নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২১ ফেব্রুৱাৰীত গুৱাহাটী প্রেছ ক্লাবৰ সাধাৰণ সভা

কার্যনির্বাহক সমিতিৰ পৰা প্রকাশ মহন্ত, গীতার্থ পাঠকৰ পদত্যাগ

নিয়মীয়া বাৰ্তা ১৭ ফেব্ৰুৱাৰীঃ গুৱাহাটী প্রেছ ক্লাবত নির্বাচন অনুষ্ঠিত নকৰাক লৈ দেওবাৰে প্রেছ ক্লাব চৌহদত উদ্ভৱ হয় উত্তপ্ত পৰিস্থিতি৷ সুদীর্ঘ ১৭ বছৰ ধৰি একেজন সম্পাদকৰ স্বেচ্ছাচাৰী নেতৃত্বত একেখন সমিতিয়েই চলাই আহিছিল ঐতিহ্যমণ্ডিত গুৱাহাটী প্রেছ ক্লাব৷ বিগত ১৭ বছৰে সদস্যই বহুবাৰ দাবী কৰা সত্ত্বেও নির্বাচন অনুষ্ঠিত কৰা নাছিল৷ সমান্তৰালভাৱে সলনিও হোৱা নাছিল সমিতি৷ শেহতীয়াকৈ নির্বাচন অনুষ্ঠিত কৰাৰ দাবী জনাই ৭৬জন সাংবাদিকে স্মাৰক–পত্রও প্রদান কৰিছিল জ্যেষ্ঠ সাংবাদিক নৱ ঠাকুৰীয়াৰ হাতত৷ লগতে এখন সাধাৰণ সভা অনুষ্ঠিত কৰাৰো দাবী জনাইছিল৷ কিন্তু সকলো স্তৰৰ সাংবাদিকৰ দাবীক অগ্রাহ্য কৰি আইনী বৈধতা নথকা সমিতিখনেই গঠন কৰিলে এখন নির্বাচনী কমিটী, যাক লৈ উত্তপ্ত হৈ পৰে পৰিস্থিতি৷ সাধাৰণ সভা অনুষ্ঠিত নকৰাকৈ আইনী বৈধতা নথকা সমিতিখনে নির্বাচনী কমিটী গঠন কৰাত ক্ষুণ্ণ হৈবহু সাংবাদিকে স্পষ্টীকৰণ বিচাৰে জ্যেষ্ঠ সাংবাদিক নৱ ঠাকুৰীয়া, সঞ্জীৱ ফুকন, প্রকাশ মহন্ত আৰু গীতার্থ পাঠকৰ পৰা৷ তাৰ পিছত প্রেছ ক্লাব চৌহদতে বৈধতা নথকা সমিতিখনৰ দুই জ্যেষ্ঠ সদস্য প্রকাশ মহন্ত আৰু গীতার্থ পাঠকে পদত্যাগ কৰা বুলি ঘোষণা কৰে যদিও সাধাৰণ সভা অনুষ্ঠিত কৰাৰ তাৰিখ দিব নোৱাৰিলে সভাপতি–সম্পাদক সঞ্জীৱ ফুকন আৰু নৱ ঠাকুৰীয়াই৷ যাৰবাবে উপস্থিত সকলো সাংবাদিকৰ সর্বসন্মত সিদ্ধান্ত মর্মে অহা ২১ ফেব্রুৱাৰীত এখন সাধাৰণ সভা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হয়৷ উল্লেখ্য যে বিগত ১৭ বছৰে সম্পাদক ঠাকুৰীয়ীই এবাৰো প্রেছ ক্লাবৰ কার্যকৰী সভা অনুষ্ঠিত নকৰাত ক্ষোভ প্রকাশ কৰে দুই সদ্যপদত্যাগী সদস্যই৷ আনহাতে, বিগত ১৭ বছৰে কোনো হিচাপ–নিকাচ নিদিয়া গুৱাহাটী প্রেছ ক্লাবৰ পূর্ভৰ সমিতিখনে ২০ ফেব্রুৱাৰীত আহ্বান জনোৱা বৈঠককো অবৈধ আখ্যা দিয়ে গুৱাহাটী প্রেছ ক্লাবৰ সদস্যসকলে৷ প্রেছ ক্লাবত গণতান্ত্রিক পৰিৱেশ ঘূৰাই আনিবৰ বাবে অহা ২১ ফেব্রুৱাৰীত আহ্বান জনোৱা সাধাৰণ সভাত গুৱাহাটীত কর্মৰত সকলো সাংবাদিক আৰু সংবাদকর্মীক যোগদান কৰিবলৈ আহ্বান জনাইছে ক্লাবৰ সদস্যসকলে৷ ইফালে, গুৱাহাটী প্রেছ ক্লাবৰ নির্বাচনক লৈ নীতিবহির্ভূতভাৱে গঠন কৰা নির্বাচনী কমিটীত নাথাকে বুলি স্পষ্ট কৰি দিছে জ্যেষ্ঠ সাংবাদিক অজিত পাটোৱাৰীয়ে ৷

You might also like