নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰে’লৱে আৰক্ষীৰ নিষ্ক্রিয়তাত অসুৰক্ষিত যাত্রী

গুৱাহাটী ষ্টেচনত দুবছৰে নাই লাগেজ স্কেনাৰঃ প্রয়োজন ১২০টা, আছে মাত্র ২১টাহে চিচি টিভি কেমেৰা

নিয়মীয়া বাৰ্তা ৫ ফেব্ৰুৱাৰীঃ অসম তথা উত্তৰ–পূর্বাঞ্চলৰ যাতায়াত ব্যৱস্থাৰ অন্যতম প্রাণকেন্দ্র গুৱাহাটী ৰে’লৱে ষ্টেচনত নাই পর্যাপ্ত সুৰক্ষা ব্যৱস্থা৷ এন এফ ৰে’লৱে কর্তৃপক্ষৰ চূড়ান্ত হেমাহিৰ বাবে প্রতিদিনে হাজাৰ হাজাৰ লোকৰ সমাগম ঘটা গুৱাহাটী ৰে’ল ষ্টেচনৰ সুৰক্ষাৰ প্রতি তীব্র ভাবুকিৰ সৃষ্টি হৈছে৷ শেহতীয়াকৈ গুৱাহাটী ষ্টেচনত ৰে’ল আৰক্ষীয়ে তালাচীৰ নামত এগৰাকী যাত্রীৰ পৰা এক কিঃগ্রাঃ সোণ ডকাইতি কৰাৰ ঘটনাৰ পিছতেই পোহৰলৈ আহিছে গুৱাহাটী ষ্টেচনৰ সুৰক্ষা ব্যৱস্থাৰ ফোঁপোলা স্বৰূপৰ প্রকৃত প্রতিচ্ছবি৷ তদন্তকাৰী আৰক্ষী বিষয়াই ১৭ জানুৱাৰীৰ চিচিটিভি কেমেৰাৰ ফুটেজ পৰীক্ষা কৰিবলৈ বিচাৰোঁতেই পোহৰলৈ আহিল গুৱাহাটী ষ্টেচনত চলি থকা অৰাজকতাৰ বহু বিস্ফোৰক তথ্য৷ অসম তথা উত্তৰ–পূর্বাঞ্চলৰ সর্ববৃহৎ ষ্টেচন গুৱাহাটী ষ্টেচনৰ চিচি কেমেৰাৰ ফুটেজ মাত্র তিনি দিনৰ বাবেহে সংৰক্ষিত হৈ থাকে৷ গুৱাহাটী ষ্টেচনত বর্তমান ২৫টা চিচি কেমেৰা আছে যদিও ইয়াৰে মাত্র ২১টাহে সক্রিয় হৈ আছে৷ বিগত দুটা বছৰ ধৰি গুৱাহাটী ষ্টেচনত নাই লাগেজ স্কেনাৰ মেচিন৷ ৰে’ল বিভাগৰ এক শীর্ষ সূত্রই সদৰী কৰাৰ তথ্য অনুসৰি গুৱাহাটী ষ্টেচনত ১২০টা চিচি টিভি কেমেৰাৰ প্রয়োজন৷ প্রতিদিনে হাজাৰ হাজাৰ যাত্রীৰ সমাগম হোৱা এই গুৱাহাটী ষ্টেচনত লাগেজ স্কেনাৰ মেচিন, পর্যাপ্ত চিচি কেমেৰা নথকাৰ সুযোগ লৈ চুৰি–ডকাইতিত জড়িত অপৰাধী চক্রৰ লগতে একাংশ অসাধু ৰে’লৱে আৰক্ষী বিষয়া–কনিষ্টবলে ডকাইতিৰ দৰে অপৰাধমূলক ঘটনা সংঘটিত কৰি আহিছে৷ বহু বিতর্কিত শ্রৱণ কুমাৰ ঝা নামৰ উপ–পৰিদর্শকগৰাক্ ছত্রছায়াত বিগত ২০ বছৰ ধৰি এটা অপৰাধী চক্রই গুৱাহাটী ষ্টেচনত নানা অপৰাধমূলক ঘটনা সংঘটিত কৰি অহাৰো অভিযোগ উত্থাপিত হৈছে৷ এন এফ ৰে’লৱেৰ শীর্ষ বিষয়া, আৰক্ষীৰ শীর্ষ বিষয়াক মোটা অংকৰ ধন আদায় দি ঝা উপাধিৰ উপ–পৰিদর্শকগৰাক্ গুৱাহাটী ষ্টেচনত অপৰাধমূলক কার্যকলাপ চলোৱাৰ বাবে অপৰাধী চক্রক লাইচেন্স প্রদান কৰা বুলিও অভিযোগ উত্থাপিত হৈছে৷ গুৱাহাটী ষ্টেচনত ২১টা সক্রিয় চিচি কেমেৰা থকাৰ বিপৰীতে কামাখ্যা ষ্টেচনত আছে ৫৯টা সক্রিয় চিচি টিভি কেমেৰা৷ গুৱাহাটীৰ দুটাকৈ গুৰুত্বপূর্ণ ষ্টেচনত থকা চিচি কেমেৰাৰ ফুটেজ কি কাৰণে তিনিদিনৰ বাবেহে সংৰক্ষিত হৈ থাকে সেয়াও ৰহস্যজনক৷ বিভাগীয় বিষয়াই ছফ্টৱেৰ আপগ্রেডেচনৰ বাবে চিচি টিভিৰ কেমেৰাত তিনিদিনৰ বাবেহে ফুটেজ সংৰক্ষণ হৈ থাকে বুলি কৈ দায়িত্ব সামৰিব বিচাৰিছে৷ কিন্তু এন এফ ৰে’লৱে কর্তৃপক্ষই ইয়াৰ তদন্ত কৰিলেই সকলো ৰহস্য পোহৰলৈ আহিব৷ প্রাপ্ত তথ্য অনুসৰি গুৱাহাটী আৰু কামাখ্যা ষ্টেচনত চিচি টিভি কেমেৰা সংস্থাপনৰ দায়িত্বত আছে দিল্লীৰ ছ’লাৰ এণ্টাৰপ্রাইজ নামৰ এটা প্রতিষ্ঠান৷

You might also like