নিয়মীয়া বাৰ্তা, ১৭ মার্চঃ অন্ধ্রপ্রদেশৰ স্থানীয় নির্বাচন পিছুৱাই দিয়াৰ ৰাজ্যিক নির্বাচন আয়ুক্তই একপক্ষীয় সিদ্ধান্ত লোৱা বিষয়টোত তীব্র ক্ষোভ প্রকাশ কৰিছে মুখ্যমন্ত্রী জগনমোহন ৰেড্ডীয়ে ৷ নির্বাচন আয়ুক্তগৰাকীয়ে পঞ্চায়ত আৰু পৌৰ নির্বাচন ক’ৰোনা ভাইৰাছৰ বিস্তাৰৰ বাবে পিছুৱাই দিয়াৰ সিদ্ধান্ত লোৱা বিষয়টোক গৰিহণা দি মুখ্যমন্ত্রীগৰাকীয়ে ৰাজ্যপাল বিশ্বভূষণ হৰিচন্দনলৈ প্রেৰণ কৰা এক পত্রত উল্লেখ কৰিছে যে নির্বাচন আয়ুক্ত ৰমেশ কুমাৰে এই সন্দর্ভত ৰাজ্যখনৰ মুখ্য সচিবৰ সৈতে কোনোধৰণৰ আলোচনা কৰা নাই ৷ নাইবা ৰাজ্যখনৰ স্বাস্থ্য সচিবৰ সৈতেও বিষয়টোক লৈ কোনোধৰণৰ আলোচনা কৰা হোৱা নাই ৷ ৰাজ্যখনত ক’ৰোনা ভাইৰাছৰ কোনোধৰণৰ ভাবুকি নাই বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে অন্ধ্রপ্রদেশত মাত্র এগৰাকী লোকহে ক’ৰোনাৰ দ্বাৰা আক্রান্ত হৈছে ৷ নির্বাচন আয়ুক্তগৰাকীক পূর্বে তেলুগু দেশম পার্টীৰ মুৰব্বী এন চন্দ্রবাবু নাইডুৱে নিযুক্তি দিছিল বাবেই নাইডুৰ পক্ষত নীতিহীনভাৱে আয়ুক্তগৰাকীয়ে কাম কৰি থকা বুলিও অভিযোগ কৰিছে ৰেড্ডীয়ে ৷
Prev Post
Next Post
You might also like