১৮ বছৰতে সাধুবাবাৰ চক্ৰত পৰিছিল ৱাৰ ছবিৰ অভিনেত্ৰী, নিজে ক’লে এই কথা
নিয়মীয়া বাৰ্তা, ১২ নৱেম্বৰঃ বাবা- ভাৰতীয় আধ্যাত্মিকতাৰ স্বঘোষিত প্ৰতিনিধি। আশাৰাম, ৰাম ৰহিমকে ধৰি বহু বাবাৰ যৌন শোষণৰ বিষয়ে আমি জানো। এনে বাবাক লৈ নিৰ্মাণ হৈছে ৱেবছিৰিজৰ আশ্ৰম নামৰ এখন ছবিও। এইবাৰ এগৰাকী বাবাৰ বাবে জীৱনৰ ১৮ বছৰতে যৌন শোষণৰ বলি হোৱাৰ পৰা কথমপি ৰক্ষা পৰাৰ কথা প্ৰকাশ কৰিলে অভিনেত্ৰী অনুপ্ৰিয়া গোৱেংকাই।
অলপতে এটা সাক্ষাতকাৰত পদ্মাৱত, ৱাৰ, টাইগাৰ জিন্দা হ্যেত অভিনয় কৰা অভিনেত্ৰী তথা মডেল অনুপ্ৰিয়া গোৱেংকাই উল্লেখ কৰে যে তেওঁৰ পিতৃৰ সাধু-সন্যাসীৰ প্ৰতি আছিল অগাধ বিশ্বাস। অনুপ্ৰিয়াৰ বয়স তেতিয়া ১৮ বছৰ, সেই সময়তে পিতৃয়ে এগৰাকী বাবাক ঘৰলৈ আনে। পৰিয়ালৰ সকলোৱে বাবাৰ প্ৰতি ৰাখে ভক্তি আৰু বিশ্বাস।
অনুপ্ৰিয়ায়ো বাবাৰ প্ৰতি ৰাখে আস্থা-ভক্তি। কিন্তু লাহে লাহে অনুপ্ৰিয়াৰ প্ৰতি বাবাৰ আচৰণ আধ্যাত্মিকতাৰ বিপৰীতে কামনা-বাসনাৰ ফালে ঢাল খায়। সাধুৰ আচৰণ দেখি কথমপি নিজকে ৰক্ষা কৰে অনুপ্ৰিয়াই। অনুপ্ৰিয়াই ৱেবছিৰিজ আশ্ৰমৰ দ্বিতীয় খণ্ড মুকলি কৰাৰ মুহূৰ্তত প্ৰকাশ কৰা এই অভিযোগে চৰ্চা লাভ কৰিছে ছ’চিয়েল মিডিয়াত।