নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মানৱ স্বাস্থ্যলৈ নতুন বিপদ

আধুনিক বিজ্ঞানৰ অগ্রগতি যিমানেই দ্রুততৰ হৈ গৈ আছে, সিমানেই আমি বাস কৰা গ্রহটোৰ পাৰিপার্শ্বিকতা নিম্নগামী হৈ গৈ আছে৷ ইয়াৰ ফলত মানৱ জাতিৰ বাবে প্রতিদিনে নতুন নতুন প্রত্যাহ্বান আহি পৰিছে৷ মানৱসৃষ্ট কাৰকৰ বাবে গোলকীয়া উষ্ণতা বৃদ্ধি পাইছে আৰু ইয়ে জলবায়ু পৰিৱর্তন ঘটাইছে৷ বিশ্বজুৰি এতিয়া সবাতোকৈ চর্চিত আৰু মানৱ জাতিৰ বাবে বিৰাট প্রত্যাহ্বান হৈ উঠিছে গোলকীয় উষ্ণতা আৰু জলবায়ু পৰিৱর্তন৷ জলবায়ু পৰিৱর্তনৰ পৰা বিশ্ববাসীক ৰক্ষা কৰাৰ বাবে ৰাষ্ট্রসংঘই পেৰিছ জলবায়ু চুক্তি সম্পন্ন কৰিছিল যদিও উন্নত দেশৰ একপক্ষীয় চিন্তাচর্চাৰ বাবে এই জলবায়ু চুক্তি কার্যতঃ অসাৰ হৈ উঠে৷ গোলকীয় উষ্ণতা ১.৫ ডিগ্রী চেণ্টিগ্রেডৰ নিয়ন্ত্রণ কৰি ৰাখিবলৈ পেৰিছ জলবায়ু চুক্তি সম্পন্ন হৈছিল যদিও আমেৰিকা যুক্তৰাষ্ট্রৰ বাবেই প্রধানতঃ এই চুক্তি প্রহসনত পৰিণত হয়৷ শেহতীয়াভাৱে ৰাষ্ট্রসংঘই গোলকীয় উষ্ণতা আৰু জলবায়ু পৰিৱর্তনৰ প্রত্যাহ্বান বিশ্বৰ দেশসমূহে কিদৰে মোকাবিলা কৰিব পাৰে, সেই সন্দর্ভত স্কটলেণ্ডৰ গ্লাছগ’ত ক’প–২৬ সন্মিলন আয়োজন কৰিছিল৷ ২৯ নৱেম্বৰৰ পৰা গ্লাছগ’ত চলি থকা এই ক’প–২৬ সন্মিলনত বিশ্বৰ প্রায় ১২৭খন দেশে অংশগ্রহণ কৰি জলবায়ু পৰিৱর্তন প্রতিৰোধৰ বাবে বিভিন্ন পদক্ষেপৰ প্রতি সহমত প্রকাশ কৰে যদিও বন ধ্বংস ৰোধৰ প্রতিজ্ঞাত ভাৰতকে ধৰি কেইবাখনো দেশে স্বাক্ষৰ নকৰিলে৷ এই লৈ বিশ্বব্যাপী প্রতিক্রিয়া সৃষ্টি হৈ আছে৷ এনে সময়তে গ্লাছগ’ত ৰাষ্ট্রসংঘৰ জলবায়ু সন্মিলনত আন এক ভয়ানক বিপদ সন্দর্ভত চর্চা আৰম্ভ হৈছে৷ ক’ভিড–১৯ মহামাৰীতকৈও অধিক ভয়াৱহ ৰূপত মানৱ স্বাস্থ্যলৈ বিপদ আহি আছে৷ অর্থাৎ গ্লাছগ’ত অনুষ্ঠিত ক’প–২৬এ মানৱ স্বাস্থ্যলৈ নতুনকৈ অহা বিপদটো জলবায়ু পৰিৱর্তন সম্পর্কীয়৷ জলবায়ু সম্পর্কীয় কাৰণতে মানৱ স্বাস্থ্য অদূৰ ভৱিষ্যতে ভয়ানক বিপদৰ সন্মুখীন হ’ব৷
জলবায়ু সম্পর্কীয় কাৰকত মানৱ দেহত বিভিন্ন ৰোগ হ’ব পাৰে৷ হূদ ৰোগত আক্রান্ত লোকৰ সংখ্যা বৃদ্ধি পাব পাৰে৷ ঠিক তেনেদৰে বায়ু প্রদূষণ অধিক ভয়াৱহ হৈ উঠিব৷ কার্বন নির্গমন বিশেষকৈ সেউজ গৃহ গেছ নির্গমন প্রক্রিয়া পেৰিছ জলবায়ু চুক্তি হ্রাস কৰিব নোৱাৰাৰ পৰিপ্রেক্ষিতত বিশ্বজুৰি বায়ু প্রদূষণৰ পৰিমাণ বৃদ্ধি পাইছে৷ ইয়াৰ বাবে গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত জলবায়ু পৰিৱর্তন অস্বাভাৱিক হৈ উঠিছে৷ গ্লাছগ’ৰ সন্মিলনত মানৱ স্বাস্থ্যত জলবায়ু সম্পর্কীয় কাৰকে নতুন বিপদ কঢ়িয়াই আনিব বুলি বিশ্ববাসীক সকীয়নি দিছে৷ উন্নত দেশসমূহে স্বাস্থ্য পদ্ধতিক লৈ অধিক প্রযুক্তিৰ আশ্রয় গ্রহণ কৰাৰ পৰিপ্রেক্ষিতত কার্বন নির্গমন বৃদ্ধি পাই আহিছে৷ আন্তর্জাতিক কার্বন নির্গমনৰ পৰিমাণ ৫ শতাংশ বৃদ্ধিৰ কাৰণ হৈছে উন্নত দেশৰ স্বাস্থ্যখণ্ড৷ বিশ্ব স্বাস্থ্য সংস্থাই মঙলবাৰে এই কথা ঘোষণা কৰিছে যে জলবায়ু পৰিৱর্তনৰ বাবে অন্যতম কাৰক কার্বন নির্গমনৰ প্রক্রিয়া কেইবাখনো দেশে হ্রাস কৰাৰ প্রতিশ্রুতি দিছে৷ কার্বন নির্গমন হ্রাস কৰিব নোৱাৰিলে শীঘ্রে বিশ্বৰ অধিকাংশ দেশে জলবায়ু সম্পর্কীয় ৰোগ আৰু বিপদৰ বাবে সাজু হৈ থাকিব লাগিব৷ ইতিমধ্যে জলবায়ু পৰিৱর্তনে খাদ্য আৰু পানীৰ নাটনি দ্রুতগতিত বৃদ্ধি কৰি আহিছে৷ বৃদ্ধি পাইছে তাপমাত্রা, বৃদ্ধি পাইছে বানৰ প্রকোপ, বৃদ্ধি পাইছে বন জুইৰ প্রকোপকে ধৰি প্রাকৃতকি দুর্যোগৰ পৰিমাণ৷ এনে ক্ষেত্রত শীঘ্রে বিশ্বৰ দেশসমূহে জলবায়ু পৰিৱর্তনৰ মূল কাৰক কার্বন নির্গমন হ্রাস কৰিবই লাগিব৷ গ্লাছগ’ত ক’প–২৬ সন্মিলন চলি থকাৰ সময়তে কানাডাৰ ব্রিটিছ কলম্পিয়া প্রদেশত জলবায়ু পৰিৱর্তনৰ দ্বাৰা আক্রান্ত বিশ্বৰ প্রথমগৰাকী ৰোগী চিনাক্ত হৈছে৷ ব্রিটিছ কলম্বিয়াৰ চিকিৎসালয়ত ভয়াৱহ শ্বাস–প্রশ্বাসজনিত কাৰণত ভর্তি হোৱা এজন ৰোগীক জলবায়ু পৰিৱর্তনৰ দ্বাৰা আক্রান্ত হোৱা বুলি চিকিৎসকে ঘোষণা কৰাৰ লগে লগে বিশ্বজুৰি শংকাৰ পৰিৱেশ সৃষ্টি হৈছে৷ কিয়নো জলবায়ু পৰিৱর্তনে যে মানৱ স্বাস্থ্যলৈ নতুন বিপদ কঢ়িয়াই আনিব, সেয়া প্রায় নিশ্চিত৷

You might also like