নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সীমা সংঘাত নিৰাময়ৰ উদ্যোগ

অসম–মিজোৰাম সীমান্তত সৃষ্টি হোৱা সংঘাত নিৰাময়ৰ কাৰণে দুয়োখন ৰাজ্যৰ চৰকাৰে আৰম্ভ কৰা উদ্যোগে এতিয়া বিবদমান অঞ্চলটোলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে৷ বৃহস্পতিবাৰে অসমৰ সীমান্ত উন্নয়ন মন্ত্রী অতুল বৰা আৰু জলসিঞ্চন তথা গুৱাহাটী উন্নয়ন মন্ত্রী অশোক সিংঘল কেন্দ্রীয় গৃহ মন্ত্রালয় আৰু অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নির্দেশমর্মে শান্তিৰ বতৰা লৈ আইজলত উপস্থিত হয়৷ মিজোৰামৰ ৰাজধানী চহৰখনত শেহতীয়া সীমান্ত সংঘাতক লৈ সীমান্ত সুৰক্ষা তথা উন্নয়ন মন্ত্রী অতুল বৰাই মিজোৰামৰ গৃহমন্ত্রী লালচামলিয়ানাৰ সৈতে এক দ্বিপাক্ষিক বৈঠকত মিলিত হয়৷ উক্ত বৈঠকত অসমৰ সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ আয়ুক্ত সচিব আৰু মিজোৰামৰ গৃহ সচিবজনো উপস্থিত থাকে৷ এই বৈঠকৰ পাছতেই দুয়োখন ৰাজ্যৰ মন্ত্রী পর্যায়ত হোৱা আলোচনাৰ ভিত্তিত এক যুটীয়া বিবৃতি প্রদান কৰা হয়৷ বিবৃতিটোত দুয়ো ৰাজ্যৰ মুখ্যমন্ত্রীৰ প্রচেষ্টাৰ অংশ হিচাপে আন্তঃৰাজ্যিক সীমা বিবাদ দূৰ কৰাৰ বাবে আলোচনাৰ মাধ্যমেৰে আগবঢ়াৰ সিদ্ধান্তৰ বিষয়ে সদৰী কৰে৷ আনহাতে, কেন্দ্রীয় চৰকাৰৰ নির্দেশ অনুসৰি বিবদমান সীমান্তত নিয়োগ কৰা নিৰপেক্ষ বাহিনীয়ে অৱস্থান কৰা স্থানত দুয়োখন ৰাজ্যৰ আৰক্ষী অথবা বন বিভাগৰ বাহিনী প্রৱেশ নকৰাৰ সিদ্ধান্ত লোৱা হয়৷ অসমৰ কৰিমগঞ্জ, হাইলাকান্দি আৰু কাছাৰ জিলাৰ লগতে মিজোৰামৰ মামীত আৰু কালাছীব জিলাৰ সীমান্ত অঞ্চলত দুয়োখন ৰাজ্যৰ আৰক্ষীৰ প্রৱেশ নিয়ন্ত্রণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়৷ আনহাতে, দুয়োখন ৰাজ্যৰ সীমান্তৱর্তী জিলাৰ উপায়ুক্ত পর্যায়ত সঘনাই বৈঠক অনুষ্ঠিত কৰাৰো সিদ্ধান্ত লোৱা হয়৷ যোৱা ২৬ জুলাইত অসম–মিজোৰাম সীমান্তৰ লাইলাপুৰত সৃষ্টি হোৱা হিংসাত্মক পৰিস্থিতিৰ সময়ত মিজো আৰক্ষী আৰু দুষৃকতিকাৰীৰ আক্রমণত অসম আৰক্ষীৰ জোৱানসকলৰ মৃত্যুত মিজোৰাম চৰকাৰে আনুষ্ঠানিকভাৱে গভীৰ শোক প্রকাশ কৰে মন্ত্রী পর্যায়ৰ এই আলোচনাৰ জৰিয়তে৷ উল্লেখ্য যে ২৬ জুলাইত লাইলাপুৰ অঞ্চলত মিজো আৰক্ষীৰ নির্বিচাৰ গুলীচালনাত অসম আৰক্ষীৰ ৫জন জোৱানে প্রাণ হেৰুৱাইছিল৷ ইয়াৰ পাছতো মিজোৰাম চৰকাৰৰ পক্ষৰ পৰা এনে আক্রমণৰ ঘটনা অস্বীকাৰ কৰাৰ লগতে একাংশ মিজো নেতৃত্বই পুনৰ আক্রমণৰ ভাবুকি প্রদান কৰি আহিছিল৷ এনে পৰিস্থিতিত দুয়োখন ৰাজ্যৰ মন্ত্রী পর্যায়ৰ বৈঠকত প্রথমবাৰৰ বাবে মিজোৰাম চৰকাৰে নিহত অসম আৰক্ষীৰ স্মৃতিত শোক প্রকাশ কৰাটো যথেষ্ট তাৎপর্যপূর্ণ৷
অসম–মিজোৰাম সীমা সংঘাতক লৈ কাছাৰৰ লাইলাপুৰ অঞ্চলত অব্যাহত থকা উত্তেজনাময় পৰিস্থিতি দুয়োখন চুবুৰীয়া ৰাজ্যৰ বাবেই দুর্ভাগ্যজনক৷ অসম–মিজোৰামৰ মাজত অব্যাহত থকা সীমা বিবাদৰ ইতিহাস বহুদিনীয়া৷ ইতিমধ্যে কেন্দ্রীয় চৰকাৰৰ উদ্যোগত এই সীমা সমস্যা দূৰ কৰাৰ বাবে সময়ে সময়ে বৈঠক অনুষ্ঠিত হৈ আহিছে৷ তাৎপর্যপূর্ণভাৱে কেন্দ্রীয় গৃহ মন্ত্রালয়ে দুয়োখন ৰাজ্যৰ বিবদমান সীমান্তক বিবদমান অঞ্চল হিচাপে চিহ্ণিত কৰি আহিছে যদিও কোনো সমাধান অবিহনে অসমত চৰকাৰ সলনি হ’লে এই অঞ্চলত মিজো দুষৃকতিকাৰীয়ে আগ্রাসন চলোৱাটো এক ধাৰাবাহিক ঘটনাত পৰিণত হৈ আহিছে৷ কিন্তু এইবাৰ অসম আৰক্ষীয়ে কঠোৰ স্থিতি গ্রহণ কৰাৰ পাছতে পৰিস্থিতি উত্তপ্ত হৈ উঠে৷ বিশেষকৈ অসম চৰকাৰে অসমৰ এক ইঞ্চি মাটিও এৰি দিয়া নহয় বুলি ঘোষণা কৰাৰ লগে লগে মিজো আগ্রাসনে হিংসাত্মক ৰূপ ধাৰণ কৰে৷ সমগ্র বিষয়টোৱে দেশজুৰি তীব্র প্রতিক্রিয়াৰ সৃষ্টি কৰাৰ পাছত এতিয়া মিজোৰাম চৰকাৰে আলোচনাৰ জৰিয়তে এই বিবাদ মীমাংসাৰ বাবে আগবাঢ়ি আহিবলৈ বাধ্য হৈছে৷ অসম–মিজোৰামৰ দৰে সীমান্তৱর্তী ৰাজ্যৰ মাজত সংঘাত সৃষ্টি হোৱাটো দুয়োখন ৰাজ্যৰ বাবেই ক্ষতিকাৰক৷ উত্তৰ–পূর্বাঞ্চলৰ ৭খন ৰাজ্যই হাতে হাত ধৰি আগবাঢ়ি গ’লেহে অঞ্চলটোৰ সম বিকাশ সম্ভৱ হৈ উঠিব৷ আনহাতে, এই অঞ্চলটোত সংঘাতময় পৰিস্থিতি অব্যাহত থাকিলে চুবুৰীয়া ৰাষ্ট্রই ইয়াৰ সুবিধা গ্রহণ কৰাৰ সম্ভাৱনা প্রবল৷ সেইবাবেই ভাতৃৰ সংঘাতেৰে বহিঃশত্রুক আসৈ দিয়াটো সমগ্র উত্তৰ–পূর্বাঞ্চলৰ বাবেই মংগলজনক নহয়৷ সীমা বিবাদ নিৰাময়ৰ ক্ষেত্রত এই বিষয়টো সংশ্লিষ্ট ৰাজ্যসমূহে উপলব্ধি কৰাৰ প্রয়োজন৷

You might also like