শান্তিৰ পথত আৰু এখোজ
যোৱা ২৬ জানুৱাৰীত অসমত স্বতঃস্ফূর্তভাৱে গণৰাজ্য দিৱস উদ্যাপিত হোৱাৰ পিছত ৰাজ্যখনলৈ যে প্রকৃত শান্তি উভতি আহিছে সেয়া স্পষ্ট হৈ পৰিল৷ বিগত চাৰি দশক ধৰি আলফা, এন ডি এফ বিৰ উপৰি উত্তৰ–পূবৰ বিভিন্ন উগ্রপন্থী সংগঠনে গণৰাজ্য দিৱস আৰু স্বাধীনতা দিৱস বর্জন কৰাৰ লগতে বন্ধৰ আহ্বান জনাই অহাটো এটা স্বাভাৱিক ঘটনাত পৰিণত হৈছিল৷ ২৬ জানুৱাৰী আৰু ১৫ আগষ্ট অসমবাসীৰ বাবে আছিল এটা পৰিচিত বন্ধৰ দিন৷ ভীত–সন্ত্রস্ত নাগৰিকে উগ্রপন্থীৰ ভয়ত দেশৰ বাবে গৌৰৱান্বিত এই দিন দুটাৰ আনন্দ উপভোগ কৰিবলৈ সক্ষম হোৱা নাছিল৷ অসমত নতুন চৰকাৰখনে শাসনভাৰ গ্রহণ কৰাৰ পিছত পোনপ্রথমবাৰৰ বাবে এইবাৰ গণৰাজ্য দিৱসত আলফা, এন ডি এফ বিকে ধৰি কোনো উগ্রপন্থী সংগঠনে বন্ধ ঘোষণা কৰা নাই, তথা এই কার্যসূচী বর্জনৰ বাবে আহ্বান জনোৱা নাই৷ এনে পৰিৱর্তনে স্বাভাৱিকতে ৰাজ্যখনলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে৷ গণৰাজ্য দিৱসৰ পিছৰ দিনাই মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ ওচৰত তিৱা লিবাৰেচন আর্মী আৰু ইউনাইটেড গোর্খা পিপ’লছ অর্গেনাইজেচনৰ বৃহৎসংখ্যক নেতা–কেডাৰে অস্ত্র সম্বৰণ কৰি মূল সুঁতিলৈ উভতি আহে৷ এই উগ্রপন্থী নেতা–কর্মীসকলে ভাৰতীয় সংবিধানৰ গণ্ডীৰ ভিতৰত থাকি তেওঁলোকৰ দাবী আলাপ–আলোচনাৰ মাধ্যমেৰে সমাধান কৰাৰ দিশত অগ্রসৰ হ’ব বুলি প্রকাশ কৰে৷ নতুন চৰকাৰ গঠনৰ পিছতে এন ডি এফ বিৰ বৃহৎসংখ্যক নেতা–কেডাৰেও মুখ্যমন্ত্রীৰ ওচৰত অস্ত্র সম্বৰণ কৰি মূল সুঁতিলৈ উভতি আহিছিল৷ এনে অস্ত্র সম্বৰণৰ ঘটনা এতিয়া ৰাজ্যখন উগ্রপন্থীশূন্য ৰাজ্য হোৱাৰ দিশলৈ গতি কৰাৰ আৰম্ভণি বুলি মন্তব্য কৰিব পাৰি৷ আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ তথা ৰাজ্যখনৰ সবাতোকৈ প্রভাৱশালী উগ্রপন্থী নেতা পৰেশ বৰুৱায়ো ইতিমধ্যে পৰোক্ষভাৱে শান্তি আলোচনাৰ জৰিয়তে সমস্যা সমাধান সম্ভৱ বুলি কৈ এটা নতুন দিগন্তৰ সূচনা কৰিছে৷ মুখ্যমন্ত্রীগৰাকীয়েও শেহতীয়াকৈ বিভিন্ন বক্তব্যত আলফাৰ সৈতে আলোচনাৰ বিষয়টো সঠিক দিশত আগবঢ়া বুলি কৰি অহা মন্তব্য সমগ্র অসমৰ বাবেই ইতিবাচক বতৰা৷
যোৱা চাৰিটা দশক ধৰি ৰাজ্যখন উগ্রপন্থা–সন্ত্রাসৰ ঘটনাৰে জর্জৰিত হৈ আহিছে৷ দৰাচলতে ১৯৭৯ চনত অসম আন্দোলন আৰম্ভ হোৱাৰ পিছতে সমগ্র অসমতে সন্ত্রাসজর্জৰ পৰিস্থিতিৰ উদ্ভৱ হয়৷ ৯০ৰ দশকত বাৰুদৰ ধোঁৱাই সম্পূর্ণৰূপে বিধ্বস্ত কৰি তোলে সমগ্র ৰাজ্য৷ তাৰ পৰৱর্তী সময়তো হত্যা–হিংসা–বিস্ফোৰণ্ ঘটনাই কঁপাই ৰাখে সমগ্র ৰাজ্য৷ আলফা আৰু এন ডি এফ বিৰ উগ্রপন্থী কার্যকলাপে বিধ্বস্ত কৰি তোলে অসমৰ জনজীৱন৷ এনে সন্ত্রাসজর্জৰ পৰিস্থিতিত স্থবিৰ হৈ পৰে ৰাজ্যখনৰ সামগ্রিক উন্নয়নৰ ধাৰাটো৷ শেহতীয়াকৈ ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন বিজেপি মিত্রজোঁটৰ চৰকাৰখনে শাসনভাৰ গ্রহণ কৰাৰ পিছতে ৰাজ্যৰ সামগ্রিক বিকাশৰ স্বার্থত শান্তি স্থাপন পূর্ব চর্ত হিচাপে ঘোষণা কৰিছে৷ এই দিশত ৰাজ্য চৰকাৰে বিভিন্ন পদক্ষেপো গ্রহণ কৰিছে৷ বিশেষকৈ মূল সুঁতিলৈ উভতি অহা উগ্রপন্থী কেডাৰসকলক সংস্থাপনৰ বিষয়টোক অগ্রাধিকাৰ দিছে ৰাজ্য চৰকাৰে৷ শেহতীয়াকৈ অস্ত্র সম্বৰণ কৰা এন ডি এফ বিৰ নেতা–কেডাৰসকলৰ বাবে ৰাজ্য চৰকাৰে এক আঁচনিৰ শুভাৰম্ভ কৰিছে৷ এনে পৰিস্থিতিত হাতত বন্দুক লৈ অলীক সপোনৰ পিছত দৌৰি ফুৰা উগ্রপন্থী নেতা–কর্মীসকলৰ মোহভংগ ঘটি মূল সুঁতিৰ প্রতি আকৃষ্ট হৈছে৷ এই ধাৰা অব্যাহত থাকিলে আগন্তুক দিনবোৰত জংঘলত এই পর্যন্ত থকা উগ্রপন্থী নেতা–কর্মীসকলো মূল সুঁতিলৈ উভতি আহিব বুলি অনুমান কৰিব পাৰি৷ এনে পৰিৱেশে ৰাজ্যখনত এক সামগ্রিক বিকাশমুখী পৰিৱেশ গঢ়ি তোলাটো নিশ্চিত৷ এইক্ষেত্রত মূল সুঁতিলৈ উভতি অহা উগ্রপন্থী সংগঠনসমূহৰ দাবীৰ ক্ষেত্রত চৰকাৰে কি ধৰণৰ পদক্ষেপ গ্রহণ কৰে তাৰ ওপৰতে নির্ভৰ কৰিছে স্থায়ী শান্তিৰ বিষয়টো৷ বিশেষকৈ ভাৰতীয় সংবিধানৰ গণ্ডীৰ মাজত মূল সুঁতিলৈ উভতি অহা উগ্রপন্থী সংগঠনসমূহে সমাধানসূত্র বিচৰাৰ পিছত এতিয়া এইক্ষেত্রত কেন্দ্রীয় চৰকাৰৰ ইতিবাচক দৃষ্টিভংগী সবাতোকৈ গুৰুত্বপূর্ণ বুলি বিবেচিত হৈছে৷ কেন্দ্রীয় গৃহ মন্ত্রালয়ে ইতিমধ্যে অসমৰ উগ্রপন্থী সংগঠনসমূহৰ সৈতে আলোচনা প্রক্রিয়াৰ আৰম্ভণি কৰিছে৷ এই প্রক্রিয়াটোত এতিয়া সকলো পক্ষই এৰা–ধৰাৰ মাজেৰে অগ্রসৰ হ’লেই ৰাজ্যখনলৈ স্থায়ী শান্তি উভতি আহিব বুলি নিশ্চিত হ’ব পাৰি৷ এনে পৰিৱেশে এতিয়া অসমত উগ্রপন্থী সমস্যাৰ চিৰদিনলৈ অন্ত পেলাব বুলি আশা কৰিছে ৰাজ্যখনৰ সকলো শ্রেণীৰ নাগৰিকে৷