এইবাৰ টাইগাৰৰ লগত চাৰা আলী খান
নিয়মীয়া বাৰ্তা, ১১ ফেব্ৰুৱাৰীঃ চাৰা আলী খানৰ সৈতে টাইগাৰ শ্রফৰ যুটিক লৈ চলিছে আলোচনা। এই আলোচনাৰ কাৰণ হ’ল দুয়োকে একেলগে দেখা যাব বলীউডৰ আহিবলগীয়া নতুন ছবিত।
বহু ছবি নিৰ্মাতাই বিচাৰিছে চাৰা আৰু টাইগাৰৰ দৰে ‘ফ্রেছ’ যুটিক পৰ্দাত একেলগে আনিবলৈ। কিন্তু কোনো নহয় কোনো কাৰণত এয়া সম্ভৱ হৈ উঠা নাই। আনকি বিখ্যাত প্রযোজক চাজিদ নাদিয়াদৱালাই ‘হিৰোপন্তি-২’ ছবিত চাৰাক টাইগাৰৰ নায়িকা হিচাপে চূড়ান্ত কৰিছিল।
কিন্তু সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ তদন্তৰ সময়ত বলীউডৰ মাদক কাণ্ডত চাৰাৰ নাম জড়িত হোৱা তথা নাৰ্কোটিক কণ্ট্ৰোল ব্যুৰোৱে অভিনেত্ৰীগৰাকীলৈ চমন পঠিওৱাত অসুবিধাত পৰে চাজিদ নাদিয়াদৱালা।
বেছি পলম নকৰি চাজিদ নাদিয়াদৱালাই ‘হিৰোপন্তি-২’ৰ পৰা মচি দিয়ে চাৰাৰ নাম। চাৰাৰ পৰিৱৰ্তে ছবিখনত নায়িকা ৰূপে সুযোগ লাভ কৰে তাৰা চুতাৰিয়াই। এই ঘটনাৰ পিছতে চাজিদ নাদিয়াদৱালাই পুনৰ চাৰাক টাইগাৰ শ্ৰফৰ সৈতে আন এখন ছবিত ল’ব বিচাৰিছে।
এই অনুযায়ী কোনো খেলিমেলি নহ’লে ‘বাগী-৪’ ছবিৰ বাবে চাৰাক চূড়ান্ত কৰিছে তেওঁ। উল্লেখ্য যে চাৰা আলী খানে ‘আতৰংগি ৰে’ ছবিৰ শ্বুটিং শেষ কৰিছে ইতিমধ্যে। এই ছবিত তেওঁৰ সহশিল্পী ৰূপে থাকিব অক্ষয় কুমাৰ আৰু ধনুশ।