নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হিংসামুক্ত নির্বাচন

এবছু আৰু বিপিএচিৰ নেতৃত্বত ১৯৮৭ চনৰ মার্চত আৰম্ভ হোৱা ডিভাইড আছাম ফিফটী ফিফটী আন্দোলনৰ পৰিসমাপ্তিৰ পিছত অসমৰ মানসপটত বডো জনগোষ্ঠীয় লোকসকলৰ এখন নতুন ছবি ডন্মোচিত হয়৷ ইয়াৰ পূর্বে সামগ্রিকভাৱে ৰাজ্যখনৰ জনসাধাৰণৰ মাজত জনগোষ্ঠীটোক লৈ বৰ বিশেষ চর্চা নহৈছিল বুলিয়েই ক’ব পাৰি৷ আন্দোলনটোৱে জনগোষ্ঠীটোৰ প্রতি জনসাধাৰণৰ আকর্ষণ বৃদ্ধি কৰে৷ জনগোষ্ঠীটোৰ নতুন ছবিখন ডন্মোচিত হোৱাত সহায় কৰে এবছু, বডো সাহিত্য সভাৰ দৰে সংগঠনৰ অধিৱেশন বা অন্যান্য অনুষ্ঠানসমূহে৷ জনগোষ্ঠীটো কিমান সুসংগঠিত, কৃষ্টিৱান তথা বৈচিত্র্যৰে ভৰা সেই কথাটো সুন্দৰভাৱে ওলাই পৰে৷ অসমত সম্ভৱতঃ বডো জাতীয় সংগঠনৰ অনুষ্ঠানসমূহৰ দৰে আন কোনো সংগঠনৰে বা বহু কম সংগঠনৰ অধিৱেশন ইমান শৃংখলিত ধৰণে আয়োজিত নহয়৷ ইয়ে বডোসকলৰ জাতীয় চৰিত্রকে প্রতিফলিত কৰে৷ লগতে অনুষ্ঠানসমূহৰ জৰিয়তে বৃহৎ জনগোষ্ঠীটোৰ বর্ণিল সংসৃকতিও অসমৰ অন্যান্য অংশৰ জনসাধাৰণে ওচৰৰ পৰা প্রত্যক্ষ কৰিবলৈ সক্ষম হয়৷ লাহে লাহে জনগোষ্ঠীটোৰ শিপিনী, ডদ্যমী যুৱক–যুৱতীসকলৰ্ বিভিন্ন কীর্তি মানুহৰ মাজলৈ আহিবলৈ ধৰে৷ বিশেষকৈ ক্রীডাক্ষেত্রখনত বডো যুৱক–যুৱতীৰ সাফল্য অসমৰ বাবে গৌৰৱৰ কাৰণ হৈ পৰে৷ কিন্তু দুর্ভাগ্যজনকভাৱে সেইখন সমাজত এচাম ডগ্রপন্থী, সমাজবিৰোধী লোক এনেধৰণে আগ্রাসী হৈ পৰিল যে তাত হিংসাৰ বিৰুদ্ধে মাত মতাটো এসময়ত নিজৰ বাবে ভয়ংকৰ বিপদ কঢ়িয়াই অনাৰ দৰে হৈ পৰে৷ লাহে লাহে সমাজখনত অপশক্তিসমূহৰ প্রভুত্ব বাঢ়িবলৈ ধৰিলে আৰু শুভশক্তিসমূহৰ কণ্ঠ ক্রমশঃ নুশুনা হৈ যাবলৈ ধৰিলে৷ কিন্তু শুভশক্তিসমূহ নিষ্ক্রিয় অথবা হেৰাই যোৱা নাছিল৷ কঠিন পৰিস্থিতিৰ মাজতো তেওঁলোকে নীৰৱে সংগ্রাম কৰি গৈছিল৷ তাৰ ফলাফলো লাহে লাহে লোকচক্ষুৰ সন্মুখলৈ আহিবলৈ ধৰিলে৷ এইবাৰৰ বিটিচি নির্বাচনটো তাৰেই প্রতিফলন বুলি ক’ব পাৰি৷ বিটিচি নির্বাচন বুলিলে পূর্বতে চকুলৈ ভাহি অহা ছবিখন এইবাৰ অনুপস্থিত৷ ইয়াৰ বিপৰীতে ডছাহ–আনন্দৰ মাজেৰে সম্পন্ন হৈছে নির্বাচনী প্রচাৰ৷ ডছৱমুখৰ পৰিৱেশত ভোটগ্রহণ সম্পন্ন হৈছে৷ হিংসাত্মক ঘটনা নাই বুলিয়েই ক’ব পাৰি৷ দুই–এটা বিক্ষিপ্ত হিংসাত্মক ঘটনা সংঘটিত হৈছে৷ নির্বাচনৰ দৰে বিশাল আৰু প্রতিদ্বন্দ্বিতামূলক পর্ব এটা খুব কমেই সম্পূর্ণ হিংসামুক্ত হয়৷ অসমৰ অন্যান্য ঠাইতো অনুষ্ঠিত নির্বাচন সম্পূর্ণৰূপে হিংসামুক্ত হোৱাৰ নজিৰ নাই৷
বি টি আৰ (পূর্বৰ বিটিচি)ত হিংসামুক্ত নির্বাচন অনুষ্ঠিত হোৱাৰ বাবে প্রথম কৃতিত্ব দিব লাগিব পৰিষদীয় অঞ্চলত বসবাস কৰা জনসাধাৰণক৷ বিশেষকৈ বডো জনগোষ্ঠীয় লোকসকলক৷ সেই সমাজখনে স্বাধিকাৰৰ আন্দোলনৰ সমান্তৰালকৈ হিংসাৰ বিৰুদ্ধেও দীর্ঘদিন ধৰি এখন যুঁজ দি আহিছিল৷ তাৰে ফলশ্রুতিত বি টি আৰত বডো জনগোষ্ঠীৰ হকে মাত মতা এটাও সশস্ত্র সংগঠন নাই৷ পূর্বতে পৰিষদীয় অঞ্চলত অনুষ্ঠিত হোৱা নির্বাচন হিংসাত্মক হৈ পৰাৰ এটা অন্যতম কাৰণ আছিল সক্রিয় ডগ্রপন্থী সংগঠনৰ তৎপৰতা৷ তদুপৰি একাংশ অশুভ শক্তিয়েও নির্বাচন হিংসাত্মক কৰি তুলিছিল৷ এইবাৰ তেনে অপশক্তিয়ে মূৰ দাঙি ডঠিব নোৱাৰিলে নাইবা ইতিমধ্যে ছত্রভংগ দিলে৷ এয়াও সমাজখনৰে কৃতিত্ব৷ মানুহৰ সংগঠিত শক্তিক তেওঁলোকে ভালদৰে বুজি ডঠাৰ বাবে নিজেই ছত্রভংগ দিলে৷ যাৰ বাবে এইবেলিৰ বিটিচি নির্বাচন হিংসামুক্ত হৈ পৰিল৷ কোকৰাঝাৰৰ পৰা ওদালগুৰিলৈকে সকলোতে সকলো শ্রেণীৰ লোকৰ মাজত এইবাৰ দেখা নগ’ল কোনো ধৰণৰ ভয় বা শংকাৰ ভাব৷ সকলোৱে পৰম ডছাহেৰে নির্বাচনী প্রচাৰত ভাগ ল’লে৷ নাচি–বাগি পছন্দৰ দল বা প্রার্থীজনৰ সমর্থনত ওলাই আহিল৷ ভোটদান প্রক্রিয়াতো একে ছবি প্রতিফলিত হয়৷ প্রতিটো ভোটগ্রহণ কেন্দ্রত পুৱাৰে পৰা ভোটাৰৰ লানি নিছিগা শাৰী৷ জনজাতি–জনজাতি বুলি কোনো বিভেদ নাই৷ সকলোৰে মনত একেই ডছাহ, একেই আগ্রহ৷ বিটিচি নির্বাচনৰ ইতিহাসত এনে দৃশ্য বিৰল৷ ইয়ে পৰিষদীয় অঞ্চলত এটা নতুন পৰিৱেশ, এটা নতুন আত্মবিশ্বাস, এটা নতুন সংকল্পৰ জন্ম দিব৷ সেই পৰিৱেশ নিশ্চয়কৈ সৃষ্টিৰ হ’ব৷ তাত বিকাশৰ নতুন ইতিহাস ৰচনা হ’ব৷

You might also like