হাঁহ খাই থকা অৱস্থাত উত্তৰ গুৱাহাটীত অজগৰ উদ্ধাৰ
নিয়মীয়া বাৰ্তা ৭ মেঃ তৃতীয় পৰ্য্যায়ৰ লকডাউন চলি থকাৰ সময়তে হাহঁৰ গৰালত হাঁহ খাই থাকোতে ৫ মে’ৰ সন্ধিয়া উত্তৰ গুৱাহাটী মধুপুৰত এডাল প্ৰকাণ্ড অজগৰ উদ্ধাৰ কৰা হয়। ঘটনা অনুসৰি উত্তৰ গুৱাহাটী মধুপুৰৰ দয়া (নাথু) শইকীয়াৰ ঘৰত হাঁহৰ গৰালৰ পৰা প্ৰায় সপ্তাহত ১০ তাৰো অধিক হাঁহ খোৱাৰ পিছত যোৱা ৫ মে’ৰ সন্ধিয়া হাঁহ খাই থকা অৱস্থাত
প্ৰায় ৮ ফুট দৈৰ্য্যৰ দীঘল এডাল অজগৰ দয়া (নাথু) শইকীয়াই প্ৰত্যক্ষ কৰাত স্থানীয় ব্যক্তি দুৰ্গেশ্বৰ শইকীয়া (কলিয়া)আৰু সুমধৰ ডেকাৰ (পমপম) সহযোগত অজগৰ সাপডাল উদ্ধাৰ কৰে। পিছত চিলা আঞ্চলিক বন বিভাগক খবৰ দিয়াত বন বিভাগৰ কৰ্মচাৰী উদ্ধাৰ স্থলীত উপস্থিত হৈ অজগৰ ডাল চমজি লয় বুলি জানিব পৰা গৈছে।