নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অ’কলাহ’মাত ট্রাম্পৰ সেৰেঙা নির্বাচনী সমাৱেশ

নিয়মীয়া বাৰ্তা, ২২ জুন: ক’ৰোনা ভাইৰাছৰ লকডাউন শিথিল হোৱাৰ পাছত প্রথমবাৰলৈ আমেৰিকাৰ ৰাষ্ট্রপতি নির্বাচনৰ আনুষ্ঠানিক প্রচাৰ দেওবাৰে আৰম্ভ কৰিছে ড’নাল্ড ট্রাম্পে৷

অ’কলাহ’মাৰ তুলছাত ট্রাম্পৰ এই প্রথমটো সমাৱেশত অংশগ্রহণৰ বাবে যোৱা সপ্তাহত প্রায় এক নিযুত লোকে প্রৱেশ–পত্র বিচাৰি অনুৰোধ কৰিছিল যদিও ১৯ হাজাৰ আসনযুক্ত অ’কলাহ’মা চেণ্টাৰত আজি বহু আসন খালী হৈ থকা দেখা গ’ল৷ লক্ষণীয়ভাৱে ট্রাম্পৰ ভাষণ শুনিবলৈ নাহিল পূর্বতে ইচ্ছা প্রকাশ কৰা বহু নাগৰিকে৷ ৰিপাব্লিকানৰ হূদপিণ্ডস্বৰূপ অ’কলাহ’মাত ট্রাম্পে বিভিন্ন বিষয় সামৰি প্রায় দুঘণ্টা সময় ভাষণ দিয়ে যদিও ইয়াত গৰিষ্ঠসংখ্যকৰ সমর্থন দেখিবলৈ পোৱা নগ’ল৷

লক্ষণীয়ভাৱে ক’ভিড–১৯ৰ পৰীক্ষা চলাই থকা বাবে আমেৰিকাত ৰোগীৰ সংখ্যা বৃদ্ধি পোৱা বুলি ৰগৰ কৰি ট্রাম্পে সংখ্যা কমাবলৈ হ’লে পৰীক্ষাৰ গতি লেহেমীয়া কৰিব লাগিব বুলি উল্লেখ কৰে৷

You might also like