নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বঙাইগাঁৱত নিয়মীয়া বাৰ্তাৰ সাংবাদিকক ভাবুকিঃ ভুক্তোভোগী সাংবাদিকে দিলে এজাহাৰ

নিয়মীয়া বাৰ্তা, ২২ অক্টোবৰঃ নিয়মীয়া বাৰ্তাৰ বঙাইগাঁৱস্থিত সাংবাদিক উপানন্দ শৰ্মাক যোৱা নিশা এজন ব্যক্তিয়ে ফোন যোগে প্ৰাণনাশৰ ভাবুকি প্ৰদানৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ নিশা প্ৰায় ১১:২৪ বজাত ৮৬৩৮১৩২১৬৫ নং মোৱাইল নম্বৰৰ পৰা ফোন কৰি সাংবাদিকজনক অশ্লিল গালি গালাচ কৰাৰ লগতে ভাবুকি প্ৰদান কৰে ৷ নিজকে সিদলসতীৰ মানিক বৰ্মন বুলি পৰিচয় দি শালীনতাৰ সীমা চেৰাই গৈ সাংবাদিকজনক অসভ্য আৰু অশালীন মন্তব্য কৰে ৷

প্ৰায় দুটা বছৰ পূৰ্ৱে সাংবাদিকজনে কৰা আধাৰ কেন্দ্ৰৰ দুৰ্নীতিৰ বাতৰি প্ৰসংগ উত্থাপন কৰি ব্যক্তিজনে বিভিন্ন কথাৰ অৱতাৰণ কৰে ৷ উল্লেখ্যযে মাণিক বৰ্মন নামৰ এইজন বিতৰ্কিত তথা বহুৰূপী ব্যক্তিৰ নামত কাকৈজনা পঞ্চায়ত আধাৰ কেন্দ্ৰ এটা অনুমোদন লাভ কৰিছিল ৷ ল’ক ডাউনৰ সময়ত আধাৰ কেন্দ্ৰসমুহ প্ৰশাসনে সাময়িকভাৱে বন্ধ ঘোষণা কৰাৰ ফলত বিতৰ্কিত ব্যক্তিজনে অবৈধভাৱে আধাৰ কেন্দ্ৰৰ কাম কাজ সিদলসতী বজাৰৰ সমীপত থকা নিজৰ বাস গৃহত আৰম্ভ কৰে ৷ ক’ভিড ১৯ ৰ আতংকৰ মাজতে ক’ভিত প্ৰটক’ল ভংগ কৰি বিভিন্ন স্থানৰ লোকৰ সমাগম আৰু আধাৰ কাৰ্ড বনোৱাৰ নামত ধন সংগ্ৰহৰ অভিযোগ লাভ কৰি বাতৰি সংগ্ৰহৰ বাবে সাংবাদিকজনে সেইস্থানত উপস্থিত হৈছিল ৷

সেইস্থানত চৰজমিন তদন্ত কৰি সাংবাদিকজনে বাতৰি পৰিৱেশন কৰে। কিন্তু সুদীৰ্ঘদিনৰ অন্তত নিশা হঠাতে বিতৰ্কিত ব্যক্তিজনে সাৰ পাই উঠে আৰু এনে ধৰণৰ দুৰ্নীতি- অনিয়মৰ বাতৰি কৰাৰ পৰা বিৰত থাকিবলৈ সকিয়নি প্ৰদান কৰে ৷ নিজৰ বিৰুদ্ধে একাধিক বিতৰ্ক আৰু অনিয়মৰ অভিযোগ থকাৰ পিছতো মানিক বৰ্মন নামৰ এইজন ব্যক্তিয়ে সাংবাদিকজনক সাংবাদিকতাৰ নীতি পাঠ শিকোৱাৰ চলোৱাও পৰিলক্ষিত হয় ৷

ইফালে , বঙাইগাঁও সদৰ থানাত ভুক্তোভোগী সাংবাদিকে এজাহাৰ দাখিল কৰিছে ৷ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উপেন কলিতাক সাংবাদিকৰ প্ৰতিনিধি দলে সাক্ষাৎ কৰি শীঘ্ৰে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনায় ৷ দালাল প্ৰকৃতিৰ এইজন ব্যক্তিয়ে সাংবাদিকক নিশা ফোন যোগে দুৰ্ব্যৱহাৰৰ লগতে প্ৰাণৰ ভাবুকি প্ৰদান কৰাক লৈ সৱৰ্ত্ৰে প্ৰতিক্ৰিয়াৰ হৈছে ৷

You might also like