দ্বিতীয় সন্তানৰ আগমনক লৈ আপডেট দিলে ছৈইফে, কেতিয়া মাতৃ হ’ব কৰিনা?
নিয়মীয়া বাৰ্তা, ২৯ জানুৱাৰীঃ শীঘ্রেই দ্বিতীয়বাৰলৈ মাতৃ হ’ব কৰিনা কাপুৰ খান। আগষ্ট মাহত বিবৃতি দি দ্বিতীয় সন্তানৰ আগমনৰ সন্দৰ্ভত বার্তা দিছিল কৰিনাই।
ফিল্মফেয়াৰক দিয়া এক সাক্ষাতকাৰত ছৈইফে জনালে ফেব্রুৱাৰী মাহৰ আৰম্ভণিতেই সন্তান জন্ম দিব কৰিনাই।
কাম আৰু সন্তান দুয়োটাই মেনেজ কৰাত এক্সপার্ট অভিনেত্ৰী কৰিনা। নায়িকাগৰাকীৰ প্রেগন্যান্সি ষ্টাইল ষ্টেটমেণ্ট সকলো সময়তেই থাকে চর্চাত। অৱশ্যে জানিব পৰা মতে তেওঁ সোনকালেই কামলৈ উভতি আহিব। স্বামী ছৈয়ফ আৰু পুত্ৰ তাইমুৰৰ সৈতে কৰিনাই নতুন ঘৰলৈ স্থানান্তৰিত হৈছে।
View this post on Instagram