নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চন্দ্রপুৰৰ খামৰেঙা বিলত মৃত হাতী পোৱালিৰ উদ্ধাৰ

নিয়মীয়া বাৰ্তা ৫ ফেব্ৰুৱাৰীঃ খাদ্যৰ সন্ধানত আমচাং অভয়াৰণ্যৰ পৰা জনাঞ্চললৈ নামি অহা বনৰীয়া হাতীৰ জাকৰ মাজৰ এটা ডেৰমহীয়া পোৱালি হাতী পুনৰ মৃত্যুমুখত পৰা কার্যই তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ প্রায় এসপ্তাহমান পূর্বে পাণবাৰীৰ চাহ বাগিচাৰ মাজত এটা মৃত পোৱালি হাতীৰ মৃতদেহ উদ্ধাৰৰ চাঞ্চল্য মাৰ নৌযাওঁতেই পুনৰ মঙলবাৰে চন্দ্রপুৰৰ খামৰেঙা বিলত এটা পোৱালি হাতীৰ মৃতদেহ উদ্ধাৰ হয়৷ জানিব পৰা মতে, সোমবাৰে সন্ধিয়াৰ ভাগত প্রায় ২০জনীয়া বন্যহস্তীৰ জাক এটাই খাদ্যৰ সন্ধানত আমচাং অভয়াৰণ্যৰ পৰা ঠাকুৰকুছি গাঁৱৰ মাজেৰে নামি আহিছিল৷ সেই সময়ত জাকটোৰ মাজত থকা এটা ডেৰমহীয়া পোৱালি হাতী ঠাকুৰকুছি গাঁৱত থকা এটা গভীৰ নলাত সোমাই পৰে৷ স্থানীয় ৰাইজে কোনোমতে আঘাতপ্রাপ্ত পোৱালি হাতীটোক উদ্ধাৰ কৰি বন্যহস্তীৰ জাকটোৰ মাজলৈ খেদি পঠিয়ায়৷ নিশাৰ ভাগত বন্যহস্তীৰ জাকটো ঠাকুৰকুছি গাঁৱৰ কাষতে থকা খামৰেঙা বিলত প্রৱেশ কৰে৷ পুৱতি নিশা বন্যহস্তীৰ জাকৰ কাতৰ–চিঞৰ আৰু বিননি শুনি স্থানীয় ৰাইজ ঘটনাস্থলীত উপস্থিত হৈ খামৰেঙা বিলত পোৱালি হাতীটোৰ মৃতদেহ প্রত্যক্ষ কৰে৷ ৰাইজে পোৱালি হাতীটোক পানীৰ পৰা উদ্ধাৰ কৰি পাৰলৈ আনে৷ ঘটনা সন্দর্ভত বন বিভাগৰ লোকক খবৰ দিয়াত ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ খামৰেঙা বিলৰ পাৰত গাঁত খান্দি পোৱালি হাতীটোৰ মৃতদেহ পুতি থয়৷ ৰাইজৰ সন্দেহ যে আঘাতপ্রাপ্ত পোৱালি হাতীটো খামৰেঙা বিলৰ পানীত আবদ্ধ হৈ পৰে আৰু প্রচণ্ড ঠাণ্ডাৰ বাবেই পোৱালি হাতীটোৱে মৃত্যুক আঁকোৱালি লয়৷

You might also like