গুৱাহাটীত বন্যপ্রাণী–সামুদ্রিক জীৱৰ বৃহৎ পৰিমাণৰ অংগ উদ্ধাৰ
বন্যপ্রাণী অপৰাধ নিয়ন্ত্রণ ব্যুৰ’ৰ অভিযান
নিয়মীয়া বাৰ্তা ৩ ডিচেম্বৰঃ গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন প্রান্তত চলিছে বিলুপ্তপ্রায় বনৰীয়া আৰু সাগৰীয় প্রাণীৰ অংগ–প্রত্যংগৰ সামগ্রীৰ চোৰাং বেহা৷ আৰক্ষী–প্রশাসনক মেনেজ কৰি বহিঃৰাজ্যৰ চোৰাং ব্যৱসায়ী চক্রই বিলুপ্তপ্রায় বনৰীয়া তথা সাগৰীয় প্রাণীৰ হাড়, ছাল আৰু অংগ–প্রত্যংগ মুকলিভাৱে বিক্রী কৰি আহিছে৷ বন্যপ্রাণী অপৰাধ নিয়ন্ত্রণ ব্যুৰ’ এটা দলে আজি গুৱাহাটী মহানগৰীত চলোৱা এক অভিযানত এই চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে৷ বন বিষয়া পংকজ বৰা আৰু বিদ্যুৎ দাসৰ নেতৃত্বত বন্যপ্রাণী অপৰাধ নিয়ন্ত্রণ ব্যুৰ’ৰ অভিযানকাৰী দলটোৱে গণেশগুৰি আৰু কামাখ্যাৰ পৰা বৃহৎ পৰিমাণৰ বনৰীয়া তথা সাগৰীয় প্রাণীৰ অংগ–প্রত্যংগ জব্দ কৰে৷ তদুপৰি বন্যপ্রাণী অপৰাধ নিয়ন্ত্রণ ব্যুৰ’ৰ অভিযানকাৰী দলটোৱে তিনিজন চোৰাং ব্যৱসায়ীক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ ধৃত চোৰাং ব্যৱসায়ীকেইজন হ’ল ক্রমে নিউ গুৱাহাটী ৰে’লৱে কলনীৰ ৰাহুল চৌধুৰী (২৫), কামাখ্যাৰ সন্তোষ গুপ্তা (৪১) আৰু জিতেন্দ্র শ্বাহ (৩০)৷ বন্যপ্রাণী অপৰাধ নিয়ন্ত্রণ ব্যুৰ’ৰ এক সূত্রই জনোৱা মতে গণেশগুৰিৰ বি কে টাৱাৰৰ তলৰ বজাৰত ৰাহুল চৌধুৰী নামৰ ব্যৱসায়ীজনে পূজাৰ সামগ্রী বিক্রী কৰাৰ ছলেৰে বনৰীয়া আৰু সাগৰীয় প্রাণীৰ অংগ–প্রত্যংগৰ চোৰাং বেহা চলাই আছিল৷ গোপন সূত্রৰ ভিত্তিত এই খবৰ পোৱাত আজি বন্যপ্রাণী অপৰাধ নিয়ন্ত্রণ ব্যুৰ’ৰ দলটোৱে গণেশগুৰিস্থিত ৰাহুলৰ দোকানত অতর্কিতে অভিযান চলায়৷ অভিযানকালত দোকানখনৰ পৰা প্রায় ৬০০ টুকুৰা ইন্দ্রজালৰ উপৰি বহু আপত্তিজনক সামগ্রীসহ ব্যৱসায়ী ৰাহুলক গ্রেপ্তাৰ কৰে৷ পৰৱর্তী সময়ত ৰাহুলক সোধা–পোছা কৰি কামাখ্যাৰ জিতেন্দ্র শ্বাহ নামৰ চোৰাং ব্যৱসায়ীজনৰ গুদামত অভিযান চলাই প্রায় ৪৩টা গুঁইসাপৰ লিংগ (সাতজোৰা), কস্তুৰী ১০টা, কেটেলা পহুৰ কাঁইট প্রায় দুই কিলোগ্রাম, বহু পৰিমাণৰ সাগৰীয় শংখ আৰু ৩৪ কিলোগ্রাম ইন্দ্রজালৰ লগতে নগদ ৫০ হাজাৰ টকা জব্দ কৰে৷ এই চোৰাং ব্যৱসায়ৰ সৈতে জড়িত থকাৰ অভিযোগত বন বিভাগৰ দলটোৱে সন্তোষ গুপ্তা নামৰ আন এজন লোককো গ্রেপ্তাৰ কৰি সোধা–পোছা অব্যাহত ৰাখিছে৷ বন্যপ্রাণী অপৰাধ নিয়ন্ত্রণ ব্যুৰ’ৰ জেৰাত চোৰাং সামগ্রীসমূহ বিভিন্ন সময়ত কামাখ্যা মন্দিৰলৈ আগমন ঘটা বাবাসকলে লৈ অহা বুলি চোৰাং ব্যৱসায়ীকেইজনে স্বীকাৰোক্তি দিছে৷ কিন্তু বন বিভাগৰ নিষেধাজ্ঞা থকাৰ পিছতো কামাখ্যাত কিদৰে বনৰীয়া–সাগৰীয় প্রাণীৰ অংগ–প্রত্যংগৰ চোৰাং বেহা চলি আছে, এই লৈ বিভিন্ন প্রশ্ণ উত্থাপিত হৈছে৷ উল্লেখ্য যে পূর্বেও গুৱাহাটী মহানগৰীৰ খানাপাৰা–গড়চুক আৰু জালুকবাৰীৰ পৰা বৃহৎ পৰিমাণৰ বন্যপ্রাণীৰ ছাল, হাড় আৰু আন অংগ জব্দ কৰিছিল৷ অৱশ্যে তদন্তৰ পিছত এই সন্দর্ভত আৰু অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে৷