নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডবল টাইগাৰ

বি এ চি, বি টি চিৰ পৰা বি টি আৰলৈকে স্বায়ত্তশাসনৰ সুদীর্ঘ পৰিক্রমাটোত অসমৰ এটা বৃহৎ অংশই হিংসা–প্রতিহিংসাৰ এটা অবর্ণনীয় ভয়াৱহ ইতিহাস গচকি আহিবলগীয়া হৈছে৷ বি টি আৰ চুক্তিয়ে সেই পৰিক্রমাটোৰ অন্ত পেলাই এখন নতুন অসম তথা বডোলেণ্ডৰ সম্ভাৱনা জগাই তুলিছিল৷ কিয়নো চুক্তিখন সম্পন্ন হৈছিল পৰিষদীয় অঞ্চলত বিশেষভাৱে সক্রিয় অৱশিষ্ট উগ্রপন্থী গোটৰ সৈতে৷ এন ডি এফ বিৰ কেউটা বিভাজিত গোটক এখন মেজলৈ আনি কেন্দ্রীয় চৰকাৰে চুক্তিখন কৰিছিল৷ চুক্তিৰ জৰিয়তে পৰিষদীয় অঞ্চলটোত অধিক স্বায়ত্তশাসন, অধিক বিকাশৰ ভেটি গঢ়িবলৈ চৰকাৰ প্রতিশ্রুতিবদ্ধ হৈছিল৷ কিন্তু শেহতীয়াকৈ পৰিষদীয় অঞ্চলত এটা নতুন উগ্রপন্থী গোটে আত্মপ্রকাশ কৰা বুলি তথ্য পোহৰলৈ আহিছে৷ আৰক্ষী আৰু চোৰাংচোৱাই সংগঠনটোৰ নাম তথা ধন দাবী, অপহৰণ বা তেনে ধৰণৰ কাম–কাজৰ সঠিককৈ তথ্য লাভ কৰা নাই যদিও সংগঠনটোৰ নাম ‘ডবল টাইগাৰ’ হ’ব পাৰে বুলি সংবাদ মাধ্যমৰ আগত সদৰী কৰিছে৷ সংগঠনটোৰ নেতৃত্বত বাথা নামৰ এন ডি এফ বিৰ নেতা এজন আছে বুলিও আৰক্ষী প্রশাসনৰ তৰফৰ পৰা দাবী কৰা হৈছে৷ তেওঁৰ নেতৃত্বত প্রাক্তন এন ডি এফ বি আৰু বি এল টিৰ প্রায় কুৰিজন সদস্যই ভাৰত–ভূটান সীমান্তৰ গভীৰ অৰণ্যত আশ্রয় গ্রহণ কৰি উগ্রপন্থী সংগঠনটোক শক্তিশালী কৰাৰ চেষ্টা চলাই আছে৷ তেওঁলোকৰ লগত কেইজনমান অ’ভাৰগ্রাউণ্ড সদস্যও যুক্ত হৈ পৰা বুলি খবৰ ওলাইছে৷ দলটোৰ বি টি আৰ চুক্তিক লৈ প্রথমে কোনো ধৰণৰ ওজৰ–আপত্তি নাছিল৷ কিন্তু পৰিষদীয় অঞ্চলৰ পৰিৱর্তিত ৰাজনীতিয়ে তেওঁলোকৰ চিন্তা–চেতনাত বি টি আৰ চুক্তিখন অসাৰ যেন ধাৰণা এটা সুমুৱাই দিয়ে৷

এইখিনিতে উল্লেখ কৰিব পাৰি যে বি টি আৰ চুক্তিত স্বাক্ষৰকাৰীয়েও পৰৱর্তী সময়ত চুক্তিখন বডো জনসাধাৰণৰ বাবে লাভদায়ক নহয় বুলি প্রচাৰত লিপ্ত হৈ জনগোষ্ঠীটোক বিভ্রান্ত কৰাৰ চেষ্টা চলাই আছে৷ এন ডি এফ বিৰ অসন্তুষ্ট দলটো অৰণ্যলৈ যাত্রা কৰাৰ ইও এটা প্রেক্ষাপট হ’ব পাৰে৷ অৱশ্যে আৰক্ষী প্রশাসনে সংগঠনটোক লৈ বা সীমান্তৰ অৰণ্যত আত্মগোপন কৰি সদস্যকেইজনৰ বিষয়ে এতিয়ালৈকে যিমানখিনি তথ্য সদৰী কৰিছে, তাত এটা কথা স্পষ্ট হৈ পৰিছে যে বাথাৰ নেতৃত্বত দলটো তেনেই চালুকীয়া অৱস্থাত আছে৷ চৰকাৰে কূটনৈতিক আৰু শক্তি দুয়োটাৰ প্রয়োগেৰে তেওঁলোকক অৰণ্য এৰি জনসাধাৰণৰ মাজলৈ ওলাই আহিবলৈ বাধ্য কৰাব পাৰে৷ সময় থাকোঁতেই ব্যৱস্থা গ্রহণ নকৰিলে পিছলৈ গোজেই গজালি মেলিব পাৰে৷ বি টি আৰ চুক্তিৰ এটা অন্যতম বার্তা আছিল, পৰিষদীয় অঞ্চলত উগ্রপন্থী সংগঠনৰ কার্যকলাপৰ পৰিসমাপ্তি৷ এইটোৱেই অসমৰ আন আন অংশৰ লগতে পৰিষদীয় অঞ্চলৰ সকলো শ্রেণী, সকলো ভাষা–ভাষীৰ লোকক সুখী কৰি তুলিছিল৷ মানুহৰ মাজত আশাৰ সঞ্চাৰ হৈছিল৷ অশান্তি–নিশ্চয়তাৰ দিনবোৰ অতীত হ’ব বুলি অনেকে স্বস্তিৰ নিশ্বাস পেলাইছিল৷ কিয়নো, উগ্রপন্থীৰ ধন দাবী, হত্যা–পহৰণ, বছৰেকীয়া কৰ আদিৰ পৰা পৰিষদীয় অঞ্চলৰ কোনো ভাষা–ভাষী লোকে ৰেহাই পোৱা নাছিল৷ সকলোৱে উগ্রপন্থীৰ অপকর্মৰ কুফল ভুগিব লাগিছিল৷ তদুপৰি, উগ্রপন্থীক দমনৰ নামত চলা অভিযানতো নিৰীহ লোক নির্যাতিত হোৱাৰ বহু ঘটনা সংঘটিত হৈছিল৷ এনে প্রেক্ষাপটত অঞ্চলটোৰ সুধী সমাজে সুদীর্ঘ কালৰ পৰাই উগ্রপন্থী সমস্যাটোৰ সমাধান হওক বুলি আশা পালি ৰৈ আছিল৷ লগতে আশা প্রকাশ কৰিছিল যেন অনাগত দিনত আৰু কোনো যুৱক–যুৱতীয়ে হাতত অস্ত্র তুলি লোৱাৰ দৰে ভুল নকৰে৷ বি টি আৰ চুক্তিয়ে সেই প্রত্যাশা পূৰণ কৰিছিল৷ পৰিষদীয় অঞ্চলটোৰ সকলো শ্রেণীৰ লোকে চুক্তিখনক আদৰণি জনাইছিল৷ জাতীয় উছৱৰ দৰে পর্বৰ সৃষ্টি কৰি আনন্দ–উল্লাসত মগ্ণ হৈ পৰিছিল৷ তদুপৰি, বি টি আৰ চুক্তিৰ পিছত অনুষ্ঠিত পৰিষদীয় সাধাৰণ নির্বাচনতো শান্তিপূর্ণ পৰিৱেশত ব্যাপক হাৰত অংশগ্রহণ কৰি চুক্তি স্বাক্ষৰকাৰী পক্ষক ক্ষমতালৈ অনাত আগ–ভাগ লৈছিল৷ সকলোবোৰ সঠিকভাৱে গৈ থকাৰ মাজতে বাথাৰ নেতৃত্বত কেইজনমান যুৱকে হাতত অস্ত্র তুলি লোৱাৰ হুংকাৰ দি পুনৰ অৰণ্যমুখী হয়৷ ইয়াৰ আঁৰত অসন্তুষ্টি নে অপশক্তিৰ উচটনি জডিত হৈ আছে, সেইটো চৰকাৰে নিশ্চয় পৰীক্ষা কৰিব৷ কিন্তু যদি দলটোক বুজাই–বঢ়াই পুনৰ মূলসুঁতিলৈ আনিব পাৰি, তেন্তে সেইটো হ’ব সকলোৰে আশাৰ খবৰ৷ নহ’লে পৰিষদীয় অঞ্চলটো পুনৰ হিংসা–প্রতিহিংসাৰ ভয়াৱহ দিনবোৰলৈ উভতি যাব পাৰে৷ দলটোৱে সংগঠনটো চলাই নিয়াৰ তাগিদাত কম সময়ৰ ভিতৰতে ধন দাবী, অপহৰণৰ দৰে কার্যত লিপ্ত হ’ব পাৰে৷ দাবী পূৰণ নহ’লে হত্যাও কৰিব পাৰে৷ তেওঁলোকৰ হাতত কিছু পৰিমাণে অত্যাধুনিক মাৰণাস্ত্র আছে বুলি আৰক্ষীয়ে দাবী কৰিছে৷ বিষয়টো চৰকাৰ তথা জনসাধাৰণে গুৰুত্বসহকাৰে লোৱা ভাল৷ জনসাধাৰণেও তেওঁলোকক মূলসুঁতিলৈ উভতি আহিবলৈ বাধ্য কৰিব পাৰে৷

You might also like