ক’ভিডৰ তৃতীয় ঢৌ
ভাৰতবর্ষত১০০ কোটি লোকক ক’ৰোনা ভেকচিন প্রদান কৰা হৈছে৷ ভেকচিন লোৱা লোকৰ এই পৰিসংখ্যাই স্বাভাৱিকতে দেশৰ স্বাস্থ্যখণ্ডত উৎসাহৰ পৰিৱেশ সৃষ্টি কৰাৰ সময়তে অসমত আৰম্ভ হৈছে ক’ভিডৰ তৃতীয় ঢৌক লৈ আতংক৷ ৰাজ্যৰ মুখ্যমন্ত্রীগৰাকীয়ে ক’ভিডৰ তৃতীয় ঢৌ আহিব লাগিলে সমাজখন ধ্বংস হৈ যাব বুলি শেহতীয়াকৈ কৰা মন্তব্য যথেষ্ট তাৎপর্যপূর্ণ বিবেচিত হৈছে৷ ক’ৰোনাৰ প্রথম আৰু দ্বিতীয় ঢৌৰ সময়ছোৱাত ৰাজ্যখনৰ স্বাস্থ্যমন্ত্রীৰ দায়িত্ব চম্ভলা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ইয়াৰ পূর্বে ক’ৰোনাৰ সংক্রমণক লৈ এনে মন্তব্য প্রকাশ কৰা নাছিল৷ বৰং ক’ৰোনাৰ সংক্রমণৰ প্রথম আৰু দ্বিতীয় ঢৌৰ সময়ত ড০ শর্মাই জনসাধাৰণৰ বাবে অতিকৈ আশাব্যঞ্জক বক্তব্য আগবঢ়াই আহিছিল৷ আনকি ক’ভিডৰ প্রথম ঢৌৰ সময়ছোৱাত ড০ হিমন্ত বিশ্ব শর্মাই ৰাজ্যবাসীৰ বাবে আশা–ভৰসাৰ থল হৈ পৰিছিল৷ শেহতীয়াকৈ ৰাজ্যখনত ক’ৰোনাৰ সংক্রমণৰ দ্বিতীয়টো ঢৌ প্রায় নিয়ন্ত্রণলৈ অহাৰ পাছত বিভিন্ন ক্ষেত্রসমূহত বলৱৎ থকা কঠোৰ ক’ভিড প্রট’কলৰ ক্ষেত্রত যথেষ্ট শিথিলতা অনা হৈছে৷ ৰাজ্যখনলৈ প্রায় স্বাভাৱিক অৱস্থা ঘূৰি অহাৰ সময়তে ক’ভিডৰ তৃতীয় ঢৌক লৈ সৃষ্টি হোৱা আতংক যথেষ্ট উদ্বেগজনক বিষয়ৰূপে বিবেচিত হৈছে৷ উল্লেখ্য যে ক’ৰোনাৰ সংক্রমণ হ্রাস পোৱাৰ পাছতে শেহতীয়াকৈ দুর্গাপূজা উদ্যাপনৰ ক্ষেত্রত দিয়া শিথিলতাৰ গইনা লৈ পূজা মণ্ডপসমূহত ব্যাপক জনসমাগম পৰিলক্ষিত হৈছিল৷ দুর্গাপূজা উপলক্ষে স্বাস্থ্য বিভাগে ক’ভিড প্রট’কল অনুসৰি নির্দিষ্ট নীতি–নিয়ম বান্ধি দিছিল যদিও সেয়া কার্যতঃ পূজাৰ সময়ত অসাৰ পৰিণত হ’ল৷ বিশেষকৈ পূজা মণ্ডপসমূহত সামাজিক দূৰত্ব বজাই ৰখা আৰু বাধ্যতামূলক মাস্ক পৰিধান কৰা নীতি ধোঁৱাচাঙতহে উঠিল৷ এইক্ষেত্রত আৰক্ষী তথা প্রশাসনৰ শিথিলতায়ো জনসাধাৰণক ক’ভিড প্রট’কল ভংগৰ ক্ষেত্রত সহায় কৰা যেনহে পৰিলক্ষিত হ’ল৷
দুর্গাপূজাৰ ব্যাপক জনসমাগমৰ পাছত এতিয়া উপ–নির্বাচনৰ নির্বাচনী প্রচাৰে আন এক জনসমাগম সৃষ্টি কৰা পৰিলক্ষিত হৈছে৷ নামনি অসমৰ তিনিটা আৰু উজনি অসমৰ দুটা বিধানসভা সমষ্টিত অহা ৩০ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া ভোটগ্রহণক কেন্দ্র কৰি আৰম্ভ হোৱা নির্বাচনী প্রচাৰ সভাসমূহত গোট খাইছে হাজাৰ হাজাৰ লোক৷ এই প্রচাৰ সভাসমূহত কাৰো মুখতে নাই মাস্ক, নাই কোনো সামাজিক দূৰত্ব৷ দুর্গাপূজাৰ পাছত হোৱা এনেধৰণৰ জনসমাগমে পুনৰ আতংকিত কৰিছে ৰাজ্যবাসীক৷ এনে জনসমাগমৰ পাছত সঁচাকৈয়ে অসমত ক’ভিডৰ তৃতীয় ঢৌ আহিব নেকি বুলি প্রশ্ন উত্থাপন হৈছে৷ উল্লেখ্য যে দেশত ইতিমধ্যে ১০০ কোটি লোকক ক’ভিড ভেকচিন প্রদান কৰা হৈছে যদিও অসমত এতিয়াও ভেকচিন নোলোৱাকৈ যথেষ্টসংখ্যক লোক থাকি গৈছে৷ বিশেষকৈ গ্রামাঞ্চল আৰু চৰাঞ্চলৰ একাংশ লোকে এই পর্যন্ত লোৱা নাই ক’ভিড ভেকচিন৷ এনে পৰিৱেশত ক’ভিডৰ সংক্রমণ বৃদ্ধি পোৱাৰ আশংকা অধিক হৈ পৰিছে৷ এইক্ষেত্রত চৰকাৰ বা প্রশাসনতকৈও জনসাধাৰণৰ মাজত জনসচেতনতা সৃষ্টিৰ প্রয়োজনীয়তা আহি পৰিছে৷ জনগণৰ মাজত সৃষ্টি হোৱা সচেতনতাৰ জৰিয়তেহে ক’ৰোনাৰ দৰে মহামাৰীৰ সংক্রমণ প্রতিৰোধ কৰাটো সম্ভৱ৷ ভেকচিন ল’লেই ক’ভিডৰ পৰা সুৰক্ষিত বুলি জনসাধাৰণৰ মাজত সৃষ্টি হোৱা ধাৰণাও আমি আঁতৰ কৰিব লাগিব৷ ইতিমধ্যে দুটাকৈ ভেকচিন লোৱা বহু লোক ক’ভিডত আক্রান্ত হৈছে৷ সেই বাবে এতিয়া ভয়াৱহ ক’ভিডৰ তৃতীয় ঢৌ অহাৰ আগতে আমি সজাগ হোৱা প্রয়োজন৷ কিয়নো সংক্রমণ বৃদ্ধি পালে চৰকাৰৰ ওপৰত লকডাউন, সান্ধ্য আইন আদিৰ দৰে কঠোৰ ব্যৱস্থা গ্রহণৰ বিকল্প একো নাথাকে৷ লকডাউন–সান্ধ্য আইনৰ দৰে ব্যৱস্থাই সর্বসাধাৰণ ৰাইজৰ জীৱনযাত্রা আৰু অর্থনৈতিক অৱস্থা কেনেদৰে জুৰুলা কৰি তোলে, সেয়া ক’ৰোনাৰ সংক্রমণৰ দুটা ঢৌৰ পাছত সকলোৱে বুজি উঠিছে৷ সেই বাবে সময় থাকোঁতে সকলো সচেতন নহ’লে আমি আন এক ভয়ংকৰ দুর্যোগৰ মুখামুখি হ’বলৈ সাজু থাকিব লাগিব৷