মৌচুমীৰ ভাৰাঘৰত নিশা চলিছিল প্ৰেমিক-বন্ধুৰ পাৰ্টী
জালুকবাৰীত ফেশ্বন ডিজাইনাৰৰ আত্মহত্যাক লৈ চাঞ্চল্য অব্যাহতঃতিনিঅভিযুক্তক জে'ললৈ প্ৰেৰণ
নিয়মীয়া বার্তা, ১৭ জানুৱাৰীঃ ভোগালী বিহুৰ প্রাক্মুহূর্তত জালুকবাৰীৰ এটা ভাৰাঘৰত এগৰাকী ৩০ বছৰীয়া ফেশ্বন ডিজাইনাৰে ৰহস্যজনকভাৱে আত্মহত্যা কৰা ঘটনাৰ চাঞ্চল্য অব্যাহত আছে৷ জালুকবাৰীৰ শংকৰদেৱ হাউছিং কলনীৰ তৃতীয় মহলাৰ ৩নং ফ্লেটত ভাৰাতীয়া হিচাপে থকা মৌচুমী শইকীয়া চহৰীয়া নামৰ ফেশ্বন ডিজাইনাৰগৰাকীয়ে ৰহস্যজনক পৰিস্থিতিত আত্মহত্যা কৰাৰ পিছতে জালুকবাৰী আৰক্ষীয়ে প্রেমিক আমিনগাঁৱৰ দীপাংকৰ দাস (২৭), মুন দাস (২৪) আৰু বৰপেটাৰ ছফিকুল খান (২৫) নামৰ যুৱক তিনিজনক আটক কৰি সোধা–পোছাৰ অন্তত গ্রেপ্তাৰ কৰে৷ আৰক্ষীৰ জেৰাত ফেশ্বন ডিজাইনাৰ মৌচুমীৰ সৈতে দীর্ঘদিনীয়া প্রেমৰ সম্পর্ক থকাৰ কথা প্রেমিক দীপাংকৰ দাসে স্বীকাৰ কৰিছে৷ ১১ জানুৱাৰীৰ নিশা প্রেমিক দীপাংকৰ, মুন আৰু ছফিকুলে মৌচুমীৰ অভিশপ্ত ভাৰাঘৰত সুৰাৰ পার্টী কৰিছিল৷ ইয়াৰ পিছতে দীপাংকৰক ভাৰাঘৰতে এৰি মুন আৰু ছফিকুলে ঘৰলৈ আহিছিল৷ মৌচুমীয়ে বিয়া কৰাবলৈ প্রেমিক দীপাংকৰক হেঁচা দিয়ে৷ ইয়াকে লৈ দুয়োৰে মাজত কাজিয়াৰ সূত্রপাত হৈছিল৷ প্রেমিক দীপাংকৰে মৌচুমীৰ বহু পুৰুষৰে অবৈধ সম্পর্ক থকা বুলি ককর্থনা কৰিছিল৷ মৌচুমীক অকলে এৰি মাজনিশা ফ্লেটৰ পৰা দীপাংকৰ ওলাই আহিছিল৷ দেওবাৰে দীপাংকৰে মৌচুমীক ফোন কৰি কোনো সঁহাৰি নোপোৱাত আৰক্ষীক ঘটনাৰ বিষয়ে অৱগত কৰে৷ জালুকবাৰী আৰক্ষী মৌচুমীৰ ফ্লেটত উপস্থিত হৈ ৰহস্যজনকভাৱে চিপ লৈ থকা অৱস্থাত উদ্ধাৰ কৰে৷ ঘটনা সন্দর্ভত জালুকবাৰী আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি ৩৭৬, ৩০৬ আৰু ৩৪ ধাৰাৰ অধীনত ৫৭/২০২০ নম্বৰত এটা গোচৰ ৰুজু কৰি প্রেমিক দীপাংকৰসহ তিনিজনক গ্রেপ্তাৰ কৰি জে’ল–হাজোতলৈ প্রেৰণ কৰে৷ সম্প্রতি আৰক্ষীয়ে সমগ্র ঘটনা সন্দর্ভত তদন্ত অব্যাহত ৰাখিছে৷ উল্লেখ্য যে সৰুৰে পৰা উচ্ছৃংখল জীৱন–যাপন কৰা মৌচুমীয়ে উচ্চতৰ মাধ্যমিকত পঢ়ি থকাৰ সময়তে এগৰাকী হোমি’পেথিক ডাক্তৰৰ লগত বিবাহপাশত আবদ্ধ হৈছিল৷ বিয়াৰ ছমাহ পাছতেই মৌচুমীয়ে মঙলদৈ পাঁচ নং ৱার্ডৰ এজন বিহাৰী সম্প্রদায়ৰ যুৱকৰ লগত বিবাহপাশত আবদ্ধ হয়৷ প্রায় এমাহমান বহিঃৰাজ্যত কটোৱাৰ পাছত পৰিয়ালৰ লোকে মৌচুমীক ঘৰলৈ আনে৷ ঘৰত প্রায় তিনি মাহ থকাৰ পাছতেই পুনৰ মৌচুমীয়ে আন এজন যুৱকৰে বিবাহত বহে৷ উচ্ছৃংখল জীৱন–যাপনৰ মাজতে মৌচুমীয়ে পৰিয়ালৰ লোকৰ সন্মতিত গুৱাহাটীলৈ আহি ফেশ্বন ডিজাইনিঙৰ লগত জড়িত হৈ পৰে৷ গুৱাহাটীত থকাৰ সময়তে ফেশ্বন ডিজাইনাৰ দীপাংকৰ দাসৰ সৈতে প্রেমৰ সম্পর্ক গঢ়ি উঠে৷ মানসিকভাৱে ভাগি পৰা মৌচুমীয়ে কি কাৰণত আত্মহত্যাৰ পথ বাছি ল’লে সেয়া এতিয়াও পোহৰলৈ অহা নাই৷ অৱশ্যে পৰিয়ালৰ লোকে মৌচুমীক হত্যা কৰা বুলি দাবী কৰিছে৷ লক্ষণীয় যে এগৰাকী চাৰি বছৰীয়া কন্যা সন্তানৰ মাতৃ আছিল মৌচুমী।