নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিষ্ণুপুৰত কিশোৰসহ হত্যাকাৰীক গ্রেপ্তাৰ

নিয়মীয়া বাৰ্তা ৩ ফ্ৰেব্ৰুৱাৰীঃ লুটুমাৰ বেটেলিয়ন গেটৰ বাসিন্দা ব্যৱসায়ী পৰশুৰাম চৌৰাচিয়াৰ নৃশংস হত্যাকাণ্ডত জড়িত দুই হত্যাকাৰীক আজি মহানগৰ আৰক্ষীয়ে গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ এই চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ১৭ দিন পিছত ফটাশিল আমবাৰী আৰক্ষীয়ে এক গোপন সূত্রৰ পম খেদি আজি বিষ্ণুপুৰ অঞ্চলৰ পৰা দুই হত্যাকাৰীক গ্রেপ্তাৰ কৰে৷ আৰক্ষীয়ে জানিবলৈ দিয়া মতে, বিষ্ণুপুৰৰ বিলপাৰ গলিৰ এটা ভাৰাঘৰৰ পৰা গৌতম বিশ্বাস আৰু ৰথখলাৰ পৰা ১৩ বছৰীয়া কিশোৰ হত্যাকাৰীটোক গ্রেপ্তাৰ কৰে৷ আৰক্ষীৰ জেৰাত দুই হত্যাকাৰীয়ে ১৫ জানুৱাৰীৰ বিয়লি প্রায় ৩ বজাত ব্যৱসায়ী পৰশুৰাম চৌৰাচিয়াৰ ঘৰত ডকাইতি কৰিবলৈ প্রৱেশ কৰিছিল বুলি প্রকাশ কৰে৷ ডকাইতিত বাধা দিয়াৰ বাবেই দুই হত্যাকাৰীয়ে স্ক্রু ড্রাইভাৰেৰে হানি–খুঁচি ব্যৱসায়ী চৌৰাচিয়াক নৃশংসভাৱে হত্যা কৰা বুলি স্বীকাৰ কৰিছে৷ ব্যৱসায়ীজনক হত্যা কৰি আৰক্ষীৰ চকুত ধূলি দি বিগত ১৭ দিন মহানগৰীৰ ভাৰাঘৰতে লুকাই আছিল দুই হত্যাকাৰী৷ অৱশ্যে ১৩ বছৰীয়া কিশোৰ হত্যাকাৰীটোৱে বিষ্ণুপুৰৰ পৰা ভাৰাঘৰ সলাই ৰথখলাত নতুন ভাৰাঘৰত লুকাই আছিল৷ ১৫ জানুৱাৰীৰ দিনা চৌৰাচিয়াৰ ব্যৱসায়িক প্রতিষ্ঠানত ডকাইতি কৰিবলৈ প্রৱেশ কৰি হত্যাকাণ্ড সংঘটিত কৰি ২ হাজাৰ টকা লুট কৰি নিছিল৷ আৰক্ষীৰ জেৰাত পূর্বতেও উক্ত ব্যৱসায়িক প্রতিষ্ঠানখনত দুই হত্যাকাৰীয়ে চুৰি কার্য সংঘটিত কৰা বুলি স্বীকাৰ কৰিছে৷ মহানগৰীৰ বিষ্ণুপুৰত ভাৰাতীয়া হিচাপে থাকি বিভিন্ন স্থানত চুৰি–ডকাইতি কৰি জীৱন–যাপন কৰি আছিল দুই হত্যাকাৰীয়ে৷ সম্প্রতি ফটাশিল আমবাৰী আৰক্ষীয়ে দুই হত্যাকাৰীক মাৰাথন জেৰা অব্যাহত ৰাখিছে৷ উল্লেখ্য যে মহানগৰীত চলিত বর্ষৰ প্রথমটো মাহতে দিছপুৰ আৰু লুটুমাত দুটাকৈ চাঞ্চল্যকৰ হত্যাকাণ্ডত জড়িত অভিযুক্তক মহানগৰ আৰক্ষীয়ে গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷

You might also like