নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হলীউডৰ ছবিঃ ৱান লিট্ল ফিংগাৰত অসমৰ ১৪ শিল্পী…

ভাস্কৰজ্যোতি বৰদলৈ

নিয়মীয়া বার্তা, ২৪ জানুুৱাৰীঃ নতুন বছৰটোৰ আৰম্ভণিতে অসমৰ সাংস্কৃতিক জগতলৈ এটা ভাল খবৰ৷ সমগ্র উত্তৰপূর্বঞ্চলৰ বাবেই এক গৌৰৱৰ বার্তা৷ আমেৰিকা যুক্তৰাষ্ট্রৰ কেলিফ’র্ণিয়াৰ প্রবাসী অসমীয়া আৰু যোৰহাটৰ সু–সন্তান ৰূপম শর্মাৰ দ্বাৰা প্রযোজিত, পৰিচালিত হলীউদৰ ছবি ৱান লিট্ল ফিংগাৰে অস্কাৰৰ ৩ টা শাখাত নমিনেচন লাভ কৰিছে৷ মনোনয়ন লাভ কৰা এই শাখা ৩ টা হৈছে শ্রেষ্ঠ মৌলিক গীত, শ্রেষ্ঠ সংগীত আৰু শ্রেষ্ঠ ছবি ৷

বিশেষ ভাবে সক্ষম লোকৰ সহায়ক হোৱাকৈ সঁচা জীৱন কাহিনীৰ আধাৰত বিশেষভাবে নির্মিত ইংৰাজী ভাষাৰ ছবিখনত বিভিন্নস্থানৰ অভিনেতা অভিনেত্রীসকলৰ উপৰি বহুসংখ্যক বিশেষভাবে সক্ষম ল’ৰা ছোৱালীয়েও অভিনয় কৰাৰ সুযোগ পাইছিল৷ ছবিখনৰ মুখ্য চৰিত্রটি হলিউদৰ অভিনেত্রী টামেলা ডি’এমিক’ৱেৰ সাৱলীল অভিনয়ৰে সমৃদ্ধ হৈছে৷ ছবিখনত অভিনয় কৰা ‘নর্থ ইষ্ট থিয়েটাৰ একাডেমী’, দেৰগাঁৱৰ ছাত্র–ছাত্রীসকল হ’ল ক্রমে, পংকজ মহন্ত, সুব্রত কাকতি, পৰশমণি শর্মা, চিন্ময় কলিতা, অভিলাষ বৰপুজাৰী, অপূর্র্ব মিলি, মমী বৰা, আশা বৰা ফুকন, পৰিনান্ধী জিমা চুলতানা, স্নিগ্ধাশিখা শইকীয়া, নিতিশা বৰা, লৰিয়লি কলিতা আদি৷

২০১৫ চনৰ মার্চ মাহৰ পৰা ছবিখনৰ চিত্রগ্রহণ কৰা হৈছিল অসম, পশ্চিম বংগ, মুম্বাই, দক্ষিণাত্য আৰু আমেৰিকা যুক্তৰাষ্ট্রৰ বিভিন্ন লোকেচনত৷ হলীউড আৰু দক্ষিণ ভাৰতৰ তাৰকা শিল্পীৰ লগতে অসমৰ জয়া শীল ঘোষ, মলয়া গোস্বামী আৰু পৱিত্র ৰাভায়ো ছবিখনৰ কেইবাটাও গুৰুত্বপূর্ণ চৰিত্রত অভিনয় কৰিছে৷

উত্তৰপূর্বাঞ্চলৰ আগশাৰীৰ নাট্য শিক্ষানুষ্ঠান দেৰগাঁৱৰ নর্থ ইষ্ট থিয়েটাৰ একাডেমীৰ সঞ্চালক সীমান্ত ফুকন, সভাপতি তথা বোলছবি প্রযোজক নুৰুল চুলতান আৰু সাধাৰণ সম্পাদক অৰুণ শর্মাৰ লগতে দেৰগাঁবাসী ৰাইজ স্বাভাৱিকতে এই সাফল্যৰ খবৰক লৈ বেছ উৎফুল্ল হোৱা দেখা গৈছে৷ চলিত বর্ষৰ মার্চ মাহত ভাৰতত মুক্তি দিয়াৰ সম্ভাৱনা থকা ছবিখনে ইতিমধ্যে কাঁ চলচ্চিত্র মহোৎসৱকে ধৰি আন কেইবাখনো আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱত বিশেষভাবে সমাদৰ আৰু উচ্চ প্রশংসা অর্জন কৰিবলৈ সক্ষম হৈছে ৷ এক অগতানুগতিক বিষয়ৰ কাহিনীৰে নির্মাণ কৰা ছবিখনক লৈ এতিয়া উৎসুকতা বৃদ্ধি পাইছে দর্শকৰ৷

You might also like