নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বগাহাতীত পৰিণত ৮ পানী যোগান আঁচনি

বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত পশ্চিম মায়ঙৰ ৮০ শতাংশ বাসিন্দা

নিয়মীয়া বার্তা ৭ জানুৱাৰীঃ ৰাজ্য চৰকাৰে বিশুদ্ধ খোৱাপানী যোগানৰ বাবে কোটি কোটি টকা ৰাজহুৱা ধন ব্যয় কৰি আহিছে যদিও এতিয়াও বহু অঞ্চল বিশুদ্ধ খোৱাপানী লাভৰ পৰা বঞ্চিত হৈ আছে৷ ৰাজ্যৰ গ্রামাঞ্চলতো দূৰৰে কথা, খোদ গুৱাহাটী মহানগৰীৰ পৰা মাত্র কেই কিলোমিটাৰমান নিলগৰ পশ্চিম মায়ং অঞ্চলৰ ৮০ শতাংশ লোকে বছৰৰ পিছত বছৰ ধৰি বিশুদ্ধ খোৱাপানী লাভৰ পৰা বঞ্চিত হৈ আহিছে৷ গুৱাহাটী মহানগৰীৰ অন্তর্গত বৃহত্তৰ অঞ্চলটোৰ ১২খন গাঁৱৰ প্রায় ৮০ শতাংশ লোকে বিশুদ্ধ খোৱাপানী লাভৰ পৰা বছৰৰ পিছত বছৰ ধৰি বঞ্চিত হৈ থকাৰ পিছতো জনস্বাস্থ্য কাৰিকৰী বিভাগে এইক্ষেত্রত কোনো গুৰত্ব প্রদান কৰা নাই৷ বিভাগটোৰ বিষয়া–কর্মচাৰীসক চূড়ান্ত অৱহেলাৰ বাবে অঞ্চলটোত কোটি কোটি টকা ব্যয়েৰে নির্মাণ কৰা ৮খনকৈ পানী যোগান আঁচনি বিকল হৈ আছে বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে৷ ধানখুন্দা, কমাৰপুৰ, কলংপাৰ, ধিপকীপথাৰ, ভেৰভেৰি, গৱর্ধন, কাজলী আৰু গোখেলিত পানী যোগান আঁচনিকেইখন নির্মাণ কৰা হৈছে যদিও বছৰৰ সৰহ সময় আঁচনিকেইখন বিকল হৈ থকাত অঞ্চলটোৰ বাসিন্দাসকলে কুঁৱা, নিজৰা, খাল–পুখুৰীৰ পানী সেৱন কৰিবলগীয়া হৈছে৷ প্রাপ্ত তথ্য অনুসৰি বৃহত্তৰ পশ্চিম মায়ং অঞ্চলৰ দীঘলাটি, নলনি শিলঘৰ, গণেশ মন্দিৰ, গাৰোবস্তি, নিজ গোৱর্ধন আদি অঞ্চলৰ কেইবাহাজাৰ লোকে অপৰিশোধিত উৎসৰ পানী ব্যৱহাৰ কৰে৷ একেদৰে আঁচনিকেইখন থকা অঞ্চলকেইটাৰ অধিকসংখ্যক লোকেই বঞ্চিত হৈ আছে বিশুদ্ধ পানী পোৱাৰ পৰা৷ ফলত বানপানীয়ে দূষিত কৰি যোৱা কুঁৱা, বিল, খাল, বিলৰ পানীয়ে গৰম কৰি অথবা নিজাববীয়াকৈ পৰিশোধন কৰি ব্যৱহাৰ কৰে অঞ্চলবাসীয়ে৷ ইয়াৰ সমান্তৰালকৈ খৰালি কালতো তীব্র পানীৰ সংকটত ভোগে কেবাটাও অঞ্চলে৷ প্রায়সমূহ খাল–বিল, কুঁৱা আদিৰ পানী শুকাই যোৱাৰ ফলত বাসিন্দাসকলে বহুদূৰ বাটকুৰি বাই প্রাকৃতিকভাৱে থকা নিজৰা আৰু জান–জুৰিৰ দূষিত পানী ব্যৱহাৰ কৰিবলগীয়া হয়৷ জানিব পৰা মতে শোৱালিৰ শিলঘৰ এলেকাৰ দুই শতাধিক পৰিয়ালে যুগ যুগ ধৰি গা ধোৱাৰ পৰা খোৱালৈ সকলো কামতে ব্যৱহাৰ কৰি আহিছে এটা নির্দিষ্ট নিজৰাৰ পানী৷ যাৰ পৰিণতিত সমগ্র পশ্চিম মায়ং অঞ্চলত বিভিন্ন সময়ত পেটৰ বিভিন্ন ৰোগৰ প্রাদুর্ভাৱ হোৱা দেখা যায়।

You might also like