নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰেপিড’ৰ বৰ্ষপূৰ্তিত গ্ৰাহক সমাৰোহ

নিয়মীয়া বাৰ্তা ৪ জানুৱাৰীঃ অলপতে গুৱাহাটী চহৰত ৰেপিড’ মটৰচাইকেল বাহন ব্যৱস্থাই এবছৰ সম্পূর্ণ কৰে আৰু চহৰখনত তেওঁলোকৰ প্রথমটো বর্ষপূর্তি উপলক্ষে ৰেপিড’ৰ বিষয়ববীয়াসকলে ৫০জনৰো অধিক গ্রাহকৰ লগত বার্তালাপ কৰি তেওঁলোকৰ মতামত গ্রহণ কৰে৷ তেওঁলোকে লগতে গ্রাহকৰ সুৰক্ষা আৰু কাৰিকৰী আদি বিষয়ক লৈ উত্থাপন হোৱা প্রশ্নৰ বিষয়েও আলোচনা কৰে৷ এই সন্মিলনত প্রতিষ্ঠানটোৰ নগৰ মুৰব্বী গৌৰৱ পাঠক আৰু নগৰ সাধাৰণ পৰিচালক সুমন আচার্যী, আঞ্চলিক মুৰব্বী জিতেশ কুমাৰ উপস্থিত থাকে৷ বিগত এবছৰত ৰেপিড’ মটৰচাইকেল বাহন ব্যৱস্থাই চহৰখনত দহ হাজাৰৰো অধিকজনক সংস্থাপন দিয়ে আৰু গৌৰৱেৰে ৭ লাখ গ্রাহকক সেৱা আগবঢ়ায়৷ এই সন্দর্ভত জিতেশ কুমাৰে পুনৰ কয় যে ৰেপিড’ মটৰচাইকেল প্রতিষ্ঠানটোৱে অসমত মহিলা চালকক অন্তর্ভুক্ত কৰি ২০২০ চনত ২০,০০০ নতুন কর্মসংস্থাপন সৃষ্টি কৰিব

You might also like