নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিডৰ উৎস লাগে বাইডেনক

ড’নাল্ড ড্রাম্পক পৰাজিত কৰি জ’ বাইডেন আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতিৰূপে নির্বাচিত হোৱাৰ লগে লগে পাকিস্তানত একাংশই হৈ– চৈ লগোৱা আৰম্ভ কৰি দিছিল যে এইবাৰ চিন্তা নাই, ৰাষ্ট্রপতি বাইডেনে কাশ্মীৰখন পাকিস্তানৰ কোলাত তুলি দিব৷ কিয়নো তেওঁ বামপন্থী ধাৰণাৰ ব্যক্তি৷ ভাৰতক আৰু গুৰুত্ব নিদিয়ে৷ কথাটো ভাৰতবর্ষৰো এচাম বুদ্ধিজীৱী, বিশ্লেষকে অলপ জোৰ দি প্রচাৰ চলাইছিল৷ ভাৰতবর্ষত আনকি চর্চা হৈছিল যে বামপন্থী বাইডেনে বৈদেশিক নীতি সলনি কৰি চীনৰ প্রতিও নৰম মনোভাব প্রদর্শন কৰিব৷ অর্থাৎ ভাৰতৰ অৱস্থা বেয়াৰ দিশে গতি কৰিব৷ কার্যতঃ তেনেকুৱা একো নঘটিল৷ ৰাষ্ট্রপতিৰূপে হোৱাইট হাউছত পদার্পণ কৰাৰ পাছতে আমেৰিকাৰ বৈদেশিক নীতি একেই থাকিল৷ ভাৰতৰ ক্ষেত্রত ৰাষ্ট্রখনৰ নীতি সলনি নহ’ল৷ কাশ্মীৰখন হাতত তুলি দিব বুলি আশা পালি থকা পাকিস্তানবাসীক হতাশ কৰি ৰাষ্ট্রপতি বাইডেনে ভাৰতৰ সৈতেহে সম্পর্ক নিবিড কৰাৰ চেষ্টা চলালে৷ আজিলৈকে পাকিস্তানৰ পিনে কেৰাহিকৈও চোৱা নাই৷ সৰল কথাটো হ’ল, নেতা এজন সলনি হ’লেই দেশ এখনে বৈদেশিক নীতি সলনি নকৰে৷ যিকোনো ৰাষ্ট্রৰ বৈদেশিক নীতি প্রস্তুত হয় দেশখনৰ হিতৰ ওপৰত ভিত্তি কৰি৷ আজিৰ তাৰিখত পাকিস্তানৰ পৰা আমেৰিকাই পাবলগীয়া একো নাই৷ যদি অলপ কিবা আছে, সেয়া তালিবানক লৈ৷ কিন্তু ড’নাল্ড ড্রাম্পৰ বিপৰীতে জ’ বাইডেনে আফগানিস্তানৰ পৰা সৈন্য প্রত্যাহাৰ কৰাত এতিয়ালৈকে সিমান দৌৰাদৌৰি দেখুওৱা নাই৷ কার্যতঃ পাকিস্তানক লৈ সিমান উচ্ছ্বসিত হোৱাৰ প্রয়োজনবোধো কৰা নাই আমেৰিকাই৷ আনহাতে, চীনৰ ক্ষেত্রত প্রথমৰ পৰাই কঠোৰ স্থিতি গ্রহণ কৰা ৰাষ্ট্রপতি বাইডেনে শেহতীয়াকৈ আন এটা কঠোৰ পদক্ষেপ গ্রহণ কৰিছে৷ এইটোৱে দুয়োখন ৰাষ্ট্রৰ মাজত উত্তেজনা অধিক বৃদ্ধি কৰিব পাৰে৷
ৰাষ্ট্রপতি বাইডেনে শেহতীয়াকৈ দেশখনৰ চোৰাংচোৱা সংস্থাক নির্দেশ জাৰি কৰি ক’ভিড–১৯ ভাইৰাছ ক’ৰ পৰা বিয়পিছে অর্থাৎ ইয়াৰ উৎস ক’ত, সেইটো উদ্ঘাটন কৰিবলৈ ৯০ দিনৰ সময় বান্ধি দিছে৷ বাইডেনে এইক্ষেত্রত পোনে পোনে চীনৰ নাম উচ্চাৰণ কৰা নাই যদিও য’ৰ পৰা প্রতিক্রিয়া আহিব লাগিছিল, ইতিমধ্যে আহিছেই৷ চীনে ইয়াৰ তীব্র বিৰোধিতা কৰিছে৷ বাইডেনে চোৰাংচোৱা সংস্থাক দিয়া নির্দেশৰ এদিন পূর্বে অর্থাৎ মঙলবাৰে দেশখনৰ স্বাস্থ্য বিভাগৰ সচিব জেভিয়াৰ বেচেৰাই ৱর্ল্ড হেল্থ এছেম্বলীত চীনৰ নাম উচ্চাৰণ নকৰাকৈ বিশ্ব স্বাস্থ্য সংস্থা (ডব্লিউ এইচ অ’)ক উদ্দেশ্যি ক’ভিড–১৯ ভাইৰাছৰ উৎস সন্দর্ভত তদন্তৰ পৰৱর্তী পর্যায়তো পাৰদর্শী হোৱা উচিত বুলি কৈছিল৷ তাৰে এদিন পাছতে বাইডেনে ভাইৰাছটোৰ উৎস বিচাৰি তদন্ত কৰিবলৈ দিয়া নির্দেশে ক’ভিড–১৯ সন্দর্ভত সমগ্র বিশ্ব মঞ্চ পুনৰ চীনৰ বিৰুদ্ধে সৰৱ হৈ উঠাৰ সম্ভাৱনা আছে৷ আমেৰিকাই মূলতঃ ভাইৰাছটো কোনো সংক্রমিত জন্তুৰ পৰা নে পৰীক্ষাগাৰৰ পৰা মানৱ দেহলৈ বিয়পিছিল, সেইটো নির্ণয় কৰিব পৰাকৈ তথ্য আহৰণ কৰিবলৈ চোৰাংচোৱাক নির্দেশ দিছে৷ এইখিনিতে উল্লেখ কৰিব পাৰি যে বিশ্বত ক’ভিড–১৯ৰ প্রথমটো সংক্রমণৰ ঘটনা ২০১৯ চনৰ ডিচেম্বৰত চীনৰ বুহান চহৰত পোহৰলৈ আহিছিল৷ চীন চৰকাৰে সংক্রমিত ব্যক্তিজনৰ ভ্রমণ বৃত্তান্ত অধ্যয়ন কৰি সামুদ্রিক খাদ্য বিপণী এখনৰ পৰা ভাইৰাছটো ব্যক্তিজনৰ শৰীৰলৈ অহা বুলি প্রকাশ কৰিছিল৷ কিন্তু আমেৰিকাৰ সংবাদ মাধ্যমত শেহতীয়াকৈ প্রকাশিত খবৰ অনুসৰি, যুক্তৰাষ্ট্র চৰকাৰৰ হাতত এনে কিছু তথ্য হাতত পৰিছে, যিয়ে ভাইৰাছটো চীনৰ এটা পৰীক্ষাগাৰৰ পৰা বিশ্বৰ চৌদিশে বিয়পি পৰাৰ ইংগিত বহন কৰিছে৷ ‘ৱাল ষ্ট্রীট জার্নাল’–এ আমেৰিকাৰ চোৰাংচোৱাৰ প্রতিবেদনৰ উদ্ধৃতি দি দাবী কৰিছে যে নৱেম্বৰত বুহান পৰীক্ষাগাৰৰ তিনিজন কর্মচাৰীৰ শৰীৰত ক’ভিড–১৯ত সংক্রমিত হোৱাৰ দৰে লক্ষণ দেখা গৈছিল৷ তিনিওকে হাস্পতালতো ভর্তি কৰোৱা হৈছিল৷ ৰাষ্ট্রখনৰ পৰীক্ষাগাৰৰ পৰা যদি ভাইৰাছটো বিশ্বত বিয়পি পৰাটো সত্য প্রমাণিত হয়, বিশ্বৰ দ্বিতীয় শক্তিধৰ ৰাষ্ট্র চীনে ভাইৰাছটোৰ দ্বাৰা সংক্রমিত হৈ মৃত্যুমুখত পৰা আৰু অসুস্থ হোৱা সকলোৰে দায়িত্ব মূৰ পাতি ল’ব লাগিব৷ বিশ্ব সমুদায়ে চীনক সহজে নেৰিব৷ ইয়াৰ পৰা বাচিবলৈ চীনে যথাসম্ভৱ সকলো কৰিব৷ উত্তেজনাৰ মাত্রা এটা নতুন স্তৰলৈ যোৱাৰ সম্ভাৱনা আছে৷ উল্লেখ্য যে ভাইৰাছটোৰ বাবে এতিয়ালৈকে বিশ্বত কমেও ৩৫ লাখ লোকৰ মৃত্যু হয় আৰু অসুস্থ হয় ১৬ কোটি ৮০ লাখতকৈ অধিক লোক৷

You might also like