নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডাষ্টবিনত পৰিণত মহানগৰীৰ জলাশয়

নিয়মীয়া বাৰ্তা ৪ ফেব্ৰুৱাৰীঃ ক্রমাৎ সংকুচিত হৈছে মহানগৰীৰ জলাশয়৷ দীপৰ বিলকে ধৰি বৰছলা, সৰুছলা আৰু শিলসাঁকো বিলৰ ভূমিত প্রশাসনৰ নির্দেশনাক উলংঘা কৰি একাংশ লোকে নির্মাণকার্য চলোৱা পৰিলক্ষিত হৈছে৷ জলাশয় পুতি এটাৰ পিছত আনটো অট্টালিকা নির্মাণ কৰাত প্রকৃতিৰ বৃক্কস্বৰূপ বিলসমূহ প্রায় নিশ্চিহ্ণ হৈ পৰিছে যদিও চৰকাৰ–প্রশাসনে বিহিত ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই৷ একাংশ অসাধু লোকে ন ন কৌশল অৱলম্বন কৰি জলাশয়ৰ ভূমি বেদখল কৰাৰ সমান্তৰালকৈ গৃহ নির্মাণ কৰি মহানগৰীৰ জৈৱ–বৈচিত্র্যৰ প্রতি চৰম ভাবুকি কঢ়িয়াই আনিছে৷ কেৱল সেয়াই নহয়, জলাশয় পুতি গৃহ নির্মাণৰ সমান্তৰালকৈ পেলনীয়া আৱর্জনা পেলাই জলাশয়সমূহ ডাষ্টবিনত পৰিণত কৰা দেখা গৈছে৷ বিশেষকৈ শিলসাঁকো বিলত বেদখলকাৰীৰ দপদপনি অব্যাহত থকাৰ লগতে পেলনীয়া আৱর্জনাৰে পুতি পেলোৱাৰ উপক্রম হৈছে৷ প্লাষ্টিক আৰু অন্যান্য পেলনীয়া আৱর্জনাৰ বাবেই বিলৰ পানী প্রদূষিত হৈ পৰাত মাছ–কাছকে ধৰি অন্যান্য জলচৰ প্রাণীৰ জীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে৷ তদুপৰি বিলৰ পানীত পেলোৱা আৱর্জনাৰ পৰা নির্গত হোৱা দুর্গন্ধই সমগ্র অঞ্চল ছানি ধৰিছে৷ যাৰবাবে বিলৰ দাঁতি–কাষৰীয়া লোকসকলে চৰম দুর্ভোগ ভুগিবলগীয়া হৈছে৷ এইক্ষেত্রত জিলা প্রশাসনক ব্যৱস্থা গ্রহণৰ বাবে সচেতন মহলে বাৰম্বাৰ দাবী জনাই আহিছে যদিও বিভাগীয় কর্তৃপক্ষই বিহিত ব্যৱস্থা গ্রহণ কৰা নাই বুলি একাংশ লোকে অভিযোগ কৰে৷ এই প্রদূষিত পানী ব্রহ্মপুত্রৰ বুকুত পৰাত ব্রহ্মপুত্রৰ পানীও প্রদূষিত হৈ পৰাৰ অভিযোগ উত্থাপন হৈছে৷ এইক্ষেত্রত প্রকৃতিপ্রেমী তথা সচেতন মহলে উদ্বিগ্ণতা প্রকাশ কৰি শীঘ্রে বিহিত ব্যৱস্থা গ্রহণ কৰাৰ বাবে চৰকাৰ–প্রশাসনক আহ্বান জনাইছে৷ বিশিষ্ট সমাজকর্মী তথা পদ্মশ্রী অজয় দত্তই এইক্ষেত্রত উদ্বিগ্ণতা প্রকাশ কৰি কয় যে ৬০ৰ দশকত মহানগৰীত ৪০ৰো অধিক জলাশয় আৰু ১৭খনৰো অধিক পাহাৰ আছিল৷ এই জলাশয়সমূহত বহু প্রজাতিৰ বন্যপ্রাণী বাস কৰাৰ সমান্তৰালকৈ বহু ঔষধি গুণসম্পন্ন বনজ সম্পদেৰে ভৰপূৰ আছিল৷ ক্রমাৎ এই জলাশয়সমূহ পুতি অট্টালিকা তথা পুঁজিপতিসকলে বিভিন্ন প্রতিষ্ঠান স্থাপন কৰি জলাশয়সমূহ প্রায় নিঃশেষ কৰি পেলাইছে৷ ফলত জৈৱ–বৈচিত্র্যলৈ তীব্র ভাবুকি অহাৰ সমান্তৰালকৈ মহানগৰবাসীয়ে নিতৌ ন ন সমস্যাৰ সন্মুখীন হৈছে৷ চৰকাৰ–প্রশাসনে জলাশয়সমূহ সংৰক্ষণৰ ক্ষেত্রত সময়ে সময়ে বিভিন্ন আঁচনি গ্রহণ কৰি আহিছে যদিও এইসমূহ কার্যকৰী কৰা পৰিলক্ষিত হোৱা নাই৷ চৰকাৰৰ অনীহাৰ বাবেই জলাশয়সমূহ নিশ্চিহ্ণ প্রায় হৈ পৰিছে বুলি পদ্মশ্রী দত্তই খেদ প্রকাশ কৰে৷

You might also like