নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৃথিৱীলৈ বিপদ

গোলকীয় উষ্ণতাই পৃথিৱী গ্রহত সৃষ্টি কৰিব পৰা সম্ভাব্য বিপদৰ বিষয়ে ইতিমধ্যে বিভিন্ন গৱেষণাত স্পষ্ট হৈছে৷ ইয়াৰ প্রতি লক্ষ্য ৰাখিয়েই ২০১৫ চনত পেৰিছ জলবায়ু চুক্তি সম্পাদিত হৈছিল৷ গোলকীয় উষ্ণতাৰ মূলতে বায়ুমণ্ডলত গ্রীন হাউছ গেছৰ নিঃসৰণ দিনকদিনে বৃদ্ধি পাবলৈ ধৰা৷ বিশ্বৰ প্রায় ২০০খন দেশে পেৰিছ জলবায়ু চুক্তিৰ জৰিয়তে পৃথিৱীৰ বর্ধিত তাপমাত্রা ২ ডিগ্রী চেলছিয়াছৰ মাজত সীমাবদ্ধ কৰি ৰখাৰ বাবে সহমতত উপনীত হৈছিল৷ ইতিমধ্যে এই সন্দর্ভত আন্তর্জাতিক পর্যায়ত ব্যাপক সজাগতা অভিযান অব্যাহত ৰখা হৈছে৷ কিন্তু তাৰ পাছতো গোলকীয় উষ্ণতাৰ সম্ভাব্য বিপদ দূৰ হোৱা নাই৷ এই কথা পুনৰ স্পষ্ট হৈছে ৰাষ্ট্রসংঘৰ শেহতীয়া এক প্রতিবেদনৰ লগতে কেইবাখনো গৱেষণা–পত্রত৷ ক’ভিডসৃষ্ট জটিল পৰিস্থিতিৰ মাজত বিশ্ববাসীয়ে ককবকাই থকাৰ সময়তে ৰাষ্ট্রসংঘৰ ‘স্পেচিয়েল ৰিপ’ট অন ড্রথ–২০২১’ শীর্ষক বিশেষ প্রতিবেদনখন প্রকাশ পাইছে৷ য’ত দিয়া হৈছে এক ভয়াৱহ বিপদৰ আগজাননী৷ প্রতিবেদনখনত উল্লেখ কৰা মতে কেৱল গোলকীয় উষ্ণতাৰ বাবেই বিশ্ববাসীয়ে সন্মুখীন হ’ব লাগিব আন এক ‘মহামাৰী’ৰ৷ অৱশ্যে এই ‘মহামাৰী’ কোনো ৰোগ বা বেমাৰ নহয়৷ এয়া হ’ল– খৰাং৷ গোলকীয় উষ্ণতাৰ পৰিণতিত পৃথিৱীৰ ভূগর্ভৰ জলস্তৰ ব্যাপক হাৰত হ্রাস পাই আহিছে৷ ভৱিষ্যতে হয়তো আধুনিক প্রযুক্তিবিদ্যা প্রয়োগ কৰিও পানীৰ বাবে ভূগর্ভৰ খনন সহজসাধ্য নহ’ব৷ তেনে পৰিস্থিতিত বিশ্ববাসীয়ে এক ভয়াৱহ দুর্যোগৰ সন্মুখীন হ’ব লাগিব৷ একেখন প্রতিবেদনত দিয়া তথ্য অনুসৰি বিগত দুটা দশকত খৰাংসদৃশ পৰিস্থিতিৰ কবলত পৰিছে বিশ্বৰ কমেও ডেৰশ কোটি লোক৷ ফলত প্রায় ১২,৪০০ কোটি ডলাৰ মূল্যৰ অর্থনীতি ক্ষতিগ্রস্ত হৈছে৷ পৰিস্থিতি যদি অপৰিৱর্তিত অৱস্থাতেই থাকে, তেন্তে আগন্তুক কেইটামান বছৰৰ ভিতৰতে বিশ্বৰ মুঠ জনসংখ্যাৰ এক পঞ্চমাংশই জলকষ্টত ভূগিব লাগিব বুলিও ৰাষ্ট্রসংঘৰ বিশেষ প্রতিবেদনখনত উল্লেখ কৰা হৈছে৷ নিশ্চিতভাৱে সেয়া সমগ্র মানৱ জাতিৰ বাবে অতি উদ্বেগজনক বিষয়৷
গ্রীন হাউছ গ্রেছৰ ৯০ শতাংশ তাপ শুহি লয় সমুদ্রই৷ কিন্তু গোলকীয় উষ্ণতাৰ পৰিণতিতে বিগত ৫০ বছৰৰ ভিতৰত মহাসাগৰসমূহৰ চৰিত্রৰ ব্যাপক পৰিৱর্তন হোৱা দেখা পাইছে গৱেষকসকলে৷ গোলকীয় উষ্ণতাৰ কাৰণে মহাসাগৰসমূহৰ উপৰিভাগৰ পানী তলৰ স্তৰৰ তুলনাত দিনকদিনে দ্রুত হাৰত উষ্ণতৰ হৈ গৈ আছে৷ ফলত ক্রমশঃ কমি গৈছে উপৰিভাগৰ পানীৰ ঘনত্ব৷ একে সময়তে হিমবাহসমূহ গলি সেই পানী মহাসাগৰত মিলি যোৱাৰ ফলত পানীৰ অম্লতাও হ্রাস পাই আহিছে৷ বিগত ডেৰশ বছৰৰ তুলনাত সাগৰৰ পানীৰ অম্লতা সম্প্রতি ২৫ শতাংশ বৃদ্ধি পোৱা বুলি একাংশ পৰিৱেশ বিজ্ঞানীয়ে দাবী কৰিছে৷ আন্তর্জাতিক বিজ্ঞান গৱেষণা আলোচনী ‘নেচাৰ’ত শেহতীয়াভাৱে প্রকাশিত এক গৱেষণা–পত্রত মহাসাগৰসমূহৰ উপৰিভাগৰ আৰু তলৰ জলস্তৰৰ তাপমাত্রা তথা পৰিৱেশৰ পৰিৱর্তন সন্দর্ভত পুংখানুপুংখভাৱে বিশ্লেষণ কৰা হৈছে৷ য’ত দাবী কৰা হৈছে যে বায়ুমণ্ডলৰ বর্ধিত তাপ আৰু কার্বন–ডাই–ক্সাইড গেছ শুহি লোৱাৰ স্বাভাৱিক ক্ষমতা মহাসাগৰসমূহৰ হ্রাস হোৱাৰ ফলত একেবাৰে তলভাগত থকা প্রাণী আৰু উদ্ভিদৰ প্রজাতিসমূহৰ অস্তিত্বলৈ ভাবুকি আহিছে৷ একবিংশ শতিকাৰ আধুনিক প্রযুক্তিবিদ্যাৰ যুগত মানুহ কেৱল দৌৰিছে উন্নয়ন আৰু সমৃদ্ধিৰ পাছত৷ গোলকীয় উষ্ণতাক লৈ বিশ্বজনীন ৰূপত অব্যাহত ৰখা সজাগতা অভিযানেও বহুতকে সচেতন কৰিব পৰা নাই৷ ধ্বংস কৰা হৈছে সেউজ বনাঞ্চল৷ কয়লা, পেট্র’ল, ডিজেল আদিৰ দৰে জীৱাশ্মৰ ব্যাপক হাৰত ব্যৱহাৰ কৰা হৈছে৷ পৰিণতিত বায়ুমণ্ডলত মাত্রাধিক হাৰত বৃদ্ধি পাইছে কার্বন ডাই–ক্সাইডৰ নির্গমন৷ এই বিষয়টোক লৈ যদিহে এতিয়াই বিশ্ববাসী সজাগ নহয়, তেন্তে গৱেষণা–পত্রসমূহ উল্লেখ কৰা বিপদৰ আগজাননী বাস্তৱ হ’বলৈ বেছি বছৰ নালাগিব৷

You might also like