নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নির্বাচন ব্যৱস্থাপনা

২০১৪ চনৰ দেশৰ সাধাৰণ নির্বাচনত সমগ্র ভাৰতজুৰি মোদী লহৰ সৃষ্টি কৰি নৰেন্দ্র মোদী প্রধানমন্ত্রী হোৱাৰ পিছতে চর্চালৈ আহিছিল এটা নাম৷ প্রশান্ত কিশোৰ নামৰ সেই সময়ৰ ৩৬ বছৰীয়া যুৱকজন আছিল মোদী তথা বিজেপিৰ বৃহৎ জয়লাভৰ আঁৰৰ মূল ব্যক্তি৷ তেতিয়াৰ পৰাই ভাৰতীয় ৰাজনীতিত চর্চিত ব্যক্তি হৈ পৰে প্রশান্ত কিশোৰ৷ প্রশান্ত কিশোৰৰ সমান্তৰালভাৱে নির্বাচনী ৰাজনীতিৰ আলোচ্য বিষয় হয় নির্বাচন ব্যৱস্থাপনা অর্থাৎ ইলেকচন মেনেজমেণ্ট নামৰ নতুন ধাৰণাটো৷ নির্বাচন ব্যৱস্থাপনা অর্থাৎ নির্বাচনী ৰণকৌশলৰ পৰা প্রচাৰ অভিযানলৈ সামৰি লয় এই প্রক্রিয়াটোত৷ নির্বাচন ব্যৱস্থাপনাৰ বাবে গঢ় দিয়া অনুষ্ঠান বা গোষ্ঠীৰ হাতত অর্পিত হয় এজন প্রার্থী বা এটা ৰাজনৈতিক দলৰ নির্বাচনত জয়ী হোৱাৰ সকলো কৌশল৷ যিটো ৰাজনৈতিক দল বা প্রার্থীয়ে নির্বাচনৰ সময়ত এনে ব্যৱস্থাপনা গোষ্ঠীক দায়িত্ব দিয়ে সেই গোষ্ঠীটোৰ নির্দেশতে পৰিচালিত হয় দলটো বা প্রার্থীজনৰ সমগ্র নির্বাচনী প্রচাৰ৷ দল বা প্রার্থীয়ে ক’ত কি সভা অনুষ্ঠিত কৰিব, সেই সভাত কি বক্তব্য আগবঢ়াব লাগিব, শ্লোগান কি হ’ব, ৰেলী ক’ত কেনেকৈ হ’ব– আনকি প্রার্থীয়ে কি পিন্ধিব সেয়াও নির্ধাৰণ কৰি দিয়ে এই ৰণকৌশল প্রস্তুতকর্তাই৷ এনে সূক্ষ্ম কৌশল–প্রচাৰ–প্রস্ত্ আদিয়ে একত্রিতভাৱে সম্ভৱ কৰি তোলে ৰাজনৈতিক দল এটা বা প্রার্থী এজনৰ নির্বাচনী বিজয়৷ নৰেন্দ্র মোদী শাসনলৈ অহাৰ পিছতে এতিয়া প্রশান্ত কিশোৰৰ নাম পুনৰ ব্যাপক চর্চালৈ আহিছে পশ্চিমবংগ বিধানসভা নির্বাচনত মমতা বেনার্জী নেতৃত্বাধীন তৃণমূল কংগ্রেছৰ বৃহৎ বিজয়ৰ লগে লগে৷ সদ্যসমাপ্ত পশ্চিমবংগ নির্বাচনত তৃণমূল কংগ্রেছে ২৯৪খন আসনৰ ভিতৰত ২১৩খন আসন লাভ কৰি তৃতীয়বাৰৰ বাবে ৰাজ্যৰ শাসনলৈ আহে৷ তৃণমূল কংগ্রেছৰ এই বৃহৎ বিজয় সহজসাধ্য নাছিল৷ কিয়নো, পশ্চিমবংগ দখলৰ বাবে বিজেপি দলে যোৱা তিনি বছৰ ধৰি নিৰৱচ্ছিন্নভাবে ৰাজ্যখনত ব্যাপক নির্বাচনী প্রস্তুতি চলাইছিল৷ প্রধানমন্ত্রী, গৃহমন্ত্রী, বিজেপিৰ সভাপতি তথা দলটোৰ হেভীৱেইট নেতা আৰু মোদী কেবিনেটৰ প্রায় সকলো সদস্যই নামি পৰিছিল পশ্চিমবংগৰ নির্বাচনী প্রচাৰত৷ ৰাজ্যিক তথা ৰাষ্ট্রীয় সংবাদ মাধ্যমৰ প্রতিক্ষণে দৃষ্টি নিবদ্ধ হৈ আছিল পশ্চিমবংগৰ নির্বাচনৰ ওপৰত৷
বিজেপিৰ সকলো প্রচাৰ কৌশল ভেদি বৃহৎ জয়েৰে যেতিয়া মমতা বেনার্জী পুনৰ ক্ষমতালৈ আহিল তেতিয়াই শিৰোনামলৈ আহিছে প্রশান্ত কিশোৰৰ নির্বাচনী ব্যৱস্থাপনাৰ সবিশেষ৷ ২০১৯ চনতে তৃণমূলৰ সৈতে প্রশান্ত কিশোৰৰ ইণ্ডিয়ান পলিটিকেল কমিটীৰ বিধানসভা নির্বাচন ব্যৱস্থাপনাৰ চুক্তি হয়৷ তাৰ পিছৰ পৰাই প্রশান্ত কিশোৰৰ পৰামর্শ অনুসৰি পশ্চিমবংগ চৰকাৰে ‘দিদি কে বোলো’ জাতীয় নির্বাচনমুখী আঁচনি আৰম্ভ কৰে৷ কলকাতাত কার্যালয় স্থাপন কৰি প্রশান্ত কিশোৰে বিজেপিৰ আগ্রাসী প্রচাৰৰ বিপৰীতে আৰম্ভ কৰে তৃণমূল কংগ্রেছৰ ‘বাংলা নিজেৰ মেয়েকে চায়’, ‘বাংলা গর্ব মমতা’ জাতীয় মমতা বেনার্জীক বাংলা জাতীয়তাবাদৰ প্রতীক ৰূপে প্রক্ষেপ কৰাৰ কৌশলী প্রচাৰ৷ শেষত ভোটৰ পূর্বে ‘খেলা হ’বে’ শীর্ষক উছাহৰ পাৰ ভাঙি যোৱা বাংলা গীতটো৷ তাৰ লগতে প্রশান্ত কিশোৰৰ সমষ্টিভিত্তিক প্রচাৰ, কৌশল আৰু ৰণনীতি৷ তাৰ পৰিণতিত তৃণমূল কংগ্রেছৰ ২১৩ আসন৷ বিজেপি সীমাবদ্ধ হৈ ৰ’ল ৭৭খন আসনত৷ ২০১৪ চনত দেশত বিজেপিৰ নিৰংকুশ বিজয়ৰ আঁৰৰ ব্যক্তি প্রশান্ত কিশোৰে ২০১৫ চনত ‘নীতিশ কে নিশ্চয়’ শীর্ষক শ্লোগানেৰে নীতিশ কুমাৰৰ বিহাৰত দ্বিতীয়বাৰৰ বাবে বিজয়ৰ পথ প্রশস্ত কৰি দিছিল৷ ২০১৭ চনত পঞ্জাবত কংগ্রেছ চৰকাৰক ক্ষমতালৈ অনা, একে বর্ষতে অন্ধ্রপ্রদেশত ৱাই এছ জগনমোহন ৰেড্ডীক ‘প্রজা সংকল্প যাত্রা’ৰ জৰিয়তে বৃহৎ বিজয়ৰ পথ মুকলি কৰি দিয়াৰ মূলতে আছিল প্রশান্ত কিশোৰ৷ ২০২০ চনত দিল্লীত আম আদমী পার্টীক ক্ষমতাৰ সোৱাদ দিয়ে প্রশান্ত কিশোৰেই৷ এই সমগ্র নির্বাচনী সফলতালানিৰ আঁৰত আছে প্রশান্ত কিশোৰৰ টীমৰ সঠিক ৰাজনৈতিক বুজাবুজি, জনতাৰ স্পন্দন উপলব্ধি, জনবিন্যাস, যুৱপ্রজন্মৰ মানসিকতাৰ উমান আদিৰ উপলব্ধিৰ আধাৰত গ্রহণ কৰা ৰণকৌশল আৰু আগ্রাসী প্রচাৰ অভিযান৷ প্রশান্ত কিশোৰৰ এনে নির্বাচনী ব্যৱস্থাপনাৰ ধাৰণাই এতিয়া নির্বাচনী প্রক্রিয়াটোকে পৃথক কৰিছে৷ বর্তমান তথ্য–প্রযুক্তিৰ যুগত সামাজিক মাধ্যম, হোৱাটছআপ, টুইটাৰ, ফেচবুক, ইনষ্টাগ্রাম আদি দ্রুত যোগাযোগ ব্যৱস্থাই নির্বাচনৰ প্রচাৰৰ ক্ষেত্রত সীমাহীন প্রভাৱ বিস্তাৰ কৰিছে৷ সামাজিক মাধ্যমৰ জৰিয়তে যুৱপ্রজন্মৰে তাৎক্ষণিক যোগাযোগ স্থাপন হোৱা বাবে ৰাজনীতিকসকলৰ বাবে এনে মাধ্যমৰ ব্যৱহাৰ অপৰিহার্য হৈ পৰিছে৷ নির্বাচনী প্রচাৰৰ ক্ষেত্রত এতিয়া সামাজিক মাধ্যমেই সবাতোকৈ শক্তিশালী মাধ্যম হিচাপে পৰিগণিত হৈ পৰিছে৷ এনে পৰিৱর্তনে সেইবাবে এতিয়া পুৰণিকলীয়া নির্বাচনী প্রচাৰৰ ধাৰণাটো নস্যাৎ কৰি দিছে৷ ফলস্বৰূপে নতুন নির্বাচনী ব্যৱস্থাপনাৰ কাষ চাপিবলৈ বাধ্য হৈছে সফলতা বিচৰা সকলো ৰাজনৈতিক দল তথা ৰাজনীতিক৷ এনে প্রেক্ষাপটতে ৰাজনৈতিক ক্ষেত্রখনত গুৰুত্ব বাঢ়িছে প্রশান্ত কিশোৰৰ দৰে ব্যক্তিৰ৷ নির্বাচনী ৰাজনীতিৰ এই নতুন ধাৰণাই সকলোকে সোঁৱৰাই দিছে– ‘খেলা হবে’৷

You might also like