নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুর্নীতি আৰু চৰকাৰৰ শূন্য সহনশীল নীতি

দুর্নীতিৰ ফলত আটাইতকৈ যিসকল নাগৰিক ক্ষতিগ্রস্ত হয়, তেওঁলোক বেছিভাগেই সামাজিক আৰু অর্থনৈতিকভাৱে পিছপৰা৷ ব্যাপক দুর্নীতিৰ প্রভাৱ অর্থনীতিৰ ওপৰত প্রত্যক্ষভাৱে পৰে৷ ফলত একাংশ লোক সকলো দিশৰ পৰা বঞ্চিত হ’বলগীয়া হয়৷ ভাৰতত নৰেন্দ্র মোদী চৰকাৰে দুর্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতি গ্রহণ কৰিলেও আৰু তুলনামূলকভাৱে দুর্নীতিৰ মাত্রা কিছু হ্রাস পালেও দেশ দুর্নীতিমুক্ত হোৱা নাই৷ চৰকাৰী–বেচৰকাৰী উভয় খণ্ডতে যে ব্যাপক হাৰত দুর্নীতি এতিয়াও অব্যাহত আছে, তাত সন্দেহ নাই৷ ইয়াৰ মূলতে হ’ল একাংশ দুর্নীতিগ্রস্ত বিষয়া আৰু ৰাজনৈতিক নেতা৷ তেওঁলোকৰ পৃষ্ঠপোষকতাত বিভিন্ন বিভাগত দুর্নীতি অব্যাহত আছে৷ ইয়াৰ লগতে আছে উৎকোচ দি কাম আদায় কৰাৰ মানসিকতা থকা একাংশ নাগৰিক৷ ট্রেন্সপাৰেন্সী ইণ্টাৰনেচনেলৰ যোৱা বছৰৰ এক সমীক্ষা মতে ভাৰতত উৎকোচ প্রদানৰ হাৰ হ’ল ৩৯ শতাংশ৷ আনহাতে, ব্যক্তিগত যোগসূত্রৰ জৰিয়তে কাম আদায় কৰা নাগৰিকৰ হাৰ হ’ল ৪৬ শতাংশ৷ এছিয়াৰ ভিতৰতে এই দুয়োটা দিশতে এই হাৰ সর্বোচ্চ৷ সমীক্ষাটোৰ মতে উৎকোচ প্রদান কৰা ৫০ শতাংশই কামৰ আশাত নিজেই উৎকোচ যাচে৷ অর্থাৎ দীঘলীয়া চৰকাৰী প্রক্রিয়াৰ পৰা ৰেহাই পাবলৈ তেওঁলোকে উৎকোচ দিয়ে আৰু সহজে কাম আদায় কৰে৷ বাকী ৫০ শতাংশক বিষয়া–নেতাই কামৰ বিনিময়ত উৎকোচ বিচাৰে৷ যিসকলে ব্যক্তিগত যোগসূত্রৰ জৰিয়তে নেতা–বিষয়াৰ পৃষ্ঠপোষকতাত কাম আদায় কৰে, তেওঁলোকে স্বীকাৰ কৰে যে এই পন্থা অৱলম্বন নকৰিলে বিশেষ কামটো তেওঁৰ পক্ষে কোনোপধ্যে সম্ভৱ নহয়৷ অসম তথা ভাৰতত দুর্নীতি যে অব্যাহত আছে, সেই কথা একাংশ ৰাজনৈতিক নেতা আৰু বিষয়া–কর্মচাৰীৰ জীৱন যাপন প্রণালীৰ পৰা সহজে উপলব্ধি কৰিব পাৰি৷ সামঞ্জস্যহীন উপার্জন কৰি তেওঁলোকে বিলাসিতাপূর্ণ জীৱন যাপন কৰে৷ দুর্নীতি নিবাৰক বিভাগ আৰু আয়কৰ বিভাগে এনে ব্যক্তিৰ বিৰুদ্ধে মাজে–সময়ে অভিযান চলোৱাৰ সময়ত চকু কপালত উঠা কিছুমান তথ্য উদ্ঘাটন হৈ আহিছে৷ কিন্তু এনে অভিযানৰ চৰকাৰী পৃষ্ঠপোষকতাৰ বাবে একাংশ লোক হাত সাৰি যোৱাৰ অলেখ উদাহৰণ আছে৷ দুর্নীতি নিবাৰক, এনফ’চমেণ্ট ডাইৰেক্টৰেট, আয়কৰ বিভাগ আদিয়ে যদি এনে লোকৰ বিৰুদ্ধে ব্যাপক অভিযান চলায়, তেন্তে দেশত দুর্নীতিৰ হাৰ হ্রাস পোৱাৰ আশা আছে৷ কিন্তু দুর্নীতিগ্রস্তৰ সংখ্যাটো ইমান ডাঙৰ যে তেওঁলোক সকলোৰে বিৰুদ্ধে অভিযান চলোৱাটো একপ্রকাৰ অসম্ভৱ৷ দুর্নীতিবিৰোধী কোনো বিভাগতে এনে এক বৃহৎ অভিযান চলাবলৈ পর্যাপ্ত মানৱ শক্তি নাই৷
চৰকাৰে দুর্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতি গ্রহণ কৰা সত্ত্বেও ভাৰতত কেনেকৈ দুর্নীতি অব্যাহত আছে? ইয়াৰ সহজ উত্তৰটো হ’ল– উজু উপায়েৰে ধন ঘটাৰ মানসিকতাৰ পৰা ভাৰতীয় মানুহ মুক্ত হ’ব পৰা নাই৷ চৰকাৰী বিষয়াই হওক বা ৰাজনৈতিক নেতা, ব্যৱসায়ীয়েই হওক বা সাধাৰণ চাকৰিয়াল, সকলোৱে নিজৰ কাম সিদ্ধি কৰিবলৈ দুর্নীতিক প্রশ্রয় দি আহিছে৷ তেওঁলোকৰ মাজত নিশ্চিতভাৱে ব্যতিক্রম নথকা নহয়৷ কিন্তু সততাৰে কাম কৰা এই লোকসকলৰ সংখ্যাটো তুলনামূলকভাৱে অত্যন্ত কম৷ ইয়াৰ ফলতে আমাৰ সমাজখনক দুর্নীতিমুক্ত কৰাটো কঠিন হৈ পৰিছে৷ উৎকোচ লোৱা আৰু উৎকোচ দিয়া দুয়োটাই অপৰাধ৷ কিন্তু যি হাৰত উৎকোচৰ এই লেনদেন চলি আছে, তাৰ তুলনাত ধৰা পৰা মানুহৰ সংখ্যা কম৷ ট্রেন্সপাৰেন্সী ইণ্টাৰনেচনেলৰ শেহতীয়া এক প্রতিবেদন মতে দুর্নীতিগ্রস্ত দেশৰ তালিকাত ভাৰত ৬টা স্থান অৱনমিত হৈছে৷ যোৱা বছৰৰ তালিকাত ভাৰত ৮০সংখ্যক স্থানত থকাৰ বিপৰীতে এইবাৰ ১৮০খন দেশৰ ভিতৰত ৮৬সংখ্যক স্থানলৈ অৱনমিত হৈছে৷ ইয়াৰ পৰাই বুজিব পাৰি যে ভাৰতৰ বাবে দুর্নীতি এতিয়াও সামগ্রিক প্রগতিৰ ক্ষেত্রত এক ডাঙৰ অন্তৰায় হৈ থিয় দি আছে৷

You might also like