নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এয়া কেনে আফগান প্রীতি

২০ বছৰৰ পিছত আমেৰিকাৰ দৰে প্রবল প্রতাপী শক্তিৰ উপস্থিতি সত্ত্বেও আফগানিস্তানৰ ক্ষমতা তালিবানে দখল কৰাৰ লগে লগে সমগ্র বিশ্ব হতচকিত হৈছে৷ আফগান প্রব্রজনকাৰীক মানৱীয়তাৰ খাতিৰত আশ্রয়দান কৰিবলৈ বিভিন্ন দেশে সংকল্প গ্রহণ কৰা পৰিলক্ষিত হৈছে৷ ২০ বছৰ পূর্বে মৌলবাদী তালিবান সন্ত্রাসবাদীবোৰৰ হাতৰ পৰা আফগানিস্তানক মুক্ত কৰি আধুনিক গণতান্ত্রিক ৰাষ্ট্রত পৰিণত কৰাৰ প্রতিশ্রুতি দি দেশখনৰ ওপৰত ভয়াৱহ সামৰিক অভিযান চলাইছিল আমেৰিকান বাহিনীয়ে৷ তালিবানক উৎখাত কৰি আমেৰিকাই দেখাত গণতন্ত্রৰ ৰূপ দি আফগানিস্তানৰ শাসনত বহুৱাইছিল পুতলা চৰকাৰ৷ বিগত ২০ বছৰ ধৰি স্বাধীন, সার্বভৌম আফগানিস্তানক কেৱল হুংকাৰৰ মুখত নতজানু হ’বলৈ বাধ্য কৰোৱা আমেৰিকাই অৱশেষত অতি কৌশলেৰে তালিবানৰ হাততেই ক্ষমতা এৰি থৈ আফগানবাসীক এশ বছৰ পিছুৱাই দিলে৷ হোৱাইট হাউছ প্রশাসনে অকল আফগানিস্তানৰ জনসাধাৰণৰ উন্নয়নৰ পথেই অৱৰুদ্ধ কৰা নাই, ক্ষেপণাস্ত্র–বোমা–বাৰ্ দ্বাৰা লাখ লাখ আফগান লোকক বিভিন্ন সময়ত হত্যা কৰি আহিছে৷ আফগানবাসীৰ স্বাধীনতাক সম্পূর্ণৰূপে অৱজ্ঞা কৰি আহিছে আমেৰিকাই৷ ইয়াৰ উপৰি উন্নয়নৰ প্রতিশ্রুতি দিয়া, আফগানিস্তানক পুনৰ নির্মাণৰ শ্লোগান শুনাই থকা আমেৰিকাই দেশখনৰ হাস্পতাল, শিক্ষা প্রতিষ্ঠান, আৱাসীক অঞ্চল তথা সামাজিক আৰু অর্থনৈতিক পৰিগাঁথনি বোমা–ক্ষেপণাস্ত্রৰে ধ্বংস কৰি আহিছে৷ লক্ষণীয়ভাৱে আফগানিস্তানত আমেৰিকাই তথাকথিত গণতান্ত্রিক চৰকাৰ প্রতিষ্ঠা কৰিছিল যদিও দেশখনৰ জনসাধাৰণৰ ওচৰত এই চৰকাৰৰ কোনো গ্রহণযোগ্যতাই নাছিল৷ তালিবানে কাবুল দখল কৰাৰ পিছত হেলিকপ্ঢাৰ ভর্তি কৰি ধন–সোণ লৈ দেশখনৰ পৰা ৰাষ্ট্রপতি আশ্রাফ ঘানিয়ে পলায়ন কৰি সেই কথাকেই প্রতিপন্ন কৰিছে৷ আফগানবাসীৰ প্রতি ৰাষ্ট্রপতিৰ যে কোনো দায়বদ্ধতা নাছিল তালিবানৰ কাবুল দখলৰ সময়ত দেশবাসীক সংকটৰ মুখত পেলাই তেওঁ পলায়ন কৰি তাকেই স্পষ্ট কৰি দিলে৷ অর্থাৎ আমেৰিকাই দেখুওৱা গণতান্ত্রিক ব্যৱস্থাৰ প্রতি সাধাৰণ আফগান জনতাৰ কোনেকালেই আস্থা নাছিল৷
২০ বছৰ ধৰি আফগানিস্তানত আমেৰিকাই তালিবানক উৎখাতৰ প্রতিশ্রুতি দি অৱস্থান গ্রহণ কৰি থাকিল যদিও জনসাধাৰণৰ কোনো ধৰণৰ উন্নয়ন সাধিব নোৱাৰিলে৷ আমেৰিকাই পুনৰ নির্মাণৰ শ্লোগানৰ মাজতেই আফগানিস্তানত নিবনুৱাৰ হাৰ ২৫ শতাংশলৈ বৃদ্ধি পালে৷ দেশখনত দাৰিদ্র্যৰ হাৰ বৃদ্ধি পালে ৪৭ শতাংশলৈ৷ কোনো ধৰণৰ কল্যাণকামী আঁচনি নাই বাবেই প্রতি তিনিজন আফগান লোকৰ এজন এতিয়া ভয়াৱহ খাদ্য সংকটৰ সন্মুখীন হৈছে৷ ৰাষ্ট্রসংঘৰ সংস্থা বিশ্ব খাদ্য আঁচনি (ডব্লিউএফপি)ৰ প্রতিবেদন অনুসৰি আফগানিস্তানত শেহতীয়াকৈ ১.৪০ কোটি লোক ভয়াৱহ খাদ্য সংকটৰ সন্মুখীন হৈছে৷ দেশখনৰ ২০ লাখ শিশু এতিয়া অপুষ্টিৰ কবলত৷ ডব্লিউএফপিৰ প্রতিবেদন অনুসৰি এই শিশুসকলক তাৎক্ষণিকভাৱে পুষ্টিকৰ খাদ্য যোগান নধৰিলে তিল তিলকৈ শিশুবোৰে মৃত্যুক আদৰি ল’ব লাগিব৷ ইফালে ক’ভিড–১৯ মহামাৰীৰ মোকাবিলা কৰিবলৈ আফগানিস্তানত প্রাথমিক ব্যৱস্থাকণো নাই৷ দেশখনৰ বিভিন্ন অঞ্চলত তালিবানৰ আক্রমণ, চৰকাৰী সেনাৰ প্রতিৰোধ আদিৰ মাজত ক’ভিডৰ টিকাকৰণ প্রক্রিয়া আৰম্ভ কৰিব পৰা নাই৷ অর্থাৎ ২০ বছৰ পিছত আমেৰিকাই আফগানিস্তান এৰি গ’লেও দেশখনক ভয়াৱহ সংকটৰ মুখত পেলাই গৈছে৷ ইতিমধ্যে মধ্য এছিয়াৰ প্রাচীন মানৱ সভ্যতাৰ একালৰ প্রাণকেন্দ্র স্বৰূপ আফগানিস্তানক ক্লাষ্টাৰ আৰু ইউৰেনিয়াম ডিপ্লেটেড বোমাৰে থানবান কৰিছে মার্কিন বাহিনীয়ে৷ বহু সভ্যতাৰ স্মাৰক ধূলি হৈ গৈছে ক্ষেপণাস্ত্রৰ আঘাতত৷ আফগানিস্তানৰ প্রাচীন সভ্যতাৰ ইতিহাস, ঐতিহ্য সকলো ধ্বংস হৈ গৈছে আমেৰিকাৰ উপস্থিতিত৷ এই আমেৰিকাৰ হাততেই শীতল যুদ্ধৰ সময়ত লালিত হৈছিল তালিবান৷ তালিবানক লালন কৰি আমেৰিকাই দশকৰ পিছত দশক ধৰি আফগানিস্তানক কেৱল বধ্যভূমিত পৰিণত কৰি আহিছে৷ শেহতীয়াকৈ তালিবানৰ হাতত আফগানবাসীৰ ভাগ্য এৰি থৈ আমেৰিকাই পুনৰ প্রমাণ কৰি দিলে যে আফগান জনতাৰ সংকটৰ প্রতি হোৱাইট হাউছ প্রশাসন কেতিয়াও উদ্বিগ্ণ নহয়৷

You might also like