নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জনপ্রিয়তা

জনপ্রিয়তাৰ কোনো নির্দিষ্ট মাপকাঠি নাথাকে৷ ৰাজহুৱা ক্ষেত্রৰ এজন লোকৰ জনপ্রিয়তা জোখা হয় তেওঁৰ অনুগামীৰ সংখ্যাৰে৷ এজন অভিনেতা, এজন গায়ক অথবা এজন শিল্পীৰ জনপ্রিয়তাৰ বিচাৰ হয় অভিনেতাজনে অভিনয় কৰা চিনেমা, নাটক অথবা তেওঁৰ মাধ্যমটোৰ গ্রহণযোগ্যতা অথবা বহুল প্রদর্শনৰ ওপৰত৷ এজন গায়কৰ জনপ্রিয়তাৰ মাপকাঠি হয় তেওঁৰ গীতৰ প্রতি অনুগামীৰ আগ্রহৰ ওপৰত৷ এজন শিল্পীৰ জনপ্রিয়তাৰ বিচাৰ হয় তেওঁৰ শিল্পকর্মই কিমান প্রচাৰ আৰু প্রসাৰ লাভ কৰিছে৷ সমাজ জীৱনৰ এজন নেতাৰ জনপ্রিয়তা নির্ভৰ কৰে তেওঁৰ অনুগামীৰ সংখ্যাৰ ওপৰত৷ ৰাজহুৱা জীৱন অথবা প্রশাসনৰ শীর্ষত থকা ব্যক্তি এজনৰ কর্মকাণ্ডই তেওঁৰ জনপ্রিয়তাৰ মাপকাঠি নিৰূপণ কৰে৷ বিভিন্ন সময়ত বিভিন্ন অজুহাতত এনে ব্যক্তিৰ জনপ্রিয়তা জনমানসত স্পষ্ট হৈ পৰে৷ শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ জন্মদিনৰ সময়ত তেওঁৰ জনপ্রিয়তা জনমানসত স্পষ্ট হৈ পৰিছে৷ তেওঁৰ অনুগামীসকলে যিধৰণে তেওঁলোকৰ প্রিয় নেতাগৰাকীৰ জন্মদিন উদ্যাপন কৰিলে তাৰ দ্বাৰা প্রমাণ হৈছে মুখ্যমন্ত্রীগৰাকীৰ জনপ্রিয়তাৰ মাপকাঠি৷ উল্লেখ্য যে ড০ হিমন্ত বিশ্ব শর্মাৰ জন্মদিনত তেওঁৰ গৃহ সমষ্টি জালুকবাৰীত বিভিন্ন দলীয় কর্মীয়ে কেক্ কাটি উদ্যাপন কৰাই নহয়, এনে জন্মদিন উদ্যাপনত সর্বসাধাৰণ লোকৰ সহযোগো আছিল অভূতপূর্ব৷ কার্যতঃ সমষ্টিবাসী ৰাইজে নিজাববীয়াকৈ উদ্যাপন কৰিছিল তেওঁলোকৰ জনপ্রতিনিধিগৰাকীৰ্ ওপজা দিনটো৷ ইয়াত দল–মত বিশেষৰ কোনো কথা নাছিল৷ এই জন্মদিন উদ্যাপনে প্রকৃততে ড০ হিমন্ত বিশ্ব শর্মাক জালুকবাৰীৰ ভোটাৰ ৰাইজৰ হূদয়ত প্রতিনিধি হিচাপে প্রতিষ্ঠা কৰিলে৷ দলীয় কর্মী অথবা অনুগামীয়ে নিজৰ নেতাগৰাকীৰ ওপজা দিন উদ্যাপনত নিশ্চিয়কৈ এক স্বার্থ নিহিত হৈ থাকে৷ কিন্তু সমষ্টিৰ সর্বসাধাৰণ ৰাইজে যদি স্বতঃস্ফূর্তভাৱে এনে এটা দিন উদ্যাপন কৰে তেতিয়া তেনে জনপ্রতিনিধিগৰাকীৰ্ সর্বজনগ্রাহ্যতা প্রমাণিত হয়৷ জালুকবাৰী সমষ্টিত ড০ হিমন্ত বিশ্ব শর্মাই সেই স্থান ইতিমধ্যে লাভ কৰাটো তেওঁৰ ওপজা দিনত প্রমাণিত হৈছে৷
কেৱল জালুকবাৰী সমষ্টিতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ জন্মদিন ৰাজ্যৰ বিভিন্ন প্রান্তত উদ্যাপিত হোৱাৰ বাতৰি প্রকাশ পাইছে৷ আনকি মাজুলীৰ আউনীআটী–দক্ষিণপাট সত্রৰ একাংশ কিশোৰ ভকত আহি তেওঁৰ বাসগৃহত জন্মদিন উদ্যাপন কৰিছে৷ এই বিষয়টো বিশেষভাৱে তাৎপর্যপূর্ণ যে মাজুলীৰ সত্রত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ জনপ্রিয়তা ইমানেই বৃদ্ধি পাইছে যে সত্রৰ একাংশ কিশোৰ ভকতে তেওঁৰ ওপজা দিনত গুৱাহাটীলৈ আহি শুভেচ্ছা জ্ঞাপন কৰিছে৷ সামগ্রিকভাৱে বিশ্লেষণ কৰিলে এই বিষয়টোৰ এক অন্তর্নিহিত তাৎপর্য আছে৷ মুখ্যমন্ত্রী ড০ শর্মাই বিগত সময়ত সনাতন ভাৰতীয় সংস্কৃতিৰ আধাৰত মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ সমস্ত সৃষ্টিৰাজিক যিদৰে প্রতিনিধিত্ব কৰি তাৰ প্রচাৰ আৰু প্রসাৰৰ বাবে ব্যৱস্থা গ্রহণ কৰিছে, সিয়ে অসমীয়া সমাজ জীৱনক এক নতুন দিগন্তৰ সন্ধান দিবলৈ সক্ষম হৈছে৷ মহাপুৰুষ দুজনাৰ সৃষ্টিৰাজিক তেওঁ প্রতিখন মঞ্চ আৰু প্রতিখন ক্ষেত্রত যিদৰে প্রতিষ্ঠা কৰাৰ অহোপুৰুষার্থ প্রচেষ্টা অব্যাহত ৰাখিছে, সি তেওঁক অসমৰ অপ্রতিদ্বন্দ্বী ৰাজনৈতিক নেতা হিচাপে প্রতিষ্ঠা কৰাৰ দিশত অগ্রসৰ হৈছে৷ উল্লেখ্য যে নিজৰ সহজ–সৰল জীৱনশৈলীৰ বাবে প্রয়াত শৰৎ সিংহ অসমৰ এজন জনপ্রিয় মুখ্যমন্ত্রী ৰূপে পৰিচিত হৈ আহিছিল৷ কিন্তু ড০ হিমন্ত বিশ্ব শর্মাই মুখ্যমন্ত্রী ৰূপে অসমৰ সর্বসাধাৰণৰ বাবে যিধৰণৰ গণমুখী কার্যসূচী আৰু বিভিন্ন আঁচনি গ্রহণ কৰিছে, তাৰ জৰিয়তে তেওঁ ৰাজ্যখনৰ জনপ্রিয় মুখ্যমন্ত্রী ৰূপে পৰিচিত হৈ পৰিছে৷ আনকি বিভিন্ন দুৰাৰোগ্য ৰোগত ভোগা শিশুসকলৰ বাবে বহিঃৰাজ্যলৈ নি তেওঁ চিকিৎসা কৰাৰ যি আঁচনি গ্রহণ কৰিছে তেনে আঁচনিয়ে ৰাজ্যৰ বহু পৰিয়াললৈ নামি অহা ঘোৰ অমানিশা দূৰ কৰিবলৈ সক্ষম হৈছে৷ শেহতীয়াকৈ মুখ্যমন্ত্রী ৰূপে শাসনভাৰ লৈয়েই ড০ হিমন্ত বিশ্ব শর্মাই ড্রাগ্ছৰ বিৰুদ্ধে যি কঠোৰ ব্যৱস্থা গ্রহণ কৰিছে, তেনে ব্যৱস্থাই কাল এন্ধাৰ নমাই অনা পৰিয়াললৈ আশাৰ বতৰা কঢ়িয়াই আনিছে৷ ড্রাগ্ছ আসক্ত বহু যুৱকৰ পিতৃ–মাতৃৰ বাবে এতিয়া ড০ হিমন্ত বিশ্ব শর্মা দেৱতা স্বৰূপ৷ এনে ধৰণৰ বিভিন্ন আঁচনি আৰু কর্মসূচীৰ বাবে ড০ হিমন্ত বিশ্ব শর্মা অসমৰ ৰাজনৈতিক ইতিহাসত এজন সবাতোকৈ জনপ্রিয় মুখ্যমন্ত্রী হোৱাৰ দিশেৰে অগ্রসৰ হৈছে৷ ড০ শর্মাই তেওঁৰ জনমুখী কাম–কাজসমূহ যদি অব্যাহত ৰাখে তেন্তে অসমৰ সামাজিক–ৰাজনৈতিক ইতিহাসত তেওঁৰ নাম সোণালী আখৰেৰে লিপিবদ্ধ হৈ থাকিব৷ সস্তীয়া জনপ্রিয়তাৰ বিপৰীতে জনতাৰ হূদয় জয় কৰিব পৰা কর্মযজ্ঞ অব্যাহত ৰখাটো মুখ্যমন্ত্রীগৰাকীৰ প্রকৃত কাম বুলি বিবেচিত হৈছে৷

You might also like