নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্বচ্ছ–নিকা নির্বাচনৰ শ্লোগান

নির্বাচন মানেই ক্ষমতা দখলৰ ৰাজনীতি৷ অহা ২৭ মার্চৰ পৰা তিনিটা পর্যায়ত অনুষ্ঠিত হ’বলগীয়া বিধানসভাৰ নির্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যজুৰি ৰাজনৈতিক দলসমূহৰ নেতা–কর্মীসকল তৎপৰ হৈ উঠিছে৷ শাসকীয় বিজেপি আৰু অসম গণ পৰিষদ (অগপ) দলে ক্ষমতা অক্ষুণ্ণ ৰখাৰ বাবে যুদ্ধংদেহি স্থিতি গ্রহণ কৰিছে৷ ইয়াৰ বিপৰীতে বিজেপি নেতৃত্বাধীন চৰকাৰখনক ক্ষমতাচ্যুত কৰিবলৈ কংগ্রেছকে ধৰি বিৰোধী দল–সংগঠনসমূহে মৰণপণ যুঁজত নামিছে৷ প্রথম পর্যায়ৰ ভোটগ্রহণলৈ দুসপ্তাহো নাই যদিও সর্বসাধাৰণ ৰাইজৰ মাজত নির্বাচনৰ বিশেষ উছাহ পৰিলক্ষিত হোৱা নাই৷ নির্বাচনী প্রচাৰ অভিযান সদ্যহতে দলীয় নেতা–কর্মী তথা সমর্থকসকলৰ মাজতেই সীমাবদ্ধ আছে৷ নির্বাচন আহিলে যিদৰে ৰাজনৈতিক দলৰ নেতা–কর্মীসকল জাগ্রত হয়৷ নির্বাচনৰ সময়ত দলীয় প্রার্থী তথা ৰাজনৈতিক নেতা–পালিনেতাসকলে সীমাহীন প্রতিশ্রুতিৰ ফুলজাৰিৰে সর্বসাধাৰণ ৰাইজ তথা ভোটদাতাক আকৃষ্ট কৰাৰ চেষ্টা চলোৱাটো নতুন কথা নহয়৷ ৰাজনৈতিক নেতাৰ নির্বাচনী ভাষণক আজিকালি সর্বসাধাৰণ ৰাইজেও ভালদৰে বুজা হৈছে৷ কিন্তু নির্বাচনৰ বতৰত ৰাইজ জাগ্রত নোহোৱাটো গণতন্ত্রৰ বাবে শুভ লক্ষণ নহয়৷ ভুৱা প্রতিশ্রুতি অথবা প্রলোভনৰ ৰাজনীতিৰে সর্বসাধাৰণ ৰাইজক যাতে কোনো ৰাজনৈতিক দল অথবা প্রার্থীয়ে বিপথে পৰিচালিত কৰিব নোৱাৰে তাৰ বাবে ৰাইজ জাগ্রত হ’বই লাগিব৷ নির্বাচন হ’ল জনপ্রতিনিধিৰ নির্বাচনৰ এক মৌলিক অধিকাৰ৷ সংবিধানপ্রদত্ত এই অধিকাৰ ভোটদাতাসকলে প্রদান কৰিব পাৰে পাঁচ বছৰৰ মূৰতহে৷ যিসকল জনপ্রতিনিধিয়ে ক্ষমতা দখলৰ পিছত ৰাইজৰ সমূহীয়া স্বার্থক এলাগী কৰিছে, সেইসকল যাতে পুনৰ বিধানসভালৈ নির্বাচিত হ’ব নোৱাৰে তাৰ বাবে আগন্তুক বিধানসভা নির্বাচনত উচিত শিক্ষা দিব লাগিব ভোটদাতাসকলে৷ যিসকল জনপ্রতিনিধিয়ে ৰাইজৰ সামূহিক স্বার্থত নিজকে আত্মনিয়োগ কৰিছে, সেই নেতাসকলকো পুনৰ বিধানসভালৈ জিকাই পঠোৱাৰ গুৰুদায়িত্ব ভোটদাতাসকলে ল’ব লাগিব৷
নির্বাচনত ধনবল আৰু বাহুবলৰ প্রভাৱ নতুন কথা নহয়৷ দেশৰ গণতন্ত্রক শক্তিশালী ৰূপত প্রতিষ্ঠা কৰাৰ বাবে দেশৰ নির্বাচন আয়োগে প্রতিটো নির্বাচনৰ পূর্বে নতুন নতুন নির্দেশনাৱলী জাৰি কৰে৷ নির্বাচন আয়োগৰ এনে কঠোৰ নির্দেশনাৰ অন্তৰালত থকা লক্ষ্য হ’ল নির্বাচন স্বচ্ছ আৰু নিকাকৈ অনুষ্ঠিত কৰা৷ কিন্তু নির্বাচন আয়োগৰ কঠোৰ নীতি–নির্দেশনা সত্ত্বেও নির্বাচনত ধনবল আৰু বাহুবলৰ প্রভাৱ হ্রাস হোৱা বুলি ক’ব নোৱাৰি৷ যিকোনো নির্বাচন অনুষ্ঠিত হোৱাৰ পূর্বে প্রার্থীসকলৰ বাবে নির্বাচন আয়োগে নির্বাচনী ব্যয়ৰ সীমা নির্ধাৰণ কৰি দিয়ে৷ আগন্তুক বিধানসভা নির্বাচনত প্রতিদ্বন্দ্বিতা কৰা প্রার্থীসকলৰ ক্ষেত্রতো নির্বাচন আয়োগে নির্বাচনী ব্যয়ৰ উচ্চ সীমা ৩০ লাখ ধার্য কৰিছে৷ সাম্প্রতিক ৰাজনীতিত যিদৰে নির্বাচনী প্রচাৰ চলিছে, এনে পৰিৱেশত ৩০ লাখ টকা ব্যয় কৰি হয়তো প্রার্থী এগৰাকী জয়ী হোৱাটো সম্ভৱ নহয়৷ বিশেষকৈ প্রধান ৰাজনৈতিক দলসমূহৰ প্রার্থীসকলে নির্বাচনী আয়োগৰ নির্ধাৰিত পৰিমাণতকৈ অধিক পুঁজি নির্বাচনত ব্যয় কৰে৷ নির্বাচনী ব্যয় তদাৰক কৰিবলৈ নির্বাচন আয়োগে বিভিন্ন পর্যায়ত পর্যবেক্ষক নিয়োগ কৰে যদিও এইক্ষেত্রত কিমান সফল হ’ব পাৰিছে সেয়া সন্দেহজনক৷ এইবাৰ নির্বাচনৰ প্রচাৰ অভিযানত কুৰিখনৰো অধিক হেলিকপ্ঢাৰ ব্যৱহাৰ কৰা হ’ব৷ মাথোঁ বিজেপি দলেই নহয়, বিৰোধী দলসমূহেও এইবাৰ হেলিকপ্ঢাৰেৰে নির্বাচনী প্রচাৰত অধিক গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে৷ লক্ষণীয়ভাৱে হেলিকপ্ঢাৰেৰে নির্বাচনী প্রচাৰলৈ যোৱা নেতাসকলৰ প্রতিও ৰাইজৰ আগ্রহ আৰু গুৰুত্ব বৃদ্ধি পাইছে৷ বহুত ঠাইত নির্বাচনী সভাৰ তুলনাত অস্থায়ী হেলিপেডত হেলিকপ্ঢাৰ চাবলৈ যোৱা দর্শকৰ সংখ্যা অধিক দেখা যায়৷ নির্বাচনত খন্তেকীয়া চমক সৃষ্টি কৰিবলৈ ৰাজনৈতিক নেতাসকলে যিমানেই চেষ্টা নকৰক কিয় সর্বসাধাৰণ ৰাইজে প্রার্থীসকলৰ গ্রহণযোগ্যতাক অগ্রাধিকাৰ দিব লাগিব৷ অন্যথা শক্তিশালী গণতন্ত্র প্রতিষ্ঠা কৰাৰ শ্লোগান বাস্তৱত পৰিণত হ’ব বুলি আশা কৰিব নোৱাৰি৷

You might also like