‘অ’বামাকেয়াৰ’ বিলুপ্তিৰ প্রচেষ্টা ড’নাল্ড ট্রাম্প প্রশাসনৰ
নিয়মীয়া বাৰ্তা, ২৭ জুনঃ মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে দেশখনৰ প্রাক্তন শীর্ষনেতা অ’বামাই গ্রহণ কৰা সকলো কল্যাণকামী আঁচনিৰ বিলুপ্তি ঘটাবলৈ প্রচেষ্টা চলাইছে৷ শেহতীয়াকৈ ট্রাম্প প্রশাসনে দেশখনৰ শীর্ষ আদালতক আহ্বান জনাইছে যে ‘অ’বামাকেয়াৰ’ অপ্রযোজ্য কৰিব লাগে৷ প্রাক্তন ৰাষ্ট্রপতি অ’বামাই এই আঁচনিৰ অধীনত কেইবা নিযুতো আমেৰিকান নাগৰিকক স্বাস্থ্য বীমাৰ সুযোগ দিছিল৷ উল্লেখনীয় যে পূর্বৰ ৰিপাব্লিকান নেতৃত্বাধীন কংগ্রেছে এই কল্যাণকামী আইনৰ বিভিন্ন অংশৰ সংশোধনী ঘটাইছিল বুলি যুক্তি দর্শাইছে চৰকাৰী অধিবক্তাসকলে৷ ইফালে ট্রাম্প প্রশাসনৰ এনে কার্যৰ বিৰোধিতা কৰিছে ডেম’ক্রেটিক নেতাসকলে৷ আগন্তুক নৱেম্বৰত হ’বলগীয়া ৰাষ্ট্রপতি নির্বাচনৰ ডেম’ক্রেটিক প্রার্থী জ’ বিডেনে উল্লেখ কৰিছে যে ইতিমধ্যে ৰাষ্ট্রপতি ট্রাম্পে কেইবানিযুত আমেৰিকান নাগৰিকৰ জীৱন সংকটৰ মাজলৈ ঠেলি দিছে৷ ক’ৰোনা ভাইৰাছ মহামাৰীৰ সময়ত ট্রাম্পে দেশখনৰ নাগৰিকসকলৰ জীৱনৰ নিৰাপত্তাৰ বিষয়টোক গুৰুত্ব প্রদান কৰা নাই বুলিও অভিযোগ কৰিছে বিডেনে৷ বিডেনৰ মতে, অ’বামাকেয়াৰ আইন উঠি গ’লে ২০ নিযুত আমেৰিকানে হেৰুৱাব স্বাস্থ্য বীমাৰ সুযোগ৷