যুদ্ধৰ বিষময় পৰিণাম
যুদ্ধ মানেই মাথোঁ ধ্বংসৰ বিভীষিকা নহয়, ই মানুহৰ জীৱন আৰু জীৱিকা সর্বনাশী জঘন্য ৰূপ৷ ক্ষমতা আৰু প্রতিপত্তি স্থাপনৰ বাবে বিশ্বৰ বিভিন্ন প্রান্তত সংঘটিত হোৱা যুদ্ধৰ বাবেই সর্বাধিক ক্ষতি হয় সর্বসাধাৰণ ৰাইজৰ৷ মেহনতি জনতাই সন্মুখীন হয় সীমাহীন দুর্যোগৰ৷ যোৱা ২৪ ফেব্রুৱাৰীত ৰাছিয়াই ইউক্রেইন আক্রমণ কৰাৰ পাছত বিশ্বজুৰি সাধাৰণ জনতাক আকৌ যুদ্ধৰ বিভীষিকাই আতংকিত কৰি তুলিছে৷ যুদ্ধৰ বিভীষিকাই আমাৰ দেশখনৰ অর্থনীতিতো গুৰুতৰ আঘাত হানিছে৷ ৰাছিয়াই ইউক্রেইন আক্রমণ কৰাৰ দিনাই ভাৰতৰ ছেনছেক্স ২,৭০২ পইণ্ট নিম্নগামী হৈছে৷ ফলত দেশত উদ্যোগ–বাণিজ্য ক্ষেত্রখনত বিনিয়োগকাৰীয়ে হেৰুৱাইছে কেইবা হাজাৰ কোটি টকা৷ ক’ভিড–১৯ৰ বিভীষিকা কিছু পৰিমাণে শাম কাটিবলৈ লোৱাৰ সময়তে ইউক্রেইনত ৰাছিয়াৰ আক্রমণে দেশৰ অর্থনীতিত কুঠাৰাঘাত কৰিলে৷ ২০২০ৰ ২৩ মার্চত বিভিন্ন দেশে জাৰি কৰা লকডাউন আৰু ভাৰতত আৰম্ভ হোৱা ২৪ মার্চৰ লকডাউনৰ বাবে ছেনছেক্স ৩,৯৪৩.৭২ পইণ্ট নিম্নগামী হৈছিল৷ ইয়াৰ পূর্বে ১২ মার্চত ক’ভিড–১৯ত বিশ্ব স্বাস্থ্য সংস্থাই অতিমাৰী সংক্রমণৰূপে ঘোষণা কৰাৰ পাছতেই ভাৰতৰ ছেনছেক্স ২,৯১৯.২৬ শতাংশ তললৈ গৈছিল৷ ভাৰতৰ শ্বেয়াৰ বজাৰত উত্থান–পতন নতুন কথা নহয়৷ কিন্তু ক’ভিড–১৯ৰ বিভীষিকা বিশ্বৰ বাবে এক আকস্মিক দুর্যোগ৷ এনে দুর্যোগ আমি এৰাই চলিব নোৱাৰোঁ৷ কিন্তু ৰাছিয়াই ইউক্রেইনত চলোৱা আক্রমণ সম্পূর্ণৰূপে মানৱসৃষ্ট অভিশাপ৷ ইয়াৰ ফলত ইউক্রেইনত যিমান ক্ষতি হ’ল তাতোকৈ অধিক ক্ষতি হ’ব সমগ্র বিশ্বত৷ যিবোৰ দেশ এই যুদ্ধৰ সৈতে প্রত্যক্ষ বা পৰোক্ষভাৱে জড়িত নহয়, সেই দেশসমূহেও ৰাছিয়াৰ এনে হঠকাৰী পদক্ষেপৰ পৰিণাম ভুঞ্জিব লগা হৈছে৷ দেশৰ শ্বেয়াৰ বজাৰত প্রথমটো খহনীয়া হৈছিল ১৯৯২ত৷ হর্ষদ মেহতাৰ শ্বেয়াৰ বজাৰ কেলেংকাৰি পোহৰলৈ অহাৰ পাছত ১৯৯২ৰ ২৮ এপ্রিলত একেদিনাই ৫৭০ পইণ্ট ছেনছেক্স নিম্নগামী হৈছিল৷ ইয়াৰ পাছত ২০০৮ৰ ২১ জানুৱাৰীত আৰু ২৪ অক্টোবৰত বিশ্বজুৰি মন্দাৱস্থাৰ বাবে ক্রমে ১,৪০৮ আৰু ১,০৭১ পইণ্ট ছেনছেক্স নিম্নগামী হৈছিল৷ ২০১৬ৰ ৯ নৱেম্বৰত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আকস্মিকভাৱে ১০০০ টকীয়া আৰু পুৰণি ৫০০ টকীয়া নোট বন্ধ কৰি দিয়াৰ ফলত দেশৰ শ্বেয়াৰ ইনডেক্স ১,৬৮৯ পইণ্ট নিম্নগামী হৈছিল৷ ইউক্রেইন যুদ্ধৰ ফলত দেশৰ অর্থনীতিত ক্ষতিৰ পৰিমাণ নিশ্চিতভাৱে অভূতপূর্ব৷ এই যুদ্ধৰ ফলত ডলাৰৰ তুলনাত ভাৰতীয় টকাৰ মূল্যও নিম্নগামী হৈছে৷ বিগত ৫ দিনত প্রতি ডলাৰৰ মূল্য ১.০৯ টকা বৃদ্ধি হৈছে আৰু ভাৰতীয় মূল্যৰ তুলনাত ডলাৰৰ মূল্য হৈছে ৭৫.৭০ টকা৷
ইউক্রেইনৰ বিৰুদ্ধে ৰাছিয়াই যুদ্ধ আৰম্ভ কৰাৰ পাছতে খাৰুৱা তেলৰ মূল্যও প্রতি বেৰেলত ৯৭.১৮ ডলাৰৰ পৰা ১০৫ টকাৰো অধিক হৈছে৷ খাৰুৱা তেলৰ এনে অস্বাভাৱিক মূল্যবৃদ্ধিয়ে অনাগত দিনত দেশবাসীয়ে আকৌ দুর্যোগৰ সন্মুখীন হ’ব লাগিব৷ উল্লেখ্য যে খাৰুৱা তেল আমদানি কৰা দেশসমূহৰ ভিতৰত বিশ্বৰ ভিতৰতে ভাৰতবর্ষৰ স্থান তৃতীয় স্থানত আছে৷ প্রতি মাহে ১১৫০ৰ পৰা ১২০০ কোটি ডলাৰৰ খাৰুৱা তেল আমদানি কৰে ভাৰতে৷ দেশৰ বর্ধিত ইন্ধনৰ চাহিদা পূৰণ কৰিবলৈ আমাৰ দেশে ৮০ শতাংশ খাৰুৱা তেল বহিঃদেশৰ পৰা আহৰণ কৰে৷ ইয়াৰ ভিতৰত অন্যতম হ’ল ৰাছিয়া৷ চলিত বিত্তীয় বর্ষত খাৰুৱা তেল আমদানিৰ নামতে প্রায় ১০ হাজাৰ ডলাৰ ব্যয় কৰিছে আমাৰ দেশে৷ ইউক্রেইনৰ যুদ্ধৰ অন্তৰালত আছে মহাশক্তিমান আমেৰিকা আৰু ৰাছিয়াৰ সংঘাত৷ এই যুঁজখনত আমেৰিকা আৰু নাটোৰ অংশীদাৰ দেশসমূহে প্রতিৰোধমূলক ব্যৱস্থা গ্রহণ কৰিব বুলি বহুতেই আশংকা কৰিছিল৷ কিন্তু যুদ্ধখনৰ পৰা নিৰাপদ দূৰত্বত আশ্রয় গ্রহণ কৰি আমেৰিকা আৰু সহযোগী দেশসমূহ ৰং চাই থকাহে পৰিলক্ষিত হৈছে৷ যদিহে ৰাছিয়াক প্রতিহত কৰিবলৈ আমেৰিকা আৰু নাটোৰ অংশীদাৰ দলসমূহে এই যুঁজখনত নামি পৰে তেন্তে তৃতীয় বিশ্ব যুদ্ধৰ আশংকাও নথকা নহয়৷ এনে অৱস্থাত যুদ্ধৰ বিভীষিকা বৃদ্ধি হোৱাৰ লগে লগে বিশ্বজুৰি খাৰুৱা তেলৰ নাটনি আৰু অস্বাভাৱিক মূল্যবৃদ্ধিয়ে অর্থনৈতিক সংকট আৰু অধিক ঘনীভূত কৰিব পাৰে৷ এনে পৰিস্থিতিত খাৰুৱা তেলৰ আন্তর্জাতিক মূল্য প্রতি বেৰেলত ১২০ ডলাৰলৈ বৃদ্ধি হ’লেও আচৰিত হ’ব লগা নাই৷ খাৰুৱা তেলৰ মূল্য প্রতি বেৰেলত ৯৭ ডলাৰ হৈ থাকোঁতেই দেশৰ কেইবাখনো চহৰত প্রতি লিটাৰ পেট্র’লৰ দাম ১১০ টকা হৈছে৷ উত্তৰ প্রদেশকে ধৰি দেশৰ পাঁচখন ৰাজ্যৰ বিধানসভা নির্বাচন শেষ হোৱাৰ লগে লগে অর্থাৎ মার্চৰ দ্বিতীয় সপ্তাহতে দেশজুৰি পেট্র’ল–ডিজেলৰ মূল্যবৃদ্ধি হোৱাৰ আশংকা আছে৷ উল্লেখ্য যে খাৰুৱা তেলৰ মূল্যৰ ভিত্তিত দেশত পেট্র’ল–ডিজেলৰ মূল্য উঠা–নমা কৰাৰ ব্যৱস্থা বলৱৎ হৈ আছিল যদিও পাঁচখন ৰাজ্যৰ বিধানসভা নির্বাচনৰ বাবে বিগত ১১৫ দিন ধৰি এই ব্যৱস্থা কার্যকৰী কৰাৰ পৰা বিৰত আছে কেন্দ্রীয় চৰকাৰ৷ যদিহে আশংকা কৰা ধৰণে পাঁচ ৰাজ্যৰ নির্বাচনৰ ভোটদান শেষ হোৱাৰ পাছতে ইন্ধনৰ অস্বাভাৱিক তথা আকাশলংঘী মূল্যবৃদ্ধি হয় তেন্তে ইউক্রেইন যুদ্ধৰ বিষময় পৰিণাম উপলব্ধি কৰিব পাৰিব সর্বসাধাৰণ ৰাইজে৷ ক’ভিড–১৯ৰ বিভীষিকা সামৰি দেশৰ উন্নয়নৰ লগতে সর্বসাধাৰণ ৰাইজৰ জীৱনযাত্রাই নতুন গতিদান কৰিবলৈ লওঁতেই মানৱসৃষ্ট যুদ্ধ নিশ্চিতভাৱে এক অভিশাপ৷ এতিয়া যুদ্ধৰ বিৰুদ্ধে বিশ্বজুৰি শান্তিপ্রিয় জনতাই নিজ নিজ প্লেটফ’মত প্রতিবাদ সাব্যস্ত কৰা উচিত৷