নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাংলাদেশত হিংসা আৰু নতুন দিল্লী

এখন ধর্মগ্রন্থক অপমান কৰাৰ অচিলাৰে বাংলাদেশত শেহতীয়াকৈ সংখ্যালঘু হিন্দুৰ ওপৰত মৌলবাদী শক্তিয়ে ধর্মোন্মাদ লোকৰ সৈতে মিলি চলোৱা আক্রমণ যে পৰিকল্পিত আছিল, সেয়া বাংলাদেশৰ কুমিল্লা আৰক্ষীৰ তদন্তত স্পষ্ট হৈ পৰিছে৷ সামাজিক মাধ্যমৰ জৰিয়তে প্রতিৱেশী ৰাষ্ট্রখনৰ আৰক্ষীয়ে সদৰী কৰা অনুসৰি, ইকবাল হুছেইন (৩৫) নামৰ এজন লোকে কুমিল্লা চহৰৰ নানুৱাদীঘিৰ এটা দুর্গা মণ্ডপত কোৰআন এখন ৰাখিছিল৷ দুর্গাপূজাৰ সপ্তমীৰ নিশা লোকজনে সমীপৱর্তী মাজাৰ এটাৰ পৰা কোৰআনখন আনি মণ্ডপটোত থৈ যাওঁতে হনুমানৰ গদাটো লৈ গৈছিল৷ কুমিল্লা আৰক্ষীয়ে চিচি টিভি ফুটেজ বিশ্লেষণ কৰি এই তথ্য পোহৰলৈ আনিছে৷ তাৰে পিছতে এচাম মৌলবাদীয়ে হিন্দুৱে কোৰআনক অপমান কৰা বুলি সামাজিক মাধ্যমৰ জৰিয়তে বিভিন্ন পোষ্ট আপলোড কৰি হিন্দুৰ বিৰুদ্ধে বাংলাদেশৰ নাগৰিকক উচটনি দিয়ে৷ তাৰ পিছত অষ্টমীৰ নিশাৰ পৰা দেশখনত হিন্দুৰ ওপৰত অত্যাচাৰ আৰম্ভ হয়৷ ঘটনালানিৰ আৰম্ভণিৰ কথাখিনি বিশ্লেষণ কৰিলে ইয়াৰ আঁৰত থকা চক্রান্তৰ কথা দিনৰ পোহৰৰ দৰে স্পষ্ট হৈ পৰে৷ যিজন ব্যক্তিয়ে দুর্গাপূজাথলীত নিশাৰ আন্ধাৰত কোৰআনখন আনি থৈছিল, তেওঁ হিন্দু ধর্মাৱলম্বী নহয়৷ কোৰআন এখন পূজামণ্ডপত উদ্ধাৰ হ’ব, সেই কথাটো আগৰে পৰা অৱগত হৈ ঘৃণা আৰু উত্তেজনা বিয়পাবলৈ এচাম লোক সাজু হৈ আছিল৷ ইয়াৰ পৰা বুজাত অকণো অসুবিধা নহয় যে সমগ্র ঘটনাটো পূর্বপৰিকল্পিত৷ তদুপৰি, দুর্গাপূজাৰ সময়ত সাম্প্রদায়িক উত্তেজনা বৃদ্ধিৰ বাবে মৌলবাদী–সন্ত্রাসবাদ্ অপচেষ্টা চলাব বুলি বাংলাদেশ চৰকাৰক দেশখনৰ চোৰাংচোৱাই আগতীয়াকৈ সতর্ক কৰি দিছিল৷ এই কথা বাংলাদেশৰ সংবাদ মাধ্যমত প্রকাশিত হৈছে৷ তাৰে পৰিপ্রেক্ষিতত বাংলাদেশ চৰকাৰে সতর্কতামূলক ব্যৱস্থাও গ্রহণ কৰিছিল৷ কিন্তু সেয়া যে পর্যাপ্ত নাছিল, সেয়া পৰৱর্তী কালত সংঘটিত হিংসা–হত্যাৰ ঘটনাসমূহে স্পষ্ট কৰি দিছে৷ এইটো কথা সর্বজনবিদিত যে বাংলাদেশত পাকিস্তানবিদ্বেষ শক্তিশালী ৰূপত বিৰাজমান যদিও দেশখনত পাকিস্তানী অপশক্তিৰ প্রভাৱ আজিও ভয়ংকৰ ৰূপত বিদ্যমান৷ মূলতঃ ধর্মীয় গোডামিৰ অচিলাৰে দেশখনত আই এছ আই, মৌলবাদী শক্তি কিছুমান সক্রিয়৷ তেওঁলোকে বাংলাদেশৰ ইছলামিক মৌলবাদীৰ সৈতে মিলি দেশখনত হিন্দুৰ বিৰুদ্ধে ঘৃণা বিয়পাই আছে৷ এই শিবিৰটোত বাংলাদেশৰ কোটি কোটি সাধাৰণ লোক সংযুক্ত হৈ আছে৷ তেওঁলোকে সুযোগ পালেই বাংলাদেশত সংখ্যালঘু হিন্দুৰ ওপৰত নির্যাতন চলায়৷ কাৰণ অকল সেইটোৱেই নহয়৷ আৰু আছে৷
ভাৰতক অস্থিৰ কৰি ৰখা আৰু দেশখনত ইছলামিক মৌলবাদ–জেহাদী মেলি দি খণ্ড–বিখণ্ড কৰাৰ অপচেষ্টা চলোৱাটো পাকিস্তানৰ ৰাষ্ট্রীয় নীতিৰ এটা অংশ৷ দেশখনে পূব পাকিস্তান অংশটো হেৰুওৱাৰ পিছৰে পৰা এই নীতিটোক ৰাষ্ট্রীয় নীতিৰ অংশ হিচাপে অন্তর্ভুক্ত কৰিছে৷ ইয়াৰ বাবে পাকিস্তানে কাশ্মীৰত দীর্ঘদিন ধৰি ইছলামিক সন্ত্রাসবাদীৰ জৰিয়তে হিংসাত্মক কার্য সংঘটিত কৰি আহিছে৷ তদুপৰি, ভাৰতৰ অবিচ্ছেদ্য অংগটোক দেশখনৰ পৰা বিচ্ছিন্ন কৰিবলৈ কাশ্মীৰত ইছলামিক মৌলবাদৰ বিস্তাৰ ঘটাবলৈ সর্বতোপ্রকাৰে অপচেষ্টা চলাই আছে৷ কিন্তু কাশ্মীৰেই পাকিস্তানৰ একমাত্র লক্ষ্য নহয়৷ সন্ত্রাসবাদী ৰাষ্ট্রখনে ভাৰতৰ পূব আৰু উত্তৰ–পূবৰ অংশটোতো অনুৰূপ ধৰণে ইছলামিক সন্ত্রাসবাদ আৰু মৌলবাদৰ জৰিয়তে অশান্তি সৃষ্টিৰ চক্রান্ত এটা চলাই আছে৷ এইক্ষেত্রত পাকিস্তানে চীনৰো সহায় লাভ কৰিছে৷ কিয়নো, অঞ্চলটো পাকিস্তানৰ ভূ–খণ্ডৰ পৰা বহু আঁতৰত৷ কিন্তু চীনৰ সমীপত৷ সেইবাবেই ভাৰতে সময়ে সময়ে বিপৰীত পৰিস্থিতিৰ সন্মুখীন হ’লেও বাংলাদেশৰ সৈতে মিত্রতাৰ বান্ধোন শক্তিশালী কৰাত গুৰুত্ব দি আহিছে৷ যাতে পাকিস্তান আৰু চীনে বালাংদেশৰ ভূমিত উদগনি, সহায়–সাহায্য আদি কৰি ভাৰতবিৰোধী শক্তিক শক্তিশালী কৰি তুলিব নোৱাৰে৷ শেহতীয়াকৈ বাংলাদেশত হিন্দুৰ ওপৰত চলি থকা হত্যা–হিংসাৰ ক্ষেত্রতো ভাৰত চৰকাৰে সতর্কতাৰে মাত মাতিছে৷ নতুন দিল্লীয়ে কোনো কাৰণতে বাংলাদেশত ভাৰতবিৰোধী শক্তিৰ আড্ডাথলী হোৱাটো কামনা নকৰে৷ অনেকে কৈছে, শেহতীয়াকৈ হিংসালানিত নতুন দিল্লীয়ে কাংক্ষিত ধৰণে মাত মতা নাই৷ ইয়াৰ অর্থ এইটো নহয় যে কেন্দ্রীয় চৰকাৰ নীৰৱ হৈ আছে৷ পিছ দুৱাৰেৰে সকলো কূটনৈতিক প্রয়াস চলি আছে৷ তাৰ প্রতিফলনো দেখা গৈছে৷ ভাৰতৰ হেঁচাত পৰি বাংলাদেশ চৰকাৰে মৌলবাদী শক্তিসমূহৰ বিৰুদ্ধে অভিযান চলাই আছে৷ শেহতীয়াকৈ ইকবাল হুছেইনৰ নাম পোহৰলৈ অনাটোও ভাৰতৰ কূটনৈতিক হেঁচাৰে ফচল৷ এনেয়ে দেশখনত শক্তিশালী মৌলবাদী জনসাধাৰণৰ সৈতে শ্বেখ হাছিনা চৰকাৰে শত্রুতা বৃদ্ধি কৰি নলয়৷ ৰাজনৈতিক স্বার্থ শ্বেখ হাছিনাৰো আছে৷ বাংলাদেশৰ বিৰুদ্ধে আজি ভাৰতে যিকোনো ধৰণৰ শক্তি প্রয়োগ কৰিলে পাকিস্তান আৰু চীনে সেই সুযোগ গ্রহণ কৰিব৷ চীনে এনেয়েও ভাৰতক কেউপিনৰ পৰা ঘেৰিবলৈ চক্রান্ত ৰচি আছে৷ ভূটানৰ পৰা বাংলাদেশ, বংগোপসাগৰ, ভাৰত মহাসাগৰত ঘাটি পাতি চীনে ভাৰতক বিভিন্ন দিশৰ পৰা চাপত পেলোৱাৰ চক্রান্ত নতুন নহয়৷ বেইজিঙে নিজৰ ফলীয়া কৰি ল’বলৈ বাংলাদেশত উন্নয়নমূলক কামত ধন বিনিয়োগ কৰিছে৷ ক’ৰোনাৰ ভেকচিন যোগান ধৰিছে৷ শেহতীয়াকৈ ভূটানৰ সৈতে সীমা সমস্যা সমাধানৰ বাবে দ্বিপাক্ষিক আলোচনাৰ দিহা কৰিছে৷ চীনৰ হাতত ধৰি পূর্বৰে পৰা সক্রিয় পাকিস্তানী অপশক্তিবোৰে বাংলাদেশত ভালদৰে খোপনি পুতিবলৈ চেষ্টা চলাব৷ বাংলাদেশৰ শেহতীয়া ঘটনাত জামাত–ই–ইছলামীয়ে সবাতোকৈ অধিক সক্রিয় ভূমিকা গ্রহণ কৰিছে৷ এই সংগঠনটোৰ পাকিস্তানৰ সৈতে মধুৰ সম্পর্ক থকাটো সর্বজনবিদিত৷ সেয়ে বাংলাদেশত হিন্দুৰ সুৰক্ষা নিশ্চিত কৰাৰ লগতে পাকিস্তান–চীনে যাতে সুযোগ ল’ব নোৱাৰে, তাৰ প্রতিও ভাৰতে লক্ষ্য ৰাখিবলগীয়া হৈছে৷ ভাৰতে কূটনৈতিক প্রয়াসৰ জৰিয়তে বাংলাদেশ চৰকাৰৰ দ্বাৰা মৌলবাদীৰ বিৰুদ্ধে ব্যৱস্থা আৰু হিন্দুৰ সুৰক্ষা নিশ্চিত কৰিব লাগিব৷ নিজৰ প্রভাৱ খটুৱাই ৰাষ্ট্রসংঘ, আমেৰিকা, ইউৰোপীয় ৰাষ্ট্রক জডিত কৰাব লাগিব৷ সম্ভৱতঃ নতুন দিল্লীয়ে বর্তমান তাকেই কৰি আছে৷ খবৰ ওলাইছে, মার্কিন ৰাষ্ট্রপতি জ’ বাইডেনেও বাংলাদেশত হিন্দুৰ ওপৰত চলা হিংসা সন্দর্ভত আনুষ্ঠানিক বক্তব্য প্রকাশ কৰিব৷

You might also like