পাকিস্তানীৰ দিবাস্বপ্ন
এইখন ধৰাত সম্ভৱতঃ পাকিস্তানেই একমাত্র দেশ– যিখন দেশৰ সেনা, ৰাজনৈতিক নেতা তথা জনসাধাৰণৰ এটা বৃহৎ অংশই দেশখনৰ আশা–আকাংক্ষা পূৰণ কৰি দিব বুলি সদায়েই এটা বাহিৰৰ শক্তিৰ অপেক্ষাত থাকে৷ সেয়ে পাকিস্তানৰ বাহিৰত তেওঁলোকে ভবাৰ সপক্ষে কিবা এটা ঘটিলে পাকিস্তানত উৎসৱৰ আয়োজন চলে৷ প্রত্যাশাই আশাক চুব বিচাৰে৷ শেহতীয়াকৈ আফগানিস্তানত তালিবানৰ বিজয় দেখি পাকিস্তানৰ বুকুত বিগত প্রায় এপষেক ধৰি বিৰাজ কৰি আছে উছৱমুখৰ পৰিৱেশ৷ দেশখনত সাধাৰণ নাগৰিকৰ পৰা প্রধানমন্ত্রী ইমৰান খান, ইছলামিক সন্ত্রাসবাদীলৈকে সকলোৱে নিজৰ নিজৰ অৱস্থানৰ পৰা উছৱৰ আয়োজন কৰি আনন্দ–উল্লাসত মত্ত হৈ পৰিছে৷ দেশখনৰ প্রধানমন্ত্রী ইমৰান খানে আনকি আফগানিস্তানবাসীয়ে দাসত্বৰ শিকলি ভাঙি স্বাধীনতা অর্জন কৰা বুলিও উলাহ দেখুৱাইছে যেন বিশ্বৰ বুকুত ভগৱানৰ এটা নতুন অৱতাৰ হৈ তালিবানৰ আৱির্ভাব ঘটিছে৷ পাকিস্তানবাসীৰ এই আনন্দ–উছাহৰ প্রধান কাৰণটো হৈছে দেৱদূত(?) তালিবানে ভাৰতৰ পৰা কাশ্মীৰখন জয় কৰি পাকিস্তানৰ হাতত তুলি দিব৷ অর্থাৎ এইবাৰ স্বপ্ণৰ বাহিৰৰ শক্তিটো হ’ল তালিবান৷ আফগানিস্তানত বিজয় সাব্যস্ত হ’ল, এতিয়া কাশ্মীৰৰ পাল৷ সেয়ে উলাহ–আনন্দত হিয়া নধৰা হৈছে দেশখনৰ ৰাজনৈতিক নেতা–সেনা–জনগণৰ৷ ইয়াৰ পূর্বে পাকিস্তানে বৰকৈ আমেৰিকাৰ ওপৰত আশা কৰিছিল৷ আমেৰিকা যুক্তৰাষ্ট্রই ভাৰতৰ পৰা কাশ্মীৰ আঁজুৰি আনি পাকিস্তানৰ হাতত তুলি দিব৷ কিন্তু সেই আশা পূৰণ নহ’ল৷ বাংলাদেশত (তেতিয়াৰ পাকিস্তান) যুদ্ধ চলি থকা সময়ত আমেৰিকাই যুদ্ধ জাহাজ দুখনমান প্রেৰণ কৰিছিল৷ কিন্তু ৰাছিয়াৰ ভয়তে জাহাজকেইখন বৰ বেছি দূৰ আগুৱাব নোৱাৰিলে৷ তাৰ পিছত আৰব ৰাষ্ট্রৰ দুই–এখনৰ পৰা প্রত্যাশা বাঢ়িছিল৷ কিন্তু সেয়াও কামত নাহিল৷ তুৰস্কৰ পৰাও ইমৰান খানৰ দেশখনে আশা কৰিছিল৷ পিছে তুৰস্কৰ সিমান সামর্থ্য ক’ত? ইয়াৰ পিছত চীনলৈ হাত মেলিলে৷ কিন্তু এটা পর্যায়ৰ পৰা চীন বেছিদূৰ আগুৱাই নাযায়৷
তালিবানৰ ওপৰত পাকিস্তানবাসীৰ এই মনোকামনা তথা হিয়াৰ আকুলতা প্রতিফলিত কৰিছে দেশখনৰ শাসক দল পাকিস্তান তেহৰীক–ই–ইনছাফৰ এগৰাকী মুখপাত্রই৷ নীলম ইৰশ্বাদ শ্বেখ নামৰ মুখপাত্রগৰাকীয়ে দেশখনৰ এটা টেলিভিছন চেনেলৰ টক শ্ব’ত স্পষ্টকৈয়ে কৈছে যে তালিবানে কাশ্মীৰ জয় (ফতেহ) কৰি পাকিস্তানৰ হাতত তুলি দিব৷ অনুষ্ঠানটোত ইমৰান খানৰ দলীয় সতীর্থগৰাকীয়ে সংকটৰ সময়ত পাকিস্তান তালিবানৰ কাষত আছিল বুলি কয়৷ গতিকে তালিবানে তাৰ প্রতিদান স্বৰূপে ভাৰতৰ পৰা কাশ্মীৰ দখল কৰি পাকিস্তানক দিব৷ তালিবানৰ দৰে কট্টৰ ইছলামিক সন্ত্রাসবাদী সংগঠন এটাৰ পৰা এখন দেশৰ শাসক দল এটাৰ নেত্রীৰ এনে ধৰণৰ প্রত্যাশাই দেশখনৰ সম্পর্কে একেলগে বহু কথা কৈ গ’ল৷ অনুষ্ঠানটো পৰিচালনা কৰোঁতাই পিটিআইৰ নেত্রীগৰাকীৰ বক্তব্যত প্রতিবাদ কৰিছিল যদিও নীলম ইৰশ্বাদ শ্বেখৰ বক্তব্যত দেশখনৰ জনগণ, ৰাজনৈতিক নেতা আৰু সেনাৰ আকুলতা প্রতিফলিত হৈছে৷ কিয়নো তালিবানে কাবুল দখল কৰাৰ পিছৰে পৰা পাকিস্তানৰ চৌদিশে উছৱ উদ্যাপিত হৈছে৷ আফগানিস্তানৰ নাগৰিকৰ বাবে বিপর্যয়ৰ কাৰণ হ’লেও পাকিস্তানত সন্ত্রাসবাদীসকলক একপ্রকাৰ দেৱতাৰ শাৰীলৈ লৈ যোৱা হৈছে৷ পাকিস্তানৰ এইটো এটা ডাঙৰ সমস্যা৷ নিজৰ দেশৰ সমস্যা বা আশা–আকাংক্ষাবোৰ আনে সমাধা কৰিব বুলি অপেক্ষাত থাকি পৃথিৱীৰ আন সমস্যাত মূৰ সুমুৱাই থাকে৷ ফ্রান্সৰ ক’ত কি হ’ল, পেলেষ্টাইনত ইজৰাইলে কি কৰিলে, ভাৰতত দিনটোত কি কি হ’ল, তাকে লৈ দেশখনৰ ৰাজনীতিক, সেনা, বুদ্ধিজীৱী ব্যস্ত৷ সেয়ে ফ্রান্সত ইছলামৰ বিৰুদ্ধে কিবা এটা হ’লে বা পেলেষ্টাইনত কিবা ঘটিলে পাকিস্তানৰ ৰাজপথত বিশাল বিশাল সমদল ওলায়৷ কিন্তু নিজ দেশখনৰ সমস্যা সমাধানত সমদল উলিওৱা নেতাৰ অভাৱ৷ ভাৰতৰ বিৰুদ্ধে যুঁজ কৰিবলৈ অপাৰগ দেশখনৰ সেনাই কেতিয়াবা ডকাইত–লুণ্ঠনকাৰী, কেতিয়াবা লস্কৰ–ই–তৈবা, জইচ–ই–মহম্মদ আদিৰ দৰে সন্ত্রাসবাদী সংগঠনে কাশ্মীৰ আনি দিব বুলি দেশখনৰ নাগৰিকক দিবাস্বপ্ণ দেখুৱায়৷ এইবাৰ তালিবানৰ পাল৷ এয়াই পাকিস্তান৷ নিজৰ বাবে নিজে একো কৰিব নোৱাৰা বা নকৰা হেতু দেশখন আজিও বিশ্বৰ অন্যতম পিছপৰা দেশ৷ শিক্ষা–দীক্ষা, স্বাস্থ্য, আন্তঃগাঁথনি, বেহা–বাণিজ্য একোতেই দেশখনৰ নাম নাহে৷ নাম আহে মাথোঁ বেলেগত নিজৰ মূৰ সুমুৱাই দিয়াত৷ লাগিলে সেয়া আত্মঘাতী আক্রমণ, সন্ত্রাসবাদী আক্রমণেই নহওক কিয়৷