যুদ্ধক লৈ বিভাজিত বিশ্ব
যুদ্ধ কাৰো কাম্য নহয়৷ যুদ্ধ এখন হ’লেই দুয়োপক্ষৰ সপক্ষে–বিপক্ষে থিয় দিয়া সংগীৰ অভাৱ নঘটে৷ কোন শুদ্ধ আৰু কোন অশুদ্ধ, তাক লৈ পর্যালোচনা কৰাৰ বিপৰীতে যুদ্ধৰ সপক্ষ আৰু বিপক্ষত থিয় দিয়ে৷ পেলেষ্টাইনৰ হামাছ সন্ত্রাসবাদী আৰু ইজৰাইলৰ যুদ্ধতো সপক্ষে–বিপক্ষে দেশসমূহে থিয় দিছে৷ কার্যতঃ ইজৰাইল আৰু হামাছ সন্ত্রাসবাদীৰ যুদ্ধক লৈ বিশ্বৰ দেশসমূহ বিভাজিত হৈছে৷ ইউক্রেইন আৰু ৰাছিয়াৰ মাজত চলি থকা যুদ্ধক লৈও বিশ্বৰ দেশসমূহৰ মাজত বিভাজন হৈছিল৷ সেই যুদ্ধ চলি থকাৰ সময়তে পেলেষ্টাইনৰ হামাছ সন্ত্রাসবাদীয়ে গাজাৰ পৰা আকাশমার্গৰ পাছত স্থলভাগেৰে ইজৰাইলৰ ওপৰত আক্রমণ চলোৱাৰ পাছতে ইজৰাইলে হামাছৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে৷ হামাছৰ বিৰুদ্ধে ইজৰাইলী সেনাৰ যুদ্ধই ইতিমধ্যে আঠ দিন অতিক্রম কৰিছে৷ হামাছ সন্ত্রাসবাদী আৰু ইজৰাইলী সেনাৰ আক্রমণ–প্রত্যাক্রমণত দুয়ো দেশৰ চাৰি সহস্রাধিক লোকে প্রাণ হেৰুওৱাৰ লগতে দহ সহস্রাধিক লোক আহত হৈছে৷ এই যুদ্ধত হামাছ সন্ত্রাসবাদীৰ সমর্থনত কেইবাখনো দেশ ওলাই অহাৰ বিপৰীতে ইজৰাইলৰ সমর্থনতো ওলাই আহিছে আন কেইবাখনো দেশ৷ হামাছ সন্ত্রাসবাদীয়ে ইজৰাইলৰ ওপৰত ভয়াৱহ আক্রমণ চলোৱাৰ পাছত হামাছ সন্ত্রাসবাদীৰ বিৰুদ্ধে গাজাত ইজৰাইলী সেনাই আকাশমার্গেৰে প্রচণ্ড আক্রমণ চলাই আছে৷ ইজৰাইলী সেনাৰ আক্রমণত গাজা ধ্বংসস্তূপত পৰিণত হৈছে৷ দুই সহস্রাধিক লোক নিহত হোৱাৰ লগতে পাঁচ সহস্রাধিক লোক আহত হৈছে৷ ৰাষ্ট্রসংঘৰ তথ্য মতে, এই যুদ্ধৰ সময়ত প্রায় ৪ লাখ লোক ভগনীয়া হ’বলগীয়া হৈছে৷ ইজৰাইলৰ বৈদেশিক মন্ত্রালয়ে প্রকাশ কৰা মতে, হামাছ সন্ত্রাসবাদীৰ বিৰুদ্ধে ইজৰাইলী সেনাৰ আক্রমণক ৮৪খন দেশে সমর্থন জনাইছে৷
হামাছ সন্ত্রাসবাদীৰ বিৰুদ্ধে ইজৰাইলী সেনাৰ আক্রমণত পূর্ণ সমর্থন জনাইছে আমেৰিকা যুক্তৰাষ্ট্র, গ্রেট ব্রিটেইন, অষ্ট্রেলিয়া, ফ্রান্স, জার্মানী, অষ্ট্রিয়া, কানাডা, পোলেণ্ড, স্পেইন আৰু ইউৰোপীয় সংঘই৷ আমেৰিকা যুক্তৰাষ্ট্রই ইতিমধ্যে ইজৰাইললৈ অস্ত্র–শস্ত্র প্রেৰণ কৰাৰ সমান্তৰালকৈ সাগৰীয় অঞ্চলত যুদ্ধ জাহাজ মোতায়েন কৰি ইজৰাইলক সমর্থন জনাইছে৷ গ্রেট ব্রিটেইন, অষ্ট্রেলিয়া, ফ্রান্সকে ধৰি ইউৰোপীয় সংঘৰ দেশসমূহে প্রত্যক্ষভাৱে এই যুদ্ধত ইজৰাইলক সমর্থন জনাইছে৷ সন্ত্রাসবাদক সমূলঞ্চে উৎখাতৰ বাবেই হামাছ সন্ত্রাসবাদীৰ বিৰুদ্ধে ইজৰাইলৰ আক্রমণত সমর্থন জনালেও ইয়াৰ আঁৰত কূটনীতি জড়িত হৈ আছে৷ ইপিনে, পেলেষ্টাইনৰ হামাছ সন্ত্রাসবাদীক প্রত্যক্ষভাৱে সমর্থন জনাইছে ইৰান, কাটাৰ, লেবানন, আফগানিস্তান, ছৌদি আৰব, ইৰাক, ছিৰিয়া, য়েমেনকে ধৰি ইছলামিক দেশসমূহৰ অধিকাংশই৷ হামাছে ইজৰাইল আক্রমণত ইৰানে সমর্থন জনাইছে যদিও এই আক্রমণত ইৰান জড়িত নহয় বুলি দাবী কৰিছে৷ কিন্তু আন্তর্জাতিক সংবাদ মাধ্যমৰ লগতে আমেৰিকা যুক্তৰাষ্ট্রই ইৰানে ছিৰিয়াৰ প্রান্তেৰে হামাছলৈ অস্ত্র যোগান ধৰাৰ অভিযোগ উত্থাপন কৰিছে৷ হামাছ সন্ত্রাসবাদী আৰু ইজৰাইল যুদ্ধত বিভাজিত বিশ্বৰ ক্ষেত্রত এই কথাও চর্চাৰ মাজলৈ আহিছে যে হামাছ সন্ত্রাসবাদী ইছলাম ধর্মাৱলম্বী হোৱাৰ বাবে ইছলামিক দেশসমূহে ইজৰাইল আক্রমণত পূর্ণ সমর্থন জনাইছে৷ ইজৰাইল হৈছে ইহুদীৰ দেশ৷ ইজৰাইলৰ লগত চুবুৰীয়া ইছলামিক ৰাষ্ট্রসমূহৰ শত্রুতা যুগ যুগ ধৰি চলি আহিছে৷ হামাছ সন্ত্রাসবাদীয়ে ইজৰাইলৰ প্রভুত্ব নাশ কৰিবলৈ ইজৰাইলত আক্রমণ চলোৱা বুলি ইতিমধ্যে চর্চাৰ মাজলৈ আহিছে৷ ইজৰাইল–হামাছ সন্ত্রাসবাদীৰ যুঁজখনে পুনৰ বিশ্বৰ কুটিল ৰাজনীতিক প্রমাণিত কৰাৰ সমান্তৰালকৈ ধর্মীয় ভাবনাক প্রাধান্য দিয়া বিষয়টোও চর্চিত হৈছে৷ যুদ্ধই কেতিয়াও মানৱ জাতিৰ বাবে ইতিবাচক দিশ কঢ়িয়াই নানে৷ এনে ক্ষেত্রত যুদ্ধক সমর্থন কিমান প্রাসংগিক, এয়া বিবেচনাৰ বিষয়৷