গুৱাহাটীৰ পানীখাইতী আৰক্ষী চকীত ভয়ংকৰ ভূমিস্খলন
নিয়মীয়া বাৰ্তা ডিজিটেল, ৩১ মে’ :
গুৱাহাটীৰ পানীখাইতীত ভয়ংকৰ ভূমিস্খলন।
পানীখাইতী আৰক্ষী চকীত সংঘটিত হৈছে এই ভূমিস্খলন।
কথমপি প্ৰাণৰক্ষা কেইবাজনো আৰক্ষীৰ জোৱানৰ।
পাহাৰৰ পৰা খহি পৰা বৃহৎ মাটিয়ে দুখনকৈ পকী দেৱাল ভাঙি পেলায়।
আৰক্ষী চকীটোৰ বিস্তাৰ ক্ষতি সাধন হৈছে।
নেৰানেপেৰা বৰষুণৰ ফলত এই ভূমিস্খলন সংঘটিত হৈছে।
আৰক্ষী চকীটোৰ আৰক্ষীসকলৰ মাজত হাহাকাৰ পৰিস্থিতি।