অবিশ্বাস্যঃ জাপানৰ এটা ৰঙা আঙুৰৰ দাম ৩৪ হাজাৰ টকা
নিয়মীয়া বাৰ্তা, ৩ মার্চঃ এটা আঙুৰৰ দাম কিম্বা এথোপা আঙুৰৰ দাম কিমান হ’ব পাৰে ৷ অতি সু–স্বাদু ৰঙা আঙুৰৰ দাম বজাৰত কিমান হ’ব পাৰে৷ সেই কথাৰ অনুমান সাধাৰণ জনতাৰ মনত হয়তো হ’ব ৫০০–১০০০ টকা ৷ কিন্তু জাপানত এনে ৰঙা আঙুৰৰ দাম শুনিলে বিশ্বাস কৰিবলৈ টান লাগে৷ জাপানত এই ৰঙা আঙুৰৰ দাম এথোপাত ৭.৫৩ লাখ টকা৷ এই থোপাটোৰ ওজন মাত্র ২০ গ্রাম৷ গোট হিচাপত আছে মাথোঁ ২৪টা৷ অর্থাৎ ২৪টা আঙুৰৰ দাম ৭.৫৩ লাখ টকা৷ প্রতিটোৰ মূল্য প্রায় ৩৪ হাজাৰ টকা৷ জাপানত বিলাসী ফল হিচাপে চর্চিত এই ৰঙা আঙুৰ অতি দুষ্প্রাপ্য৷ ১২ বছৰ পূর্বে জাপানে ৰোমান প্রজাতিৰ আঙুৰৰ বিকাশ ঘটাই ৰুবী ৰোমান আঙুৰ প্রজাতিৰ গঢ় দিছিল৷ ইচিকাৱা প্রদেশত বিকাশ ঘটোৱা ৰঙা আঙুৰ নিলাম যোগে বিক্রী কৰা হয় ৷