নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অর্থনীতিত যুদ্ধৰ ধুমুহা

ৰাছিয়া–ইউক্রেইনৰ সংঘাত সমুখসমৰলৈ পর্যবসিত হোৱাৰ লগে লগে অধিক প্রকট হৈ পৰিছে তৃতীয় বিশ্বযুদ্ধৰ আশংকা৷ বৃহস্পতিবাৰে ৰাছিয়াৰ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিনে ‘বিশেষ সামৰিক অভিযান’ ঘোষণা কৰাৰ পাছৰে পৰা একমুহূর্তও যতি নপৰাকৈ ইউক্রেইনৰ ভূমিত ধাৰাবাহিক আক্রমণ অব্যাহত আছে৷ ৰুছ বাহিনীৰ ৰকেট–মর্টাৰ নিক্ষেপে ইতিমধ্যে তচনচ কৰি পেলাইছে ইউক্রেইনৰ বহু সামৰিক ঘাটি, চহৰ–মহানগৰ৷ ৰক্তক্ষয়ী এই যুদ্ধৰ বিৰূপ প্রভাৱ এতিয়া ৰাছিয়া–ইউক্রেইনৰ মাজতেই সীমাবদ্ধ থকা নাই, ই বিয়পি পৰিছে দেশে দেশে৷ বিশেষকৈ যুদ্ধৰ ধুমুহাই বিশ্ব অর্থনীতিক কঁপাই তুলিছে৷ সংহাৰী ক’ভিড–১৯ মহামাৰীৰ দুর্যোগৰ পাছত কিছু গতি লোৱাৰ সময়তে ৰাছিয়া–ইউক্রেইনৰ যুদ্ধই বিশ্ব অর্থনীতিক ঠেলি দিছে আন এক সংকটৰ গৰাহলৈ৷ যি সংকটে ভাৰতকো গ্রাস কৰাৰ ইতিমধ্যে স্পষ্ট ইংগিত পোৱা গৈছে৷ স্বয়ং কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে ভাৰত প্রত্যাহ্বানৰ সন্মুখীন হোৱা বুলি স্বীকাৰ কৰিবলৈ বাধ্য হৈছে৷ শনিবাৰে মুম্বাইত অনুষ্ঠিত ‘এছিয়া ইক’নমিক ডায়লগ–২০২২’ শীর্ষক সন্মিলনত উপস্থিত থকা কেন্দ্রীয় বিত্তমন্ত্রী সীতাৰমণে স্পষ্টভাৱে কয় যে ভাৰতৰ উন্নয়ন সম্প্রতি প্রত্যাহ্বানৰ সন্মুখত৷ ভাৰতসহ সমগ্র বিশ্বৰ অর্থনীতি ক’ভিড–১৯সৃষ্ট পৰিস্থিতিৰ বিপর্যয়ৰ পৰা পূর্বৰ অৱস্থালৈ ঘূৰি আহিবলৈ হ’লে শান্তিৰ একান্তই প্রয়োজন৷ কিন্তু সেই শান্তি ভংগ হৈছে৷ ফলত ভাৰতৰ অর্থনীতিক গতিশীল কৰাৰ প্রক্রিয়াই প্রত্যাহ্বানৰ সন্মুখীন হ’ব৷ মানৱ কল্যাণৰ স্বার্থত অর্থনীতিক গতি প্রদানৰ পথ বাধাহীন হোৱাটো অতিকে প্রয়োজন৷ কেন্দ্রীয় বিত্তমন্ত্রী সীতাৰমণৰ এনে বক্তব্যৰ পৰাই ধাৰণা কৰিব পাৰি ৰাছিয়া–ইউক্রেইনৰ যুদ্ধই ক’ভিড–১৯এ মাধমাৰ শোধোৱা ভাৰতৰ অর্থনীতিত কেনেধৰণৰ বিৰূপ প্রভাৱ পেলাইছে৷
অকল কেন্দ্রীয় বিত্তমন্ত্রী সীতাৰমণৰ ভাষ্যৰ পৰাই নহয়, দুটাকৈ আগশাৰীৰ সংস্থাই শেহতীয়াকৈ প্রকাশ কৰা প্রতিবেদনতো ৰাছিয়া–ইউক্রেইনৰ সংঘাতে ভাৰতৰ অর্থনীতি আন এক বিপর্যয়ৰ সন্মুখীন হোৱাৰ বিষয়টো স্পষ্ট হৈছে৷ জাপানৰ অর্থনৈতিক গৱেষণা সংস্থা ‘নোমুৰা’ই শেহতীয়াকৈ ৰাজহুৱা কৰা ‘এছিয়া ইনছাইট’ শীর্ষক প্রতিবেদনত উল্লেখ কৰিছে যে ৰাছিয়া–ইউক্রেইনৰ যুদ্ধই এছিয়াৰ যিবোৰ দেশৰ অর্থনীতিত আঘাত হানিব, তাৰ ভিতৰত ভাৰত অন্যতম৷ মন কৰিবলগীয়া যে ৰাছিয়া–ইউক্রেইনৰ মাজত সংঘাত তীব্রতৰ হোৱাৰ সময়তে অভাৱনীয়ভাৱে পতন ঘটিছিল ভাৰতৰ শ্বেয়াৰ বজাৰৰ৷ তদুপৰি আন্তর্জাতিক বজাৰত ক্রমশঃ আকাশলংঘী হৈ গৈ আছিল খাৰুৱা তেলৰ দাম৷ এনে এক পৰিস্থিতিৰ মাজতে ৰুছ বাহিনীয়ে ইউক্রেইনত আক্রমণ কৰাৰ পাছতেই একেকোবে আন্তর্জাতিক বজাৰত খাৰুৱা তেলৰ দাম প্রতি বেৰেলত ১০০ ডলাৰ অতিক্রম কৰে৷ আন্তর্জাতিক বজাৰত খাৰুৱা তেলৰ দাম বৃদ্ধিৰ লগে লগে পেট্র’ল–ডিজেলৰ দৰ বৃদ্ধি পোৱাটো নিশ্চিত৷ অৱশ্যে বর্তমান পর্যন্ত কেন্দ্রীয় চৰকাৰে ইন্ধনৰ দাম বৃদ্ধি সন্দর্ভত কোনো ধৰণৰ সিদ্ধান্ত লোৱা নাই যদিও উত্তৰ প্রদেশসহ পাঁচ ৰাজ্যৰ বিধানসভা নির্বাচনৰ পাছতেই পেট্র’ল–ডিজেলৰ দৰ বঢ়াটো নিশ্চিত বুলি বাৰম্বাৰ দাবী কৰি আহিছে অর্থনীতিবিদসকলে৷ যদিহে এই দাবী সঁচা হয়, তেন্তে দেশৰ সর্বসাধাৰণ জনতাই বজাৰৰ জুইত দগ্ধ হ’ব লাগিব৷ মন কৰিবলগীয়া যে ভাৰতে প্রতিবছৰে প্রয়োজনীয় খাৰুৱা তেলৰ ৮২.৮ শতাংশই আমদানি কৰে৷ এতিয়া আন্তর্জাতিক বজাৰত খাৰুৱা তেলৰ আকাশলংঘী হাৰত দাম বৃদ্ধিৰ ফলত কেন্দ্রীয় চৰকাৰে আমদানিৰ নামত ৰাজকোষৰ পৰা অতিৰিক্ত ধন ব্যয় কৰিবলগীয়া হৈছে৷ উদাহৰণস্বৰূপে ২০২১ চনৰ জানুৱাৰী মাহত ভাৰতে খাৰুৱা তেল আমদানিৰ নামত ৭.৭ বিলিয়ন ডলাৰ ব্যয় কৰাৰ বিপৰীতে চলিত বর্ষৰ জানুৱাৰী মাহত খৰচ কৰিছে ১১.৬ বিলিয়ন ডলাৰ৷ এই পৰিমাণ হয়তো চলিত ফেব্রুৱাৰী মাহত আৰু বৃদ্ধি পাব৷ গতিকে ইয়াৰ পৰাই অনুমান কৰিব পাৰি ৰাছিয়া–ইউক্রেইনৰ যুদ্ধৰ ধুমুহাই কিদৰে কোবাই গৈছে ভাৰতীয় অর্থনীতিক৷ এনে সংকটৰ পৰা পৰিত্রাণ পোৱাৰ একমাত্র উপায় হ’ল শান্তি স্থাপন৷ এইক্ষেত্রত ভাৰতৰ ভূমিকাও গুৰুত্বপূর্ণ হ’ব বুলি ইতিমধ্যে বিশ্ব সমুদায়ত চর্চিত হৈছে৷

You might also like