নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পূতিগন্ধময় আৱৰ্জনাৰে ভৰিছে বশিষ্ঠ নৈ

জিলা প্ৰশাসনক ব্য়ৱস্থা গ্ৰহণৰ দাবী ৰাইজৰ

নিয়মীয়া বাৰ্তা ১ ফ্ৰেব্ৰুৱাৰীঃ মহানগৰীৰ অন্যতম সমস্যা হিচাপে বিবেচিত হোৱা কৃত্রিম বান নিয়ন্ত্রণৰ বাবে যি সময়ত চৰকাৰ–প্রশাসনে বিভিন্ন আঁচনি গ্রহণ কৰি প্রচেষ্টা অব্যাহত ৰাখিছে, সেই সময়তে পেলনীয়া প্লাষ্টিক আৰু আৱর্জনাৰে ভৰি পৰিছে বশিষ্ঠ নৈ৷ একাংশ অসাধু লোক আৰু ব্যৱসায়ীয়ে নৈখনত আৱর্জনা পেলোৱাত পানী প্রদূষিত হোৱাৰ সমান্তৰালকৈ নৈৰ সোঁত প্রায় বন্ধ হৈ পৰিছে৷ বশিষ্ঠ মন্দিৰৰ পৰা আৰম্ভ কৰি ভেটাপাৰালৈকে নৈখনত দেখিবলৈ পোৱা গৈছে আৱর্জনাৰ দ’ম৷ বিশেষকৈ ভেটাপাৰা পাইকাৰী মাছৰ বজাৰৰ একাংশ ব্যৱসায়ীয়ে ‘থার্মকল’ আৰু অন্যান্য সামগ্রী পেলোৱাৰ বাবে সমগ্র অঞ্চলটোৰ পৰিৱেশ বিনষ্ট হৈছে৷ ব্যৱসায়ীসকলে নৈত দলিয়াই দিয়া থার্মকল আৰু অন্যান্য সামগ্রী সিজুবাৰীৰ অইল ইণ্ডিয়াৰ পাইপত লাগি ধৰাত সমগ্র অঞ্চলত পূতিগন্ধময় পৰিৱেশৰ সৃষ্টি হৈছে৷ অইল ইণ্ডিয়াৰ ইন্ধন পৰিবাহী পাইপত আৱর্জনা লাগি ধৰাত মৰাশ আদি জমা হৈ সমগ্র অঞ্চলৰ পৰিৱেশ বিনষ্ট হৈছে৷ স্থানীয় লোকে বিভাগীয় কর্তৃপক্ষক এইক্ষেত্রত বিহিত ব্যৱস্থা গ্রহণ কৰিবলৈ আহ্বান জনাইছে৷

You might also like