ইউক্রেইনত যুদ্ধৰ আশংকা
পুনৰ যেন শীতল যুদ্ধৰ পৰিস্থিতি উভতি আহিছে৷ ছোভিয়েট ইউনিয়নৰ পতনৰ পিছত ইউৰোপত শীতল যুদ্ধৰ অৱসান ঘটিছিল৷ যুদ্ধবাজ অন্যতম শক্তি ছোভিয়েট ইউনিয়নৰ সমাজতান্ত্রিক দুর্গৰ পতন ঘটাৰ লগে লগে ৰাছিয়া নেতৃত্বাধীন মহাশক্তি থানবান হৈছিল৷ ভবা হৈছিল যে পুনৰ শীতল যুদ্ধই শান্তিকামী জনতাক ভয়াৱহ পৰিস্থিতিৰ দিশলৈ ঠেলি নিদিব৷ ইয়াৰ মাজতে আমেৰিকাৰ নতুন প্রতিদ্বন্দ্বী হিচাপে চীনে বাণিজ্য আৰু সমৰাস্ত্রৰ ক্ষেত্রত যি প্রতিযোগিতা আৰম্ভ কৰিছে, তাক লৈ উদ্বিগ্ণ হৈছে বিশেষজ্ঞসকল৷ বিভিন্নজনৰ মতে, দ্বিতীয় বিশ্বযুদ্ধৰ পিছৰ শীতল যুদ্ধৰ পৰিস্থিতি পুনৰ উজ্জীৱিত হ’ব চীন আৰু আমেৰিকাৰ মাজত৷ কিন্তু এই ধাৰণাক পিছ পেলাই থৈ ৰাছিয়াই ইউক্রেইন সীমান্তত আৰম্ভ কৰা যুদ্ধংদেহি কার্যসূচীয়ে তৃতীয় বিশ্বযুদ্ধৰ আশংকা কঢ়িয়াই আনিছে৷ ৰাছিয়াৰ একমাত্র দাবী হৈছে ইউৰোপ আৰু আমেৰিকাৰ সামৰিক জোঁট নাটো বাহিনীত ইউক্রেইনক সদস্য পদ দিব নালাগে৷ কাৰণ ইউক্রেইন আছিল পূর্বৰ ছোভিয়েট শিবিৰৰ এক সদস্য ৰাষ্ট্র৷ ইয়াৰ উপৰি ৰুছ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিনে বাল্টিক সাগৰৰ বিভিন্ন স্থানৰ পৰা নাটোৰ সামৰিক অৱস্থান প্রত্যাহাৰ কৰাৰো দাবী তুলি আহিছে৷ ৰাছিয়াৰ আশংকা এটাই যে নাটো বাহিনীৰ সমৰ শক্তিৰ সম্প্রসাৰণ ঘটা মানেই দেশখনলৈ ভৱিষ্যতে নামি আহিব যুদ্ধৰ ভাবুকি৷ গতিকে ইউক্রেইন সীমান্তত ৰাছিয়াই মোতায়েন কৰিছে প্রায় ১ লাখ সৈনিক৷ অকল ইউক্রেইনেই নহয়, বেলাৰুছৰ বিভিন্ন সীমান্ততো ৰাছিয়াই সেনা মোতায়েন কৰিছে৷ ৰাছিয়াৰ এনে যুদ্ধংদেহি মনোভাবৰ বাবে আমেৰিকা আৰু ইউৰোপ ঐক্যবদ্ধ হৈছে৷ যিকোনো প্রকাৰে ইউক্রেইনৰ বিৰুদ্ধে সম্ভাব্য আক্রমণক প্রতিহত কৰিব লাগে৷ আনকি বাৰে বাৰে আমেৰিকাৰ ৰাষ্ট্রপতি জ’ বাইডেনে মস্কো প্রশাসনক ভাবুকি প্রদান কৰি আহিছে৷ ইউক্রেইনৰ বিৰুদ্ধে সামৰিক আগ্রাসন চলালে ভয়াৱহ পৰিণতিৰ সন্মুখীন হ’ব লাগিব ৰাছিয়া৷ প্রত্যক্ষভাৱে ৰাছিয়াৰ বিৰুদ্ধে যুদ্ধ নচলালেও আমেৰিকা তথা ইউৰোপে যদি দেশখনৰ বিৰুদ্ধে কঠোৰ বাণিজ্যিক নিষেধাজ্ঞা আৰোপ কৰে, তেন্তে ইউৰোপজুৰি ৰাছিয়া সংকটত পৰিব৷ এক কথাত ক’বলৈ গ’লে, ইউৰোপত ৰাছিয়াৰ বাণিজ্যিক ক্ষেত্রখনলৈ নামি আহিব পংগুত্ব৷ গতিকে ৰাছিয়ায়ো এনে এখন আত্মঘাতী যুদ্ধ যে বিচাৰিব, সেই কথা কল্পনা কৰিব নোৱাৰি৷
কিন্তু পূর্বে ৰাছিয়াই ক্রিমিয়া দখল কৰি থৈছে একপক্ষীয় সিদ্ধান্তৰে৷ ইউক্রেইনবিৰোধী বিদ্রোহী বাহিনীক বিভিন্ন সময়ত সহায় কৰি আহিছে মস্কো প্রশাসনে৷ এই বিষয়টোক ৰাছিয়াই দুই দেশৰ অভ্যন্তৰৰ বিষয় বুলি অভিহিত কৰি আহিছে যদিও ইউক্রেইনে নাটোৰ আশীর্বাদপুষ্ট হোৱাৰ লগে লগে দেশখনত বৃহৎ সামৰিক জোঁটৰ ঘাটি স্থাপনৰ কুচকাৱাজ চলিছে৷ মূল কথাটো হৈছে– পূব ইউৰোপত ৰাছিয়া এতিয়াও এক বৃহৎ শক্তি হিচাপে চিহ্ণিত হৈ আছে আমেৰিকাৰ দৃষ্টিত৷ ইউৰোপৰ পৰাক্রমী শক্তিসমূহেও ৰাছিয়াক ছোভিয়েট যুগৰ শক্তি হিচাপেই গুৰুত্ব দি আহিছে৷ কাৰণ, বিশ্বৰ এক বৃহৎ পাৰমাণৱিক শক্তি বুলি ক’লে আমেৰিকাৰ পিছতে চিহ্ণিত কৰা হয় ৰাছিয়াক৷ এনে পৰিস্থিতিত ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদৰ মজিয়াতো বিষয়টোক লৈ চলিছে তীব্র যুক্তিযুদ্ধ৷ শেহতীয়াকৈ নিৰাপত্তা পৰিষদৰ মজিয়াত ৰাছিয়া আৰু আমেৰিকাৰ কূটনীতিকৰ মাজত মুকলি বাদানুবাদৰ সৃষ্টি হৈছে৷ ইউক্রেইনৰ শান্তি আৰু নিৰাপত্তালৈ ভাবুকি অহা বুলি ৰাষ্ট্রসংঘৰ শীর্ষ সংস্থাটোৰ মজিয়াত আমেৰিকাই অনা এক প্রস্তাৱত ১৫খন দেশৰ ভিতৰত ১০খনেই ভোটদান কৰিছে৷ অৱশ্যে চীন আৰু ৰাছিয়াই ইয়াৰ বিৰুদ্ধে ভোটদান কৰাৰ বিপৰীতে ৩খন দেশে বিষয়টোত ভোটদানৰ পৰা বিৰত থকাৰ সিদ্ধান্ত লয়৷ ভোটদান কৰাৰ ক্ষেত্রত বিৰত থকাৰ সিদ্ধান্ত লোৱা দেশসমূহৰ ভিতৰত অন্যতম হৈছে ভাৰত৷ ভাৰতৰ যুক্তি হৈছে যে ৰাছিয়া আৰু আমেৰিকাই কূটনৈতিক আলোচনাৰ মাজেৰে সমস্যাৰ সমাধান ঘটাব লাগে৷ কাৰণ ইউক্রেইনত এখন যুদ্ধ মানে সমগ্র পূব ইউৰোপত ইয়াৰ বিভীষিকা বিয়পি পৰিব৷ অকল ইউৰোপ বুলিয়েই নহয়, বিশ্ব অর্থনীতিলৈ নামি আহিব ভাবুকি৷ আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হৈছে, ৰাছিয়া আৰু আমেৰিকা উভয়েই ভাৰতৰ মিত্র দেশ৷ ইয়াৰ উপৰি ইউক্রেইনত আছে দুই সহস্রাধিক ভাৰতীয় নাগৰিক৷ এই ভাৰতীয় নাগৰিকসকলৰ নিৰাপত্তাৰ বিষয়টোক লৈও উদ্বিগ্ণ নতুন দিল্লী প্রশাসন৷ গতিকে নিৰাপত্তা পৰিষদৰ মজিয়াত ভাৰতে বিষয়টোত ভোটদানৰ পৰা বিৰত থাকি কূটনৈতিক চাতুর্যৰ পৰিচয় দিবলৈ সক্ষম হৈছে৷ কিন্তু ৰাছিয়া আৰু নাটোক লৈ ইউক্রেইন সীমান্তত যি উত্তেজনা সৃষ্টি হৈছে, তাৰ অৱসান শীঘ্রেই ঘটিব বুলি ভাবিব নোৱাৰি৷ কাৰণ ৰাছিয়াই দীর্ঘদিনৰ পৰা আগবঢ়াই অহা চর্তসমূহ ইউৰোপ, আমেৰিকাই কেনেদৰে গণ্য কৰে, তাৰ ওপৰতে নির্ভৰ কৰিব ভৱিষ্যতৰ পৰিস্থিতি৷