লোকক জড়িত কৰাৰ ফলতে ৰাজনীতিৰ মান অৱনমিত হৈছে৷ এনে পৰিস্থিতিত যুৱশক্তিৰে বিজেপিক নতুন ৰূপত গঢ়িবলৈ দলটোৰ নেতৃত্বই প্রদান কৰা পদক্ষেপক সর্বসাধাৰণ ৰাইজে সমর্থন কৰাৰ সম্ভাৱনা আছে৷
দেশৰ ৰাজনীতিত বিজেপিৰ ৰাজনৈতিক উত্থান আৰম্ভ হৈছে ২০১৪ চনৰ পৰা৷ একেৰাহে দ্বিতীয়বাৰৰ বাবে দেশৰ ক্ষমতাত অধিষ্ঠিত কংগ্রেছ নেতৃত্বাধীন চৰকাৰখনক শোচনীয়ভাৱে পৰাজিত কৰি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে চমকপ্রদ জয়লাভ কৰাৰ পিছত সমগ্র দেশৰ ৰাজনীতিত নতুন সমীকৰণ আৰম্ভ হৈছে৷ ২০১৬ৰ বিধানসভা নির্বাচনতো ইয়াৰ প্রভাৱ প্রতিফলন হৈছিল৷ ২০১১ৰ বিধানসভা নির্বাচনত বিজেপিয়ে লাভ কৰিছিল ৭৮খন আসন৷ ইয়াৰ বিপৰীতে বিজেপিয়ে লাভ কৰিছিল মাথোঁ ৫খন আসন৷ কিন্তু ২০১৬ৰ বিধানসভা নির্বাচনত বিজেপিয়ে ৬০খন আসন লাভ কৰিবলৈ সক্ষম হৈছিল৷ বিধানসভা নির্বাচনত পাঁচখন আসনৰ পৰা ৬০খন আসন লাভ কৰাটো দেশৰ ৰাজনীতিত এক বিৰল ঘটনা৷ কিন্তু সেয়া সম্ভৱ হৈছিল মাথোঁ ৰাজ্যখনৰ পৰিৱর্তনকামী ৰাইজৰ জনাদেশৰ ভিত্তিত৷ ২০২১ৰ বিধানসভা নির্বাচনতো ৬০খন আসনত একক বিজয়ৰ জৰিয়তে বিজেপিয়ে জনাদেশৰ পূর্বৰ ধাৰা অব্যাহত ৰাখিবলৈ সক্ষম হৈছে৷ বিগত ১০ বছৰত ৰাজ্যখনৰ প্রতিটো নির্বাচনতে বিজেপিয়ে সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে৷ ক্ষমতা দখলৰ জোখাৰে নির্বাচনত সফলতা লাভ কৰাটো কোনো ৰাজনৈতিক দলৰ বাবে সহজসাধ্য নহয়৷ ১৯৯১ৰ বিধানসভা নির্বাচনত বিজেপিয়ে প্রথমবাৰৰ বাবে চমক সৃষ্টি কৰিবলৈ সক্ষম হৈছিল৷ উক্ত নির্বাচনত বিজেপিয়ে প্রথমবাৰৰ বাবে ১০খন আসনত জয়লাভ কৰি ৰাজনৈতিক চর্চালৈ আহিছিল৷ অৱশ্যে উক্ত ১০খন আসনৰ ৯খনেই আছিল বৰাক উপত্যাকাৰ৷ ব্রহ্মপুত্র উপত্যকাৰ ধুবুৰী বিধানসভা সমষ্টিৰ পৰা বিজেপিৰ ধ্রুৱ কুমাৰ সেন জয়ী হৈছিল৷ ১৯৯৬ৰ পৰা ২০১১লৈকে অসমৰ কোনো এটা বিধানসভা নির্বাচনত বিজেপিয়ে ১০খন আসন লাভ কৰা নাছিল৷ কিন্তু ২০১৬ৰ পিছত অসমৰ ৰাজনীতিত বিজেপিৰ সাফল্যৰ ধাৰাবাহিকতা অব্যাহত থকাৰ অন্তৰালত আছে ক্ষমতাত থকা চৰকাৰ আৰু দলৰ নেতৃত্বৰ অক্লান্ত পৰিশ্রম৷ বিগত এটা দশকত ৰাজ্যখনত অনুষ্ঠিত প্রতিটো নির্বাচনকে বিজেপিয়ে গুৰুত্বসহকাৰে গ্রহণ কৰিছে৷ মাথোঁ বিধানসভা আৰু লোকসভা নির্বাচনেই নহয়, পঞ্চায়ত অথবা স্থানীয় নিকায়ৰ নির্বাচনকো সমগুৰুত্ব দি আহিছে দলটোৱে৷ বিটিচি নির্বাচন, কার্বি আংলং, স্বায়ত্তশাসিত পৰিষদ, ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নির্বাচনত বিৰোধীৰ শক্তি নিশকটীয়া সত্ত্বেও শাসকীয় দলটোৱে সর্বশক্তিৰে নির্বাচনী যুঁজত নামি পৰিছিল৷ শেহতীয়াকৈ ৰাজ্যখনৰ পাঁচটা বিধানসভা সমষ্টিৰ উপ–নির্বাচনত বিজেপি তথা সহযোগী দলৰ সাফল্যৰ অন্তৰালতো আছে দলটোৰ নেতৃত্বৰ নির্বাচনী ৰণ জিতাৰ নিষ্ঠা আৰু একাগ্রতা৷ বিজেপিৰ নতুন সভাপতিৰূপে কার্যভাৰ লৈয়ে দিলীপ শইকীয়াই ঘোষণা কৰিছে তেওঁৰ সন্মুখত কেইবাটাও গুৰু দায়িত্ব আছে৷ সন্মুখত থকা পঞ্চায়ত নির্বাচন আৰু বিধানসভা নির্বাচনৰ বাবে দলীয় নেতা–কর্মীসকলে অধিক পৰিশ্রম কৰিব লাগিব বুলি শইকীয়াই স্পষ্টভাৱে ঘোষণা কৰিছে৷ বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীৰ বাবে আশাপ্রদ বার্তা এয়ে যে কংগ্রেছৰ লেখীয়া শাসকীয় দলটোত নেতৃত্বকেন্দ্রিক অন্তর্কন্দল নাই৷ ফলত নতুন সভাপতি শইকীয়াই ঈপ্সিত লক্ষ্যত উপনীত হোৱাত দলটোৰ তৃণমূল পর্যায়ত পূর্ণ সহযোগ লাভ কৰাৰ আশা আছে৷