নিয়মীয়া বাৰ্তা ৬ ফেব্ৰুৱাৰীঃ মহানগৰীৰ গীতানগৰ আৰক্ষীয়ে কালি এটা দুর্ধর্ষ ডকাইত গ্রেপ্তাৰ কৰে৷ ধৃত ডকাইতটো বিহাৰৰ কাটিহাৰা জিলাৰ ৰৌতাৰা গাঁৱৰ অনুৰাগ সিং৷ আৰক্ষী সূত্রে জানিব পৰা মতে ধৃত দুর্ধর্ষ ডকাইতটোৱে হাতীগড় চাৰিআলিস্থিত ভাৰতীয় ষ্টেট বেংকৰ শাখাত প্রৱেশ কৰি ডকাইতি কাণ্ড সংঘটিত কৰাৰ পৰিকল্পনা কৰিছিল৷ বেংকৰ ভিতৰত প্রৱেশ কৰি ৰহস্যজনকভাৱে চলা–ফুৰা কৰাত বেংক কর্তৃপক্ষৰ সন্দেহ ওপজে৷ বেংক কর্তৃপক্ষই পিছত তেওঁক আটক কৰি আৰক্ষীক খবৰ দিয়াত গীতানগৰ আৰক্ষী উপস্থিত হৈ সোধা–পোছাৰ অন্তত তেওঁক গ্রেপ্তাৰ কৰে৷ আৰক্ষীয়ে ধৃত দুর্ধর্ষ ডকাইতটোৰ পৰা নগদ ১৩ হাজাৰ টকা আৰু এটা ম’বাইল ফোন জব্দ কৰে৷ অৱশ্যে আন দুটা ডকাইত বেংকৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয়৷ ঘটনা সন্দর্ভত আৰক্ষীয়ে গীতানগৰ থানাত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷ উল্লেখ্য যে পূর্বেও হাতীগাঁও চাৰিআলিৰ পৰা দুর্বৃত্তই মহিলাৰ লক্ষাধিক টকা লুট কৰি উধাও হৈছিল৷ বেংকৰ পৰা টকা তুলি লৈ ওলাই আহোঁতে বাইকত অহা দুর্বৃত্তই আগভেটি ধৰি মহিলাগৰাকীৰ টকাৰ বেগ কাঢ়ি নিছিল৷