নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জার্মানীৰ কিয়ৰভেক কোম্পানী লাগে ট্রাম্পক

ক’ৰোনাৰ প্রতিষেধকৰ কাম কৰা সংস্থাক কেন্দ্র কৰি বার্লিনৰে মতানৈক্য

নিয়মীয়া বাৰ্তা, ১৭ মার্চঃ বিশ্বজুৰি ক’ৰোনা ভাইৰাছে সংহাৰী ৰূপ ধাৰণ কৰাৰ সময়তে এই ভাইৰাছবিধৰ প্রতিষেধকৰ কাম কৰি থকা জার্মান কোম্পানী এটা ক্রয় কৰিবলৈ মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে প্রচেষ্টা চলোৱাৰ লগে লগে ইউৰোপীয় দেশখনত ক্ষোভৰ উদ্গীৰণ ঘটিছে ৷ বৃহৎ পৰিমাণৰ ধনেৰে ক’ৰোনা ভাইৰাছৰ প্রতিষেধকৰ কাম কৰি থকা জার্মান চিকিৎসা কোম্পানীটো ক্রয় কৰিবলৈ ট্রাম্পে প্রচেষ্টা চলোৱা বুলি সংবাদ প্রকাশ পোৱাৰ লগে লগে জার্মানীৰ কেইবাগৰাকীও মন্ত্রীয়ে ক্ষোভ উজাৰিছে৷ দেশখনৰ বিত্তমন্ত্রী পীটাৰ আল্টমায়াৰৰ বক্তব্যৰ উদ্ধৃতি দি গার্জিয়ান সংবাদ পত্রই সদৰী কৰিছে যে জার্মানী বিক্রীৰ বাবে নহয় ৷ এখন জার্মান সংবাদ পত্রৰ প্রতিবেদন অনুসৰি টুবিনজেনস্থিত বায়’ফার্মাচিউটিকেল কোম্পানী কিয়ৰভেক ক্রয়ৰ বাবে ট্রাম্পে ১০০ কোটি মার্কিন ডলাৰ ধন আগবঢ়াইছে ৷ জার্মান সংসদত স্বাস্থ্য কমিটীৰ সদস্য হিচাপে থকা কনজাৰভেটিভ সাংসদ এগৰাকীয়ে উল্লেখ কৰিছে যে এতিয়া আন্তর্জাতিক বিপর্যয় চলি আছে, ট্রাম্পে নিজৰ দেশৰ স্বার্থৰ কথা ভাবিলেই নহ’ব৷ এই বিপর্যয়ৰ সময়ত আন্তর্জাতিক সহযোগিতাৰহে প্রয়োজন বুলিও সাংসদগৰাকীয়ে উল্লেখ কৰিছে৷ অৱশ্যে মার্কিন ৰাষ্ট্রপতি ট্রাম্পে জার্মান নেতাসকলৰ বিষোদগাৰ সন্দর্ভত কোনোধৰণৰ প্রতিক্রিয়া প্রকাশ কৰা নাই৷ কিয়ৰভেক কোম্পানীৰ প্রতিষেধক কেৱল আমেৰিকাৰ বাবে নিশ্চিত কৰিবলৈ ট্রাম্পে প্রচেষ্টা চলাই আছে৷ জার্মান স্বাস্থ্যমন্ত্রী জেনছ স্পানে উল্লেখ কৰিছে যে কিয়ৰভেকৰ নিয়ন্ত্রণ আমেৰিকাৰ হাতলৈ কেতিয়াও বার্লিন প্রশাসনে যাবলৈ নিদিয়ে৷ ট্রাম্পে যিমানেই প্রচেষ্টা নচলাওক কিয়, জার্মানীয়ে এই দুর্যোগৰ সময়ত প্রতিষেধক প্রস্তুত কোম্পানীটো যিকোনো প্রকাৰে নিজৰ নিয়ন্ত্রণতেই ৰখাৰ সংকল্প লৈছে ৷

You might also like