ৰাজনীতিত কলাকুশলীৰ যোগদান
আমাৰ দেশৰ ৰাজনীতিত কলাকুশলী, লেখক আদিয়ে যোগ দিয়াত কোনো ধৰণৰ বাধা নাই৷ স্বাভাৱিক কাৰণতেই চৰকাৰী চাকৰিয়ালসকলে ৰাজনৈতিক দলত যোগ দিয়াটো নীতিবিৰুদ্ধ কথা৷ কিন্তু চৰকাৰী পইচাৰে জীৱন নির্বাহ কৰিব, কিন্তু পোনপটীয়া চৰকাৰী চাকৰি নহয় তেনে লোকেও ৰাজনীতিত সক্রিয়ভাৱে অংশগ্রহণ কৰি আহিছে৷ সক্রিয় ৰাজনীতি মানে নির্বাচনকেন্দ্রিক ৰাজনীতি নহয়, ৰাজনৈতিক দলৰ আদর্শ প্রচাৰৰ কাম৷ বিশেষকৈ শিক্ষকৰ দৰে সামাজিক সম্ভ্রমপূর্ণ স্থানত বহি বহুজনে ৰাজনৈতিক দলৰ প্রচাৰত বিভিন্ন ধৰণে ব্যস্ত হৈ থাকে৷ এই কামটো এটি ছদ্মবেশী কাম আৰু শিক্ষকতাৰ চাকৰিৰ সুবিধাৰে বছৰে বছৰে ৰাজনৈতিক আদর্শৰ প্রচাৰ কৰি থকাটো শিক্ষকজনে সমর্থন কৰা ৰাজনৈতিক দলটোৰ ভালৰ বাবে হ’ব পাৰে, কিন্তু শিক্ষাৰ পৰিৱেশৰ বাবে ভাল কথা নহয়৷ নির্বাচনী প্রচাৰৰ সময়ত ৰাজনীতিৰ যি ঢ়ৌ আহে, সি মাত্র কেইদিনমানৰ বাবে৷ কিন্তু কিছুমান শিক্ষকে কোমল মনৰ ছাত্র–ছাত্রীসকলৰ মগজ প্রক্ষালন কৰাৰ সুযোগ প্রতিবছৰে লাভ কৰি থাকে৷ শ্রেণীকোঠাত শিক্ষকৰ এই ৰাজনীতিৰ কুফল ভাৰতৰ ৰাইজে দেখা পাইছেই৷ সেইবাবেই ভাৰতৰ মাটিত শিক্ষানুষ্ঠানৰ মজিয়াতেই দেশবিৰোধী শ্লোগান দিয়া, ভাষণ দিয়া যুৱনেতাৰ উৎপাদন হয়৷ চৰকাৰী চাকৰিৰ যি প্রচলিত বিধি আছে, তাৰ উপযুক্ত সালসলনি কৰি হ’লেও শিক্ষানুষ্ঠানত ৰাজনৈতিক দলৰ প্রচাৰৰ কাম বন্ধ কৰাৰ ব্যৱস্থা কৰিব লাগে৷ কিন্তু ছাত্র–ছাত্রীসকলক ৰাজনৈতিক দিশত সচেতন কৰা সকলো ধৰণৰ ব্যৱস্থা থকা উচিত৷ ৰাজনৈতিক দিশত সচেতন নোহোৱা বাবেই আজি ভাৰত স্বাধীন হোৱাৰ সাতটা দশক পাছতো ৰাজনীতি এতিয়াও বহুতৰ বাবে একধৰণৰ অস্পৃশ্য ক্ষেত্র হৈ আছে৷ এখন গণতান্ত্রিক দেশৰ বিকাশৰ বাবে দেশৰ নাগৰিক ৰাজনৈতিকভাৱে শিক্ষিত হোৱা অতি জৰুৰী৷ কিন্তু বাস্তৱ ক্ষেত্রত দেখা যায় যিসকলে ৰাজনৈতিকভাৱে সচেতন বুলি কৈ গৌৰৱ কৰে, তেওঁলোকক দেখা যায় নিজে প্রচাৰক হিচাপে কাম কৰা ৰাজনৈতিক দলৰ স্বার্থত কথা কোৱা, দেশৰ স্বার্থত নহয়৷ কেৱল পার্টীৰ স্বার্থত কথা ভবা প্রচাৰকৰ দ্বাৰা কাৰোবাৰ অপকাৰ হ’ব পাৰে, কিন্তু দেশৰ সামগ্রিকভাৱে একো লাভ নহয়৷
নির্বাচনকেন্দ্রিক ৰাজনীতিক যে সাধাৰণ ৰাইজে ভাল চকুৰে নাচায়, তাৰ দুটা কাৰণ আছে৷ প্রথম কাৰণটো হ’ল ৰাজনৈতিক সচেতনতাৰ অভাৱ আৰু দ্বিতীয়টো হ’ল এটা প্রজন্মৰ মাজত এটা বিশেষ ৰাজনৈতিক মতবাদ বুদ্ধিদীপ্ত মানুহৰ লক্ষণ বুলি ধাৰণা এটা সুমুৱাই দিয়াৰ ফল৷ সাধাৰণতে দেখা যায় যে জনপ্রিয় গায়ক–গায়িকা আদিক সাধাৰণ ৰাইজে নিজৰ ওচৰৰ মানুহ বুলি গণ্য কৰে, মৰম কৰে৷ গতিকে তেনে লোকে ৰাজনীতিত যোগ দিয়াৰ সময়ত তেওঁলোকৰ অনুৰাগীয়ে ভাল পোৱা দলটিত যোগ দিলে ভাল পায়৷ কিন্তু গায়ক–গায়িকাৰ অনুৰাগীসকলে ইমান সহজ বুলি ভবা কথাটো বাস্তৱত সিমান সহজ নহয়৷ একোটা আন্দোলন বিভিন্ন কাৰণত বহুতৰ নেতৃত্বত গঢ়ি উঠে আৰু আন্দোলন মানেই চৰকাৰৰ বিৰোধী৷ তেনে আন্দোলন আয়োজন কৰাসকলৰ বিভিন্ন ধৰণৰ কার্যসূচী থাকে আৰু পেছাদাৰী গায়ক–ভিনেতা আদিক তেনে আন্দোলনলৈ মাতি অনা হয় মূলতঃ দর্শকক আকর্ষণ কৰাৰ বাবেই৷ ৰাজনৈতিক দল এটাত আদর্শৰ কাৰণে যোগদান দিয়া কথাটো একে ৰাতিৰ ভিতৰতে হ’ব বুলি ক’ব নোৱাৰি৷ ইয়াৰ বাবে দীর্ঘদিনৰ অধ্যয়ন আৰু সম্বন্ধৰ প্রয়োজন৷ এনেদৰে ৰাজনীতিত যোগ দিয়া লোকৰ প্রতি কাৰো অভিযোগ নাথাকে৷ কিন্তু চৰকাৰৰ বিৰোধী পক্ষত থাকি আন্দোলন কৰি থাকি দুজনমান নেতাই ৰাজনৈতিক সুবিধা লোৱা দেখাৰ লগে লগে চৰকাৰৰ দলত যোগ দিয়াটোক ৰাইজে কেতিয়াও সহজভাৱে নলয়৷ অতি বেছি জনপ্রিয় শিল্পীসকলৰ কাম–কাজত ৰাইজে বিশেষ আপত্তি নকৰে, কিন্তু মধ্যমীয়া জনপ্রিয়তা থকা গায়ক–গায়িকাসকলৰ্ এনে কামে তেওঁলোকৰ অনুৰাগীসকলক অসন্তুষ্ট কৰে৷ হঠাতে ৰাজনৈতিক দলত যোগ দিয়া লোকসকলৰ পৰা দলটোৰ আন কাম নহওক বা নহওক, অলপ প্রচাৰ নিশ্চয় হয়, সেয়া দলটোৰ লাভ৷ কিন্তু লোকচান হয় অনুৰাগীসকলৰ৷ এই কথাটোও ঠিক যে নির্বাচনৰ সময়ৰ বাহিৰে আন সময়ত গায়ক–গায়িকাৰ ৰাজনৈতিক দলত যোগদানৰ খবৰক কোনেও বিশেষ একো গুৰুত্ব নিদিয়ে৷